বনৌষধি সংৰক্ষণেৰে কেইবা হাজাৰ মহিলাক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে কুন্তী বৰাই

2

প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত চহকী হোৱাৰ লগতে অসমত বিভিন্ন বনৌষধিৰ পয়োভৰ দেখা যায়। কিন্তু অজ্ঞতাৰ বাবে বা সংৰক্ষণৰ অভাৱত বনৌষধি সমূহ আমাৰ মাজৰ পৰা হেৰাই গৈছে। এই বনৌষধি সমূহ সংৰক্ষণৰ ক্ষেত্ৰত আদৰণীয় পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বনৌষধি সামগ্ৰীৰে হাজাৰৰো অধিক মহিলাক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে এগৰাকী উদ্যোগী মহিলাই।

বনৌষধিক লৈ গীত ৰচনা কৰাৰ উপৰি আই নাম, বিয়া নাম আদিৰে ভিতৰুৱা অঞ্চলৰ মহিলা সকলক স্বাস্থ্যৰ প্ৰতি সজাগ কৰাৰ লগতে বনৌষধিৰ উপকাৰিতাৰ বিষয়ে সজাগ কৰি আহিছে নগাঁও পুৰণিগুদামৰ কুন্তী বৰাই। পুৰণিগুদামৰ মূল ৰাস্তাৰ কাষত ‘কল্যাণী’ নামৰ অনুষ্ঠানৰ জন্ম দি তাত গঢ়ি তোলা বনৌষধিৰ বাগিচা আৰু প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিবলৈ দেশ-বিদেশৰ পৰ্যটক আৰু গৱেষণাৰ বাবে হাইদৰাবাদ, বাঙ্গালুৰু আদি বিশ্ববিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীৰ দল আহে।


সপোনৰ বীজ

‘১৯৯৪ চনত মই আই.ছি.ডি.এছ. বিভাগৰ চাকৰিত যোগদান কৰোঁ। বিভিন্ন ভিতৰুৱা অঞ্চল ঘূৰিছোঁ। আই.ছি.ডি.এছ. আঁচনি খনৰ মতে শিশু আৰু মাতৃৰ সৰ্বাঙ্গীন বিকাশ সাধনত মাতৃৰ অৰিহণা বহুত। মাতৃ গৰাকী স্বাস্থ্য সচেতন নহ'লে আমাৰ নৱ প্ৰজন্মৰ স্বাস্থ্যৰ অৱনতি ঘটিব। কিন্তু মহিলা সকলক কেনেদৰে স্বাস্থ্য সচেতন কৰি তুলিব পাৰি? সৰুতে যেতিয়া আমাৰ কাঁহ হৈছিল তেতিয়া আইতা বা মায়ে তুলসীৰ পাত মোহাৰি তাৰ ৰস খুৱাই দিছিল।  তেনেকৈ আমি আৰোগ্য হৈছিলো আৰু তুলসীৰ প্ৰতি বিশ্বাস জন্মিছিল। কিন্তু আজিৰ প্ৰজন্মই তুলসী জোপা চিনি পায় কেৱল কাতি বিহুৰ দিনাখন। তেতিয়া আইতাহঁতৰ পৰা শুনিছিলো যে তুলসীয়ে পানী পৰিস্কাৰ কৰে আৰু পানীত থকা বীজাণু নাশ কৰে।‘

'ঠিক তেনেকৈ সৰুতে খেলা-ধূলা কৰোঁতে পৰি তেজ ওলাওঁতে আইতাহঁতে বিশল্যকৰণী বা দুবৰি বন পিহি লগাই দিছিল। তিতা কিয় খাব লাগে, নিম পাতেৰে কিয় গা ধূব লাগে আদি কথাবোৰ ঘৰুৱা পৰিবেশত শিকিছিলোঁ। এই আঁচনি খনত যোগদান কৰাৰ পিছত এই কথাখিনিয়ে মোক যথেষ্ট সহায় কৰিছিল। গ্ৰাম্য অঞ্চল পৰিদৰ্শন কৰোঁতে লৰা-ছোৱালীৰ জ্বৰ, কাহ, পেলু, খজুঁৱতি আদি ৰোগবোৰ দেখা পাইছিলোঁ।'

নগাঁৱৰ ভিতৰুৱা বৰবাৰী হাতীখুলি এলেকাত তেওঁ চাকৰি কৰিছিল, য’ত বিদ্যুতৰ সুবিধা এতিয়াহে হৈছে। সংযোগ মাধ্যম নাই। বাট-পথ বেয়া। কিন্তু কুন্তী বৰাই সেই অঞ্চলৰ মহিলা সকলক লৈ কিবা এটা কৰাৰ কথা চিন্তা কৰিছিল। এই ক্ষেত্ৰত তেওঁক সহায় কৰিছিল অংগনবাড়ী কৰ্মী, সহায়িকাই। গাঁৱৰ মহিলা সকলক একগোট কৰি কৌশলেৰে আই নাম, বিয়া নাম আদি গাই তেওঁলোকৰ আপোন হৈ পৰিছিল কুন্তী বৰা।


গ্ৰাম্য অঞ্চলত যথেষ্ট পৰিমাণে শিলিখা, ভোমোৰা, আমলখি, তিতাঁফুল, বেল, তেতেলী আদি ফল-মূল আছে। সৰুতেই আইতাক বা মাহঁকতে বগৰী গুড়ি, মানিমুনি গুড়ি আদি ভৰাই থোৱা, তিতা কেৰেলা শুকুৱাই থোৱা, কোমোৰা শুকুৱাই থোৱা আদি তেওঁ ঘৰতে দেখিছিল। মহিলা সকলক বনৌষধি আৰু ফল-মূল কেনেদৰে সংৰক্ষণ কৰিব পাৰি বা ইয়াৰ উপকাৰিতাৰ বিষয়ে প্ৰশিক্ষণ দি প্ৰত্যেকৰ ঘৰে ঘৰে এইবোৰ সংগ্ৰহ কৰা কাম আৰম্ভ কৰিছিল কুন্তী বৰাই।

দুমাহৰ পিছত যেতিয়া সামগ্ৰী খিনি বিক্ৰী কৰাৰ কথা আহিল, ক’ত বিক্ৰী কৰিব সেই কথা চিন্তা কৰি তেওঁলোক সমস্যাত পৰিছিল। কিছুমান মানুহে হাহিঁছিল যে এইবোৰ বস্তু কোনে কিনিব। 'আমাৰ সময়বোৰ তহঁতে নষ্ট কৰিলি' বুলি অভিযোগ কৰিছিল। ১৯৯৮ ত গুৱাহাটীলৈ ভাড়া আছিল ন টকা পঞ্চাশ পইছা। কুন্তী বৰাই ছগৰাকী মহিলাৰ সৈতে এটা বস্তাত মানিমুনি, ভেদাইলতা, শুকান বেল ইত্যাদি প্ৰায় বাৰ বিধ মান সামগ্ৰী পুৰণা বেলতলা বজাৰত বিক্ৰীৰ বাবে লৈ গৈছিল। আধা ঘন্টাত সকলো সামগ্ৰী বিক্ৰী হৈ তেওঁলোকে ৬৬২ টকা পশিচ পইচা উপাৰ্জন কৰিছিল। ‘সেয়াই আছিল প্ৰেৰণা। তেতিয়া ৬০০ টকাৰ যথেষ্ট মূল্য আছিল। তাৰ পাছত থমকি চাব লগা হোৱা নাছিল।‘


লাহে লাহে মানুহৰ মাজত সোমাবলৈ গীত ৰচনা কৰিলোঁ। প্ৰতি গৰাকী মহিলা প্ৰত্যেক গাঁৱত গৈ এটা এটা গোট খোলাৰ চেষ্টা কৰিলোঁ। তেতিয়া অসমত আত্ম সহায়ক গোট অহা নাছিল। পষ্ট অফিচত এখন পাছবুক খুলি তাত পইচা জমা কৰিছিলোঁ। লাহে লাহে ৰাতি থাকিব পৰাকৈ ঘৰ এটা বনালোঁ। কুঁৱা এটা বহুৱাই ল'লো। সকলোৱে মিলি খাল খান্দিলো। আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা গছ পুলি লগাই ললোঁ। ইতিমধ্যে তিনি বছৰ মানৰ পাছত যেতিয়া আত্ম সহায়ক গোট আহিল তেতিয়া ব্লকৰ লগত যোগাযোগ কৰিলো। গ্ৰামীণ বিকাশ বেংকৰ প্ৰশিক্ষণ ললোঁ। তাত শাক-পাচলি, পুষ্টিদায়ক খাদ্যৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিলো। ইয়াৰ দ্বাৰা আমাৰ প্ৰচাৰ বাঢ়িল।


বনৌষধি সংৰক্ষণৰ অভিযানৰ প্ৰসাৰৰ কথা চিন্তা কৰি কুন্তী বৰা বিভাগৰ লগত কথা পাতি গোলাঘাটলৈ বদলি হ’ল। তাত থকা সময়ত নেঘেৰিটিঙ, দেৰগাঁও আদি ঠাইত আত্মসহায়ক গোট আৰম্ভ কৰিলে। তাৰপাছত গহপুৰ, ককিলাগুৰি,ৰাঙাপাৰা, ঢেকীয়াজুলি, চতিয়া, বিশ্বনাথ চাৰি আলিত আদি ঠাইতো মহিলা সকলক লৈ গোট খুলিলে।

