ঋতুকালীন সংকোচ নিৰসন কৰিবলৈ ইকো ডেভৰ ‘সম্পূৰ্ণা’

0

ঘন বসতিৰ মাজত এখন স্কুল। চৌপাশে ঘৰ। ৰাস্তাত প্ৰতিনিয়ত জনস্ৰোত। এই অৱস্থাত ব্যৱহাৰ হোৱা নেপকিন কেনেদৰে বাহিৰত পেলোৱা হ’ব, তাক লৈ দুশ্চিন্তাৰ শেষ নাথাকে ছাত্ৰীসকলৰ। স্কুলত এনেকুৱা পৰিস্থিতি। ঘৰতো অস্বস্তিৰ শেষ নাই। তাতো কোনোবাই দেখিব পাৰে, এনেকুৱাকৈ লাজৰ আস্তৰণে ঘেৰি ৰাখে সকলো সময়তে। এই ক্পষেত্শ্চিৰত ম বঙ্গৰ পশ্চিম মেদিনীপুৰ জিলাত গ্ৰহণ কৰা হৈছে অভিনৱ পদক্ষেপ । ৯খন বিদ্যালয়ত দুটিকৈ মেচিন স্থাপন কৰা হৈছে। ইয়াৰ এটা হৈছে ছেনিটাৰী নেপকিন ভেণ্ডিং মেচিন। এই যন্ত্ৰটোত পাঁচ টকা জমা দিলেও পোৱা যায় দুটি নেপকিন। ব্যৱহৃত নেপকিন নষ্ট কৰিবলৈ আছে ইনছিনেৰটৰ মেচিন। য’ত ব্যৱহৃত নেপকিন পেলাই দিলেই কেইমিনিটমানৰ ভিতৰতে জ্বলি ছাই হৈ যাব। ‘সম্পূৰ্ণা’ প্ৰকল্পৰ মাধ্যমেৰে আৰম্ভ হৈছে এই নিঃশব্দ বিপ্লৱৰ।


কৈশোৰত আৰম্ভ। চল্লিশৰ আশেপাশে শেষ। এই দীৰ্ঘ সময়, ইমান বছৰে মহিলাসকলৰ ঋতুস্ৰাৱৰ মুহূৰ্তবোৰ অস্বস্তিকৰ। প্ৰকৃততে দেশৰ সামাজিক পৰিস্থিতিৰ বাবে বছৰৰ পিছত বছৰ ধৰি এনেদৰে বহুতো বিষয়ত ‘আপোছ’ কৰিবলগীয়া হয়। লাজ, সংকোচ, ভীতি যেন এই সময়ছোৱাৰ সংগী হৈ থাকে।

২০১১ চনত এচি নিয়েলছেনৰ এটা সমীক্ষাত কোৱা হৈছিল যে দেশৰ প্ৰায় ৩৬ কোটি মহিলাৰ মাত্ৰ ১২ শতাংশইহে ছেনিটাৰী নেপকিন ব্যৱহাৰ কৰে। তেন্তে ৮৮ শতাংশ মহিলাই কি কৰে? এওঁলোকৰ বেছিভাগেই এতিয়াও কাপোৰ ব্যৱহাৰ কৰে। কিছুমান অন্য কিবা। সেইবোৰ ব্যৱহাৰ কৰাৰ পিছত অস্বাস্থ্যকৰ আৰু অবৈজ্ঞানিকভাৱে শুকাই পুনৰ ব্যৱহাৰ কৰা হয়। যাৰ ফলত শৰীৰটো হৈ পৰে ৰোগৰ বাহ। মাত্ৰ অজ্ঞতাই নহয়, ইয়াৰ আঁৰত আৰ্থিক সমস্যাও আছে। এনেকুৱা পৰিয়ালো আছে যাৰ বাবে মাহে নেপকিন কিনাৰ বাবে ১০০ টকা খৰচ কৰাটো একপ্ৰকাৰ বিলাসিতা। সমান্তৰালভাৱে নেপকিন পোৱাৰ সমস্যাওতো এটা ডাঙৰ বিষয়। বহুল প্ৰচাৰ হ’লেও গ্ৰামীণ ভাৰতৰ এক বৃহৎ অংশত এতিয়াও ছেনিটাৰী নেপকিন পোৱা নাযায়।


