সাঁচতীয়া ধনেৰে কুৱাঁ খান্দি এখন গাৱঁৰ বাবে পানী যোগান ধৰা এগৰাকী ৬০ বছৰীয়া মহিলা

সাঁচতীয়া ধনেৰে কুৱাঁ খান্দি এখন গাৱঁৰ বাবে পানী যোগান ধৰা এগৰাকী ৬০ বছৰীয়া মহিলা

Thursday December 29, 2016,

1 min Read

৬০ বছৰীয়া লক্ষ্মী পুজাৰ্থী এগৰাকী অসাধাৰণ মহিলা । কৰ্ণাটকৰ উডুপী জিলাৰ কুণ্ডাপুৰ তালুকত তেওঁ আন চাৰিগৰাকী মহিলাৰ সৈতে লগ লাগি ৫২ ফুট এটা নাদ খান্দি সমগ্ৰ গাওঁখনৰ বাবে পানীৰ যোগান ধৰিছে । আমপাৰু গাওঁ পঞ্চায়তৰ বিবেকনগৰ কলনীৰপৰা আৰম্ভ হোৱা এই প্ৰচেষ্টাৰ ফলত বহু লোক উপকৃত হৈছে । 

Image: News Dog

Image: News Dog


আমপাৰু গাৱঁত পানীৰ অভাৱে জনসাধাৰণক বাৰুকৈয়ে ভোগাইছিল । দুই তিনি কিলোমিটাৰ দুৰৰপৰা পানী আনিবলগীয়া হৈছিল । এই কুৱাঁটো খন্দাৰ পাছত এই সমস্যাৰ সমাধান হৈছে । এই কুৱাঁটো খান্দিবলৈ চাৰে তিনি বছৰ সময়ৰ প্ৰয়োজন হৈছিল । এই কামত ১ লাখ ১৮ হাজাৰ টকাৰ সা-সামগ্ৰী আৰু হাজিৰাৰ বাবে ৮২ হাজাৰ টকা খৰচ হৈছিল । লক্ষ্মীয়ে নিজৰ জমা ৪০ হাজাৰ টকা এই কামৰ বাবে দান কৰা হৈছিল ।

"মোৰ নিজৰ কোনো পৰিয়াল নাই । মই পেঞ্চন পাওঁ আৰু যদি মোৰ এই দানৰ ফলত সমাজৰ উপকাৰ হয় সেয়া কৰা উচিত।" লক্ষ্মীয়ে কয়। উল্লেখযোগ্য যে লক্ষ্মীক তেওঁৰ পিতৃ মাতৃৰ মৃত্যৰ পাছত তেওঁৰ পৰিয়লৰ লোকে পