বানপীড়িতৰ বাবে বিশেষ হেল্পলাইন অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ

বানপীড়িতৰ বাবে বিশেষ হেল্পলাইন অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ

Friday July 29, 2016,

2 min Read

ভয়ানক বান পৰিস্থিতিৰ গৰাহত পৰিছে অসম । ইতিমধ্যে ১৮ লাখতকৈও অধিক লোক বানত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ১৮ জনকৈ লোক মৃত্যুমূখত পৰিছে । 

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এক বিজ্ঞপ্তি যোগে জনাইছে যে বানপীড়িতৰ সহায়ৰ বাবে মুকলি কৰা হৈছে কেইটামান হেল্পলাইন । ১০৭০, ১০৭৯ এই দুটা নিঃশুল্ক নম্বৰৰ উপৰিও ০৩৬১-২২৩৭০১১ লেণ্ডলাইন নম্বৰ দিনে নিশাই সক্ৰিয় হৈ থাকিব বুলি জনাইছে প্ৰাধিকৰণে । আনহাতে বান বিধ্বস্ত অঞ্চল সমূহত দিনে নিশাই কৰ্তব্যত নিয়োগ কৰা হৈছে বিষয়া সকলক । 

ফটো- NEST ডিজিটেল নেটৱৰ্কৰ সৌজন্যত

ফটো- NEST ডিজিটেল নেটৱৰ্কৰ সৌজন্যত


যিকোনো ধৰণৰ সহায়ৰ বাবে তালিকাখনত দিয়া নিয়ন্ত্ৰণ কক্ষ বিষয়া সকলকো যোগাযোগ কৰিব পৰা যায় ।

image


আনহাতে প্ৰধিকৰণৰ অন্যান্য বিষয়া সকলকো যোগাযোগ কৰিব পৰা যায় আৰু তেওঁলোকৰ নম্বৰ সমূহ হৈছে -

ৰাজেশ দত্ত, পৰামৰ্শদাতা (9435567470); মুক্তা ৰাম ডেকা, প্ৰকল্প প্ৰৱন্ধক(9435361475); মিৰ্জা মহম্মদ ইৰশ্বাদ, প্ৰকল্প প্ৰৱন্ধক (9435041806); ৰঞ্জন বৰা, পিঅ'(8811097612); বিৰেণ বৈশ্য, জি আই এছ বিশেষজ্ঞ(9435746436); অভিজিৎ ডেকা, চিষ্টেম এক্সপাৰ্ট (9706789156); কৃপাল মজুমদাৰ, পিঅ'(9435592762); অভিজ্ঞান ৰাজখোৱা, যোগাযোগ বিশেষজ্ঞ, (9957415724); নব ডেকা, পৰামৰ্শদাতা (8876108094); সুস্মিতা দত্ত, পিঅ'(9957033967) আৰু মৃদুস্মিতা বৰা, পি অ' (9859035721) ।

শিলচৰ, যোৰহাট, চিৰাং, বৰপেটা, শেণিতপুৰ, কোকৰাঝাৰ, বঙাইগাঁৱৰ অভয়াপুৰী আৰু মাণিকপুৰ, কামৰূপ মেট্ৰ', তিনিচুকীয়াৰ শদিয়া, গোলাঘাট আৰু ধেমাজিত এ ডি আৰ এফ বাহিনী মোতায়োন কৰা হৈছে। ২৭ টা অগ্নিসেৱা কেন্দ্ৰত ডুবাৰু মোতায়েন কৰা হৈছে । 

আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে শনিবাৰে বান পৰিস্থিতিৰ বুজ ল’বলৈ অসম ভ্ৰমণ কৰিব৷ এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ হেলিকেপ্টাৰেৰে বানবিধ্বস্ত নগাঁও, মৰিগাঁও আৰু কাজিৰঙা পৰিদৰ্শন কৰিব৷ তদুপৰি, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মৰিগাঁও জিলাৰ ভগতগাঁও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বন্যাৰ্তৰ অৱস্থাৰো বুজ ল’ব৷

সন্ধিয়া দিল্লীলৈ ওভতাৰ পূৰ্বে ৰাজনাথ সিঙে গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু আন চৰকাৰী বিষয়াৰ সৈতে এক বৈঠকত মিলিত হ’ব৷

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বিদেশী ভাষা শিকাটো কেৰিয়াৰৰ বাবে কিয় লাভজনক

কিংবদন্তি ভিভ ৰিচাৰ্ডছৰ পুত্ৰৰ কেনভাছত বিৰাট কোহলী

থোৰতে অসম বাজেট ২০১৬-১৭