বিত্তীয় সাহায্যৰ ক্ষেত্ৰত ড’নাৰ মন্ত্ৰালয়ৰ মধ্যস্থতা বিচাৰিলে মণিপুৰৰ পৰিদষীয় সদস্যই

বিত্তীয় সাহায্যৰ ক্ষেত্ৰত ড’নাৰ মন্ত্ৰালয়ৰ মধ্যস্থতা বিচাৰিলে মণিপুৰৰ পৰিদষীয় সদস্যই

Thursday December 29, 2016,

2 min Read

মণিপুৰৰ স্বায়ত্ত শাসিত জিলা পৰিষদৰ পাৰিষদবৰ্গই অলপতে নতুন দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ব্যক্তিগত-ৰাজহুৱা অভিযোগ, পেন্সন, আনৱিক শক্তি আৰু মহাকাশ বিভাগৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙক লগ ধৰে।

মণিপুৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ আহ্বায়ক গেন্নেই খুপ ভাইপেৰ আৰু উখৰুল স্বায়ত্ত শাসিত পৰিযদৰ অধ্যক্ষ যাৰংছু গালুঙৰ নেতৃত্বত মণিপুৰৰ পৰিষদীয় সদস্যবৰ্গৰ এটা প্ৰতিনিধি দলে মন্ত্ৰী গৰাকীক সাক্ষাৎ কৰাৰ লগতে মণিপুৰৰ পাহাৰীয়া অঞ্চলত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত সা-সুবিধা আগবঢ়োৱাৰ দাবী তোলে। তেওঁলোকে লগতে অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যাৱলী সমাধানৰ বাবে অধিক বিত্তীয় সাহায্য প্ৰদানৰ দাবী কৰে।

image


প্ৰতিনিধি দলটোৱে ড’নাৰ মন্ত্ৰীগৰাকীক সদৰি কৰে যে মণিপুৰৰ পাহাৰীয়া অঞ্চলৰ জিলা পৰিষদ আইন, ১৯৭১ৰ অনুসৰি ৪ দশকৰ আগতে মণিপুৰত স্বায়ত্ত শাসিত জিলা পৰিষদ গঠন কৰা হৈছিল, কিন্তু এইবোৰৰ সবলীকৰণৰ দিশটো অস্বীকাৰ কৰি ৰাজ্য চৰকাৰে বৰ্তমানেও নিয়ন্ত্ৰণ কৰি আছে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ব্যৱস্থা অনুসৰি জিলা পৰিষদসমূহক কেন্দ্ৰই ব্যাপক বিত্তীয় ক্ষমতা আৰু পোনপটীয়াকৈ পূঁজিৰ যোগান ধৰে। ইয়াৰ জৰিয়তে অঞ্চলটোৰ লগতে ইয়াৰ জনজাতীয় লোকসকলক উপযুক্ত ন্যায়িক আৰু বিধায়িনী ক্ষমতা প্ৰদান কৰিবলৈ সক্ষম হয়। অৱশ্যে চতুৰ্দশ বিত্ত আয়োগৰ ৯.১০৯নং ধাৰাত উল্লেখ কৰা প্ৰতিবেদন মতে ষষ্ঠ অনুসূচীৰ অধীনস্থ মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু অসম তথা মণিপুৰৰ পাহাৰীয়া জিলা, নাগালেণ্ড আৰু মিজোৰামৰ পাহাৰীয়া অঞ্চল পঞ্চায়ত আৰু পৌৰনিগমৰ মাপকাঠিৰ আওঁতাৰ বাহিৰত ৰখা হৈছে।

এক উপস্থাপনৰ জৰিয়তে মণিপুৰৰ পৰিষদীয় সদস্যসকলে ষষ্ঠ অনুসূচীৰ অধীনত মণিপুৰৰ স্বায়ত্তশাসিত অঞ্চলসমূহলৈ পূঁজি আৱণ্টনৰ কেতবোৰ দিশ উত্থাপন কৰে। এইটো লগতে কোৱা হয় যে ২০১৫-১৬ বৰ্ষত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীয়ে সামৰি লোৱা অঞ্চলৰ বাবে এককালীন সাহায্য হিচাপে ১,০০০ কোটি টকা মুকলি কৰি দিয়া হৈছিল। তদুপৰি, ২০১৬-১৭ বিত্তীয় বাজেটতো ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্তশাসিত এলেকাৰ বাবে ১,০০০ কোটি টকা অনুদান দিয়া হৈছিল আৰু সেয়েহে চতুৰ্দশ বিত্ত আয়োগৰ বাহিৰেও অঞ্চলটোৰ উন্নয়নৰ বাবে অধিক সাহায্য প্ৰদানৰ বিবেচনা কৰিবলৈ আহ্বান জনোৱা হয়।

ড০ জিতেন্দ্ৰ সিঙে প্ৰতিনিধি দলক জনায় যে এই বিষয়টো যোৱা বছৰৰ পৰা বিবেচনাধীন হৈ আছে। তেওঁ লগতে কয় যে ড’নাৰ মন্ত্ৰালয়ে বিত্ত মন্ত্ৰালয়ৰ সমান্তৰালভাৱে নিটী আয়োগ আৰু পঞ্চায়ত ৰাজ আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ দিশবোৰ মানি চলিব। 

(উৎস- পি আই বি)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মৰক্কোৰ জলবায়ু সন্মিলনত ভাৰতৰ অৱস্থান তথা দৃষ্টিভঙ্গীলৈ কেবিনেটৰ আনুষ্ঠানিক স্বীকৃতি

একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি

সাঁচতীয়া ধনেৰে কুৱাঁ খান্দি এখন গাৱঁৰ বাবে পানী যোগান ধৰা এগৰাকী ৬০ বছৰীয়া মহিলা

পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড