বিদেশী ভাষা শিকাটো কেৰিয়াৰৰ বাবে কিয় লাভজনক

বিদেশী ভাষা শিকাটো কেৰিয়াৰৰ বাবে কিয় লাভজনক

Thursday July 28, 2016,

3 min Read

কলেজীয়া দিনত হয়তো আপুনি ভাবিছিল আজৰি সময়ত শৰীৰ চৰ্চা কৰা, গাড়ী চলাবলৈ শিকা অথবা এটা বিদেশী ভাষা শিকাৰ কথা । আমাৰ বহুতৰে এনে আচনি মনতেই থাকি যায় আৰু ই কেতিয়াও বাস্তৱত পৰিণত হৈ নুঠে । 

কিন্তু এলাহ বাদ দি যিসকলে এটা বিদেশী ভাষা শিকাৰ কষ্টখিনি কৰিলে তেওঁলোকলৈ অভিনন্দন । তেওঁলোকে নিয়োগৰ বজাৰখনত নিজৰ মূল্য বহুগুণে বঢ়াই তুলিলে ।

Image : shutterstock

Image : shutterstock


আপুনি যি উদ্যোগতে কৰ্মৰত নহওক কিয়, এইখন এখন প্ৰতিযোগিতামূলক কঠোৰ পৃথিৱী । প্ৰতিদিনে সৃষ্টি হয় এদল নতুন দক্ষ কৰ্মীৰ । এওঁলোকৰ একাংশৰ ৰেজিউমিত এনেধৰণৰ দক্ষতা আছে যি হয়তো এবছৰৰ আগলৈকে কোনেও শুনাই নাছিল। এই দক্ষতাই এই কৰ্মীসকলক কৰি তোলে অদ্বিতীয় । 

অৱশ্যে এটা বিদেশী ভাষা শিকাৰ অভ্যাসটোক বহু লোকে এতিয়াও মজ্জাগত কৰিব পৰা হোৱা নাই । এই শিক্ষাই আপোনাৰ দক্ষতাক বহুগুণে বঢ়াই তুলিব পাৰে । 

অৰ্হতা

বিশ্বায়নৰ যুগত বহুভাষিক হোৱাটোৱে আপোনাক নিশ্চিতভাৱে বহুতো সহায় কৰিব । ইন্টাৰনেটত ৰেজিউমিৰ আৰ্হি বিচাৰি থাকোতে প্ৰায়ভাগ আৰ্হিতে আপুনি দেখিব ভাষাৰ কথা । জাপানী অথবা কোনো ইউৰোপীয় ভাষাৰ জ্ঞানে আপোনাৰ দাম নিশ্চিতভাৱে বঢ়াই তুলিব , বিশেষকৈ বিদেশী প্ৰতিষ্ঠান বা ক্ৰেতাৰ সৈতে লেন-দেন কৰা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত । তাতে যদি সেই প্ৰতিষ্ঠানটোৰ কৰ্মক্ষেত্ৰ এনে ঠাইত হয় য'ত ইংৰাজী সিমান জনপ্ৰিয় নহয় । এনে পৰিস্থিতিত তেওঁলোকে অান আন কামৰ লগতে মধ্যস্থতাকাৰী অথবা দোভাষীৰ কাম কৰিব পৰা দক্ষ লোকৰ সন্ধান নিশ্চয় কৰিব । 

অতিৰিক্ত কাম

মাৰ্কিন শ্ৰম বিভাগৰ মতে অহা দহ বছৰত দোভাষী আৰু মধ্যস্থতাকাৰীৰ নিয়োগ সুবিধা ৪২ শতাংশ বৃদ্ধি পাব । বহুভাষী সকলৰ সুবিধা এয়ে যে আপুনি এটা চাকৰি কৰিও দোভাষী বা মধ্যস্থতাকাৰী হিচাপে অতিৰিক্ত উপাৰ্জন কৰিব পাৰে । 

পদোন্নতি 

আপুনি যেতিয়া এটা বিদেশী ভাষাত দক্ষ হয় আৰু আপোনাক আপোনাৰ ওপৰৱালাই গুৰুত্বপূৰ্ণ সভা সমূহলৈ লৈ যায় তেতিয়া আপোনাৰ প্ৰতিষ্ঠানৰ দৃষ্টিত আপোনাৰ মূল্য বাঢ়ি যায় । এইদৰে আপোনাৰ পদোন্নতি অথবা দৰমহা বৃদ্ধিৰ সম্ভাৱনাও বহু পৰিমাণে বৃদ্ধি হয় । 

সাংস্কৃতিক জ্ঞান

এটা বিদেশী ভাষা শিকাটো সহজ নহয় । আপুনি শতিকা পুৰণি ব্যাকৰণ, কাব্য আৰু গদ্য পঢ়িবলগীয়া হয় । আপোনাৰ আগ্ৰহ বাঢ়ি যোৱাৰ লগে লগে আপোনাৰ কৌতুহলো বাঢ়ি গৈ থাকে । এইদৰেই আপুনি সেই ভাষাটো ব্যৱহাৰ কৰা লোক সকলৰ সংস্কৃতি, আচাৰ ব্যৱহাৰ আদিৰ বিষয়েও আধিক জ্ঞান আহৰণ কৰি গৈ থাকে । ইয়ে সেই লোক সকলৰ সৈতে অথবা সেই ভাষাভাষী সকল বসবাস কৰা দেশখনৰ সৈতে সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত আপোনাক অধিক দক্ষতা প্ৰদান কৰে যাৰ ফলত আপুনি আপোনাৰ প্ৰতিষ্ঠানৰ বাবে এক এৰাব নোৱাৰা সম্পদত পৰিণত হয় । 

গতিকে বিদেশী ভাষা এটা শিকক আৰু সময় অথবা ধৈৰ্যৰ অভাৱৰ কথা কৈ বহি নাথাকিব । ই আপোনাৰ কেৰিয়াৰলৈ ব্যাপক পৰিৱৰ্তন আনিব পাৰে । আপোনাৰ সুবিধা মতে দুমহীয়, তিনিমহীয়া, ছমহীয়া অথবা এবছৰীয়া যিকোনো পাঠ্যক্ৰমতে নামভৰ্তি কৰক । আপোনাৰ দক্ষতা বঢ়াওক । 

মূল- সঞ্জনা ৰায় 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

কিংবদন্তি ভিভ ৰিচাৰ্ডছৰ পুত্ৰৰ কেনভাছত বিৰাট কোহলী

‘আটাইতকৈ কুৎসিত মহিলা’ৰ চিনাকি ভেদি আনৰ বাবে আজি প্ৰেৰণাৰ উৎস লিজ্জী

৬০ টকাত ঘৰ চলোৱা এজন ব্যক্তি আজি কেইবা শ কোটি টকাৰ মালিক

থোৰতে অসম বাজেট ২০১৬-১৭