‘আৰম্ভণিতে কল্যাণী নামৰ যি আত্ম সহায়ক গোট আছল সেইটো মূল বিভাগ হিচাপে ৰাখিলো। বিভিন্ন ঠাইৰ মহিলা সকলে দিয়া সামগ্ৰী সমূহ একেঠাইত ৰখাৰ ব্যৱস্থা কৰিলো। সামগ্ৰী সমূহ বিক্ৰী কেন্দ্ৰৰ ব্যৱস্থা কৰি দিলোঁ। সেই উদ্দেশ্যত পুৰণিগুদামত মোক মাটিৰ প্ৰয়োজন হোৱাত দেউতাই এবিঘা মাটি মোৰ নামত লিখি দিলে। সেই বিঘা মাটি কল্যানীৰ নামত মই দান কৰিলো। তাতে দুহেজাৰ বৰ্গ ফুটৰ এটা ঘৰ সাজাৰ লগতে প্ৰশিক্ষণ কেন্দ্ৰৰ সুবিধা কৰিলো।‘


বনৌষধি সমূহ বিক্ৰীৰ বাবে বিভিন্ন ঠাইৰ লগতে কাজিৰঙাত বিক্ৰী কেন্দ্ৰ আছে। এশ এটা টাবত থলুৱা বনৌষধিৰ লগতে প্ৰায় দুশ আঢ়ৈশ মান জাতৰ বনৌষধিৰে কাজিৰঙাত এখন বাগিচাও পাতি দিছে কুন্তী বৰাই। নৰ্থ ইষ্ট নেটৱৰ্কে তেওঁলোকৰ সামগ্ৰী সমূহ বাহিৰলৈ পঠিয়াই। বৰ্তমান ৪২ বিধ মান সামগ্ৰী যেনে মানিমুনি গুড়ি, ভেদাইলতা গুড়ি, নৰসিংহ গুড়ি, জেতুকাৰ গুড়ি, ব্ৰাহ্মী গুড়ি, বগৰী গুড়ি, ঔটেঙা গুড়ি, শিলিখা গুড়ি, নেফাফু, শোকোতা, তুলসী আদি নিয়মীয়াকৈ বিক্ৰী কৰি আছে।

আনহাতে বৰবাৰীত নতুন প্ৰজন্মই চিনিব পৰাকৈ প্ৰায়বোৰ বনৌষধি আৰু ফল-মূলৰ গছ যেনে-পনিয়ল, লিচু, কৰজা, বেল, তেতেলী, শলিখা, ভোমোৰা, আমলখি, পনিয়ল, মধুৰী, ঔটেঙা, নেমু, অমিতা, চজিনা আদিৰ গছ ৰোপন কৰিছে কুন্তী বৰাই। পুৰণিগুদামতো ফিচাৰী এটা পাতি সকলো ধৰণৰ গছ ৰোপন কৰিছে। বনৌষদি কিয় ৰক্ষা কৰিব লাগে বা ইয়াৰ উপকাৰিতা বিষয়ত বিভিন্ন ঠাইত প্ৰশিক্ষণ দি মানুহক সজাগ কৰিছে। তেওঁৰ মতে চাফ-চিকুণতা মূল কথা। কোনো ৰাসায়নিক প্ৰয়োগ নকৰাকৈ সামগ্ৰী সমূহ মাটিৰ টেকেলী বা আইনাৰ বৈয়ামত কেনেকৈ সংৰক্ষণ কৰিব পাৰি সেই বিষয়ে প্ৰশিক্ষণত দিয়া হয়।


‘কাজিৰঙালৈ অহা পৰ্যটক সকল ইয়ালৈ আহি সামগ্ৰী লৈ যায়। ইয়াৰ মানুহ বিদেশলৈ গ’লে বনৌষধি লগত লৈ যায়। চেন্ট্ৰেল ইউনিভাৰ্ছিটি, বাঙ্গালুৰু ইউনিভাৰছিটি, দিল্লীৰ যোগগুৰু ড. ৰাম অৱতাৰ ইয়ালৈ আহি ক’লা হালধীৰ গুণাগুণৰ বিষয়ে গৱেষণা কৰি গৈছে। নিলাজী বন আদি লৈ গৈছে। কল্যাণীলৈ অহা অতিথি আৰু প্ৰশিক্ষাৰ্থী সকলক মাটিৰ চৌকা আদিত কেনেকৈ ৰান্ধিব পাৰি সেইখিনি দেখুওৱা হয়।‘


