দেশৰ প্ৰথম মহিলা ট্ৰাকচালক য়োগিতা ৰঘুৱংশী

দেশৰ প্ৰথম মহিলা ট্ৰাকচালক য়োগিতা ৰঘুৱংশী

Friday July 29, 2016,

2 min Read

পালাক্কাড় চহৰৰ ব্যস্ত ইংলিছ চাৰ্চ ৰ'ডেৰে সোমাই অহা এখন ১৪ চকীয়া এখন ট্ৰাকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে । ৩০ টন এজনৰ সামগ্ৰী বোজাই অনা ট্ৰাকখনে ভূপালৰপৰা কেৰেলাৰ ৰাজ্যিক সুৰা নিগমৰ গুদামলৈ কঢ়িয়াই আনিছিল বিপুল পৰিমাণৰ সুৰা । ট্ৰাকখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণ আছিল এই ট্ৰাকখন চলাই আহিছিল এগৰাকী চল্লিশোৰ্ধৰ নাৰীয়ে । তেওঁৰ নাম য়োগিতা ৰঘুৱংশী । হয়তো দেশৰ ভিতৰতেই আটাইতকৈ বেছি শিক্ষিত ট্ৰাকচালক তেওঁ । 

Image: Southern Cargo Packers and Movers

Image: Southern Cargo Packers and Movers


য়োগিতা গতানুগতিক ট্ৰাক চালকসকলৰ দৰে নহয় । তেওঁ আইনৰ ডিগ্ৰীধাৰী । কিন্তু আইনক পেছা হিচাপে গ্ৰহণ কৰাতকৈ ঘাইপথৰ জীৱনেই বাচি লৈছিল তেওঁ । উকীল হৈ আৰম্ভণীৰ সময়ছোৱাত তেওঁ যি আয় কৰিলেহেতেন তাতকৈ ট্ৰাক চলাই নিজৰ পৰিয়াল পোহপাল দিয়াটোকে শ্ৰেয় বুলি বিবেচনা কৰিলে য়োগিতাই । ২০০০ চনৰপৰা ভাৰতৰ ইমূৰৰপৰা সিমূৰলৈ ট্ৰাক চলাই ঘুৰি ফুৰিছে তেওঁ । 

"মই কোনো ধৰণৰ ধাৰণা বা পৰম্পৰা ভঙ্গ কৰিবলৈ এই কাম কৰা নাই । মই ট্ৰাক চলাবলৈ আৰম্ভ কৰিছিলো মোৰ পৰিস্থিতিলৈ চাই । গতিকে মোক আন এখন জগতৰ প্ৰাণীৰ দৰে নাচাব ।" য়োগিতাই কয় । অৱশ্যে এই কাম তেওঁৰ বাবে সহজ নাছিল । লোলুপ চাৱনি, অশ্লীল মন্তব্য অথবা অভদ্ৰ ব্যৱহাৰ - এই সকলোবোৰ সহ্য কৰিবলগীয়া হৈছিল । কিন্তু এই সকলোবোৰৰ সৈতে যুঁজ দিবপৰা হৈ গৈছিল অতি কম দিনৰ ভিতৰতে । পুৰুষ ট্ৰাক চালকৰ পৃথিৱীখনৰ একমাত্ৰ মহিলা হিচাপে তেওঁ হাৰ মনা নাছিল । 

তেওঁৰ কামটো কিছু বিপজ্জনক হ'লেও তেওঁ তাত গুৰুত্ব নিদিয়ে । "তুলনামূলকভাৱে দক্ষিণ ভাৰতৰ ৰাস্তা উত্তৰ ভাৰততকৈ মহিলাৰ বাবে নিৰাপদ ।" তেওঁ কয় । এই কামটো কৰিয়েই তেওঁ য়াছিকা আৰু য়াশ্বিন নামৰ নিজৰ দুটি সন্তানক পোহপাল দি আছে । 

মহাৰাষ্ট্ৰৰ নান্দৰৱাৰত ডাঙৰ দীঘল হোৱা য়োগিতাই বাণিজ্য আৰু আইনৰ ডিগ্ৰী লৈছিল । ট্ৰাক চালকৰ জীৱনৰ আঁৰত আছিল তেওঁৰ অসুখী বৈবাহিক জীৱন । ১৯৯১ চনত তেওঁৰ বিয়া হৈছিল ভূপালৰ এজন লোকৰ সৈতে যি নিজকে এজন উকীল বুলি পৰিচয় দিছিল । কিন্তু প্ৰকৃততে সেয়া সত্য নাছিল । 

এইদৰে কিছুবছৰ চলাৰ পাছত এদিন দুৰ্ঘটনাত মৃত্যু ঘটিছিল য়োগিতাৰ স্বামীৰ । এই ঘটনাৰ পিছতে য়েগিতাই ট্ৰাক চলাই জীৱিকা নিৰ্বাহৰ সিদ্ধান্ত লৈছিল । "যদি মই কনিষ্ঠ অধিবক্তা হিচাপে কাম আৰম্ভ কৰিলোহেতেন তেনেহলে সেইকেইটা টকাৰে মই চলিব নোৱাৰিলোহেতেন ।" য়োগিতাই কয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বানপীড়িতৰ বাবে বিশেষ হেল্পলাইন অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ

বিদেশী ভাষা শিকাটো কেৰিয়াৰৰ বাবে কিয় লাভজনক

ঋতুকালীন সংকোচ নিৰসন কৰিবলৈ ইকো ডেভৰ ‘সম্পূৰ্ণা’

বনৌষধি সংৰক্ষণেৰে কেইবা হাজাৰ মহিলাক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে কুন্তী বৰাই