সবাতোকৈ ডাঙৰ সমস্যা স্কুলত অধ্যয়ন কৰি থকাসকলৰ বাবে। বহুত বুজালেও অস্বস্তিৰপৰা হাত সাৰিবলৈ এই সময়ছোৱাত বহুত ছাত্ৰীয়েই স্কুললৈ নাহে। মফচলত এই প্ৰৱণতা বেছি।

এই পৰিস্থিতিৰ পৰিৱৰ্তন কৰাৰ চেষ্টা কৰিছে ইকো ডেভে। পশ্চিম মেদিনীপুৰতে নীৰৱে আৰম্ভ হৈছে এই বিপ্লৱ। কলকাতাৰ কেষ্টপুৰৰ ইকো ডেভ কনছালটেন্সি নামৰ এটা বেচৰকাৰী সংস্থাই ছোৱালীবোৰৰ এই সমস্যা সমাধানৰ বাবে দীৰ্ঘদিন ধৰি গৱেষণা চলাইছিল। স্বচ্ছ ভাৰত অভিযানৰপৰা প্ৰেৰণা লাভ কৰি তেওঁলোকে এনে এটা যন্ত্ৰ নিৰ্মাণ কৰি উলিয়াইছে যি হ’ব সহজলভ্য, অতি কম দাম আৰু সহজে গ্ৰহণ কৰিব পাৰিব। এই তিনিটা বৈশিষ্ট্যৰেই নিৰ্মাণ হৈছে ছেনিটাৰী নেপকিন ভেণ্ডিং মেছিন আৰু ইনছিনেৰটৰ মেচিন। ছেনিটাৰী নেপকিন ভেণ্ডিং মেচিনটোত এটা পাঁচটকীয়া মুদ্ৰা সুমুৱাই দিলেও মেচিনটোৰপৰা ওলাই আহে দুটাকৈ ছেনিটাৰী নেপকিন। আৰু ব্যৱহৃত ছেনিটাৰী নেপকিন নষ্ট কৰি দিবলৈ আছে ইনছিনেৰটৰ মেচিন। য’ত ব্যৱহৃত নেপকিন পেলাই দিলেই কেইমিনিটমানৰ ভিতৰতে পুৰি ছাই হৈ যাব। সংস্থাটোৰ দুজনকৈ সদস্য সুতনু ঘোষ আৰু সুব্ৰত ৰাণাই কামটো আৰম্ভ কৰিছিল কেইমাহমানৰ আগেয়ে। এই প্ৰকল্পটোৰ বিষয়ে অৱগত কৰোৱা হৈছিল অনিৰ্বাণ ভট্টাচাৰ্যক। অনিৰ্বাণ ভট্টাচাৰ্য হৈছে মেদিনীপুৰৰ সাংসদ সন্ধ্যা ৰায়ৰ ব্যক্তিগত সহায়ক। সন্ধ্যা ৰায়ে এই অভিনৱ মেচিনটোৰ বিষয়ে জানিব পাৰি তেওঁৰ সাংসদ পুঁজিৰ ধনেৰে পশ্চিম মেদিনীপুৰ জিলাৰ ৯খন বিদ্যালয়ত এই ধৰণৰ মেচিন স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। গান্ধী জয়ন্তীৰ দিনা উদ্বোধন কৰা হ’ল এই ছেনিটাৰী নেপকিন ভেণ্ডিং মেচিনৰ। যাক পোচাকী নাম দিয়া হৈছে ‘সম্পূৰ্ণা’।


স্বয়ং সাংসদগৰাকীয়ে ছাত্ৰীসকলৰ হাতত ধৰি দেখুৱাই দিলে কিদৰে মেচিনটোত পাঁচটকীয়া মুদ্ৰা সুমুৱাই দিলে দুটাকৈ ছেনিটাৰী নেপকিন বাহিৰলৈ ওলাই আহে। আকৌ ব্যৱহৃত নেপকিন কেনেকৈ নষ্ট কৰি পেলাব লাগে। মেদিনীপুৰ কলেজিয়েট বালিকা বিদ্যালয় আৰু খড়গপুৰৰ অতুলমণি হাইস্কুলত এই যন্ত্ৰৰ আনুষ্ঠানিকভাৱে সুচনা কৰে সাংসদ সন্ধ্যা ৰায়ে। বিদ্যালয়ৰ টয়লেটত স্থাপন কৰা হ’ব এই মেছিনবোৰ। কেৱল মেচিন স্থাপন কৰিয়েই কাম সামৰা নাই, এই যন্ত্ৰৰ মাধ্যমেৰে ছাত্ৰীসকল কিমান উপকৃত হৈছে, কিদৰে অধিক ছাত্ৰীৰ কাষলৈ লৈ যোৱা হ’ব তাৰো নিৰন্তৰ গৱেষণা চলাইছে ইকো ডেভে। এই সংস্থাটোৱে ইতিমধ্যে কলকাতাৰ বিনোদিনী গাৰ্লছ স্কুল, শ্বেখাৱট মেমৰিয়েল স্কুলত এনে মেচিন স্থাপন কৰিছে। কলকাতাৰ আন সাতখন বিদ্যালয়ত এই সেৱা আৰম্ভ কৰিবলৈ তেওঁলোক আগবাঢ়িছে। কাপোৰৰ পৰিৱৰ্তে যাতে ছেনিটাৰী নেপকিন ব্যৱহাৰৰ অভ্যাসটো সৰুৰেপৰাই আৰম্ভ হয় সেইটো নিশ্চিত কৰিব বিচাৰে ইকো ডেভে। ৰ'টাৰী ক্লাবৰ ডিষ্ট্ৰিক্ট গভৰ্ণৰ (৩২৬১) ঝুলন বসুৰো পছন্দ হৈছে প্ৰকল্পটো। তেওঁ কলকাতা আৰু দুই ২৪ পৰগনাত ১০টা মেচিন স্থাপন কৰিছে। আৰু এনে শতাধিক মেচিন স্থাপন কৰিবলৈ আগবাঢ়িছে তেওঁলোক। পশ্চিম মেদিনীপুৰৰ দুটি চৰকাৰী হোমৰ সমান্তৰালভাৱে বহুতো বিদ্যালয়ে এই প্ৰকল্প লৈ উৎসাহী হোৱা পৰিলক্ষিত হৈছে। সমীপৱৰ্তী জিলা মেদিনীপুৰৰপৰাও প্ৰস্তাৱ আহিছে। বাহিৰৰ ৰাজ্যসমূহেও ইকো ডেভৰ এই ধৰণৰ মেচিনৰ প্ৰতি আগ্ৰহ প্ৰদৰ্শন কৰিছে।

সাংসদ সন্ধ্যা ৰায়ৰ মতে, এই সন্দৰ্ভত এতিয়াও আতংক আৰু সমস্যা সম্পূৰ্ণৰূপে শেষ হোৱা নাই। তথাপি এই প্ৰকল্পই ছোৱালীবোৰৰ সমস্যা সমাধানত বহুত সহায় কৰিব। তেওঁলোকে ৰোগৰপৰাও পৰিত্ৰাণ পাব। মেদিনীপুৰৰ এগৰাকী ছাত্ৰীয়ে ক’লে, এই সময়ত আগতে বিদ্যালয়লৈ আহিবলৈও ভয়। চাৰিওফালে ইমান মানুহ। নেপকিন পেলাই দিয়াটোও মূৰৰ কামোৰণি। ধাৰণা হৈছে সেই অস্বস্তিৰ দিন শেষ হ’ল। বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলেও কৈছে ইয়াৰ ফলত তেওঁলোকো উপকৃত হ’ব। আকৌ ইয়াৰ ফলত বিদ্যালয়ৰ পৰিৱেশো ভালে থাকিব। ‘সম্পূৰ্ণা’ৰ হাতত ধৰি ছোৱালীবোৰৰ এই সমস্যা সম্পূৰ্ণৰূপে সমাধান নহ’লেও লক্ষ্যত উপনীত হোৱাৰ কাম এনেদৰেই আৰম্ভ হৈছে।

মূল: তন্ময় মুখাৰ্জী

অনুবাদ: ৰুবুল দাস