কল্যাণীৰ লগত বৰ্তমান ১৯ গৰাকী মহিলাৰ লগতে বিভিন্ন ঠাইৰ প্ৰায় এহেজাৰতকৈ অধিক মহিলা এই কামৰ জৰিয়তে স্বাৱলম্বী হৈছে। ইয়াৰোপৰি কল্যাণী গোটৰ মাহত কমেও চল্লিশ হাজাৰ টকাৰ পৰা সত্তৰ হাজাৰ টকালৈ আয় হয় বুলি কুন্তী বৰাই জানিবলৈ দিয়ে।

মহিলা সকলে নিজাকৈ সামগ্ৰী বিক্ৰী কৰাৰ উপৰি সৰহীয়া বা অতিৰিক্ত সামগ্ৰী কল্যাণী গোটৰ জৰিয়তে বিক্ৰী কৰে। বনৌষধিৰ উপৰি থলুৱা কোমল চাউল, ভজা চাউল আদি জলপান আৰু পিঠা-লাড়ু আদি তৈয়াৰ কৰি তেজপুৰ, গুৱাহাটী আদি ঠাইত বিক্ৰী কৰে মহিলা সকলে।


প্ৰথম অৱস্থাত মহিলা সকলে এনে কাম কৰা কথাটোত পুৰুষৰ সমৰ্থন নাছিল।কুন্তি বৰাই কয়- ‘আমি এনে বহু অসুবিধাৰ সন্মুখীন হৈছোঁ। আঁঠু কঢ়াই কাণত ধৰাই থোৱা মহিলাৰ ওচৰত মই নিজে গৈ থিয় দিছোঁ। আনকি মোক মাৰিব নোৱাৰি মোৰ স্কুটাৰলৈ শিলগুটী দলিয়াইছিল। কিন্তু সেইসকল মহিলাৰ স্বামীয়ে এতিয়া নিজে আহি মোক সহায় কৰে।‘

ভৱিষ্যত পৰিকল্পনা

আনৰ চকুত তেনেই সাধাৰণ যেন লগা বনৌষধি সমূহ জীয়াই ৰখা বা ইয়াৰ জৰিয়তে মহিলাক স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত এক নীৰৱ আন্দোলন কৰি গৈছে কুন্তী বৰাই। তেওঁৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে প্ৰশ্ন কৰোঁতে কৈছিল-বনৌষধিৰ এটা সংগ্ৰাহালয় কৰাৰ কথা চিন্তা কৰিছোঁ য’ত প্ৰতিবিধ বনৌষধিৰ নাম, গুণাগুণ, কেনেকৈ সেৱন কৰিব লাগে আদি কথাবোৰ ফটোসহ থাকিব। ইয়াৰোপৰি দুশ বনৌষধি সংৰক্ষণ কৰাৰ লগতে ইয়াৰ উপযোগিতাৰ বিষয়ে লিখি থৈ যাম।

পৃথিবীত কিছুমান এনে মানুহ আছে যি কেৱল নিজৰ কথা নাভাবি সমাজৰ স্বাৰ্থত জীৱন উছৰ্গা কৰে। কুন্তী বৰা তেনে এগৰাকী মহিলা। বনৌষধি সুৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ এই প্ৰচেষ্টা নিশ্চয় এদিন বিশ্বজুৰি প্ৰসাৰিত হ’ব। তেওঁৰ এই  কৰ্মই বিশ্ব দৰবাৰত স্থান লাভ কৰক। য়’ৰ ষ্ট’ৰীৰ ফালৰ পৰা থাকিল শুভকামনা।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ৰেষ্টোৰাঁৰ পাকঘৰৰ মজিয়াত শোৱা শিশুটি আজি 'ইডলী কিং' : পি.ৰাজাগোপালৰ ছাৰাৱানা ভৱন

নিজে কষ্টকৰ জীৱন কটাইও আনৰ বাবে লাখ টকাৰ বিনামূলীয়া ঔষধ গোটোৱা ৭৯ বছৰীয়া ‘মেডিচিন বাবা’

ষ্টাৰ্ট আপ বিফল হোৱাৰ দহটা মুখ্য কাৰণ

কি দৰে মহিলাসকলে মুঠ ঘৰুৱা উৎপাদন ২৪শতাংশ পৰ্যন্ত বৃদ্ধি কৰিব পাৰে?

With over 8 years experience in print and electronics I am doing freelance as a feature writer. I believe in humanity and love people. I like to do story about people. I believe learning is a never ending process.

Related Stories