একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি

একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি

Thursday December 29, 2016,

2 min Read

শিলেৰে ভৰা এটা পাহাৰক একক প্ৰচেষ্টাৰে সেউজীয়া অৰণ্যলৈ পৰিণত কৰিলে এজন ব্যক্তিয়ে । এই কামৰ বাবে তেওঁ পাঁচ বছৰ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল । এই ব্যক্তিজনৰ নাম ৱাই ৰমেশ । 

Image: The Times Of India

Image: The Times Of India


৪০ বছৰীয়া ৰমেশে আইনৰ শিক্ষা বাদ দিছিল নিজৰ পৰিয়ালক পোহপাল দিবৰ বাবে উপাৰ্জন আৰম্ভ কৰিবলৈ । পাছলৈ তেওঁ নিনাৰেল ৱাটাৰৰ যোগানৰ ব্যৱসায়ত প্ৰতিষ্ঠিত হৈছিল । তেওঁৰ ব্যৱসায় আছিল শ্ৰীৰঙ্গপটনাত । স্থানীয় ভেঙ্কটৰামস্বামী মন্দিৰলৈ নিয়মিত অহা-যোৱা কৰা ৰমেশে দুখেৰে লক্ষ্য কৰিছিল যে মন্দিৰটোলৈ যাবলৈ যিখন পাহাৰ তেওঁ বগাব লাগিছিল তাত দিনে দিনে গছ-গছনি কমি গৈছিল । অৱশেষত এদিন তেওঁ সিদ্ধান্ত ল'লে নিজে কিবা এটা পদক্ষেপ লোৱাৰ ।

কিন্তু ইমান বিশাল পাহাৰখনত বনানীকৰণ কৰিবৰ কাৰণে তেওঁৰ হাতত ধন নাছিল । এদিন পেলনীয়া পানী বটল এটা দেখি তেওঁৰ মনলৈ এটা বুদ্ধি আহিল । তেওঁ যিকোনো গছৰ গুৰিত একোটা পানীৰ ডাঙৰ পাত্ৰত সৰু ফুটা একোটা কৰি পাতি থৈ আহিবলৈ ধৰিলে । এই পাত্ৰপৰা লাহে লাহে পানী নিগৰি গছবোৰৰ গুৰিত পানীৰ যোগান ধৰিছিল । লাহে লাহে এই স্থানত গছ-গছনি বাঢ়ি গৈ সেউজীয়া অৰণ্য গঢ়ি উঠিল । এই স্থানত এখন অটব্য অৰণ্য গঢ়ি তোলাৰ সপোন আছে ৰমেশৰ ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

সাঁচতীয়া ধনেৰে কুৱাঁ খান্দি এখন গাৱঁৰ বাবে পানী যোগান ধৰা এগৰাকী ৬০ বছৰীয়া মহিলা

বিয়াৰ খৰচ কমাই কৃষকৰ পৰিয়াললৈ দান দিয়া এক দম্পতি

মেৰীনা বীচত চাহ বিক্ৰী কৰোঁতেই বিশাল ব্যাৱসায়িক সাম্ৰাজ্যৰ সপোন দেখিছিল এইগৰাকী মহিলাই

পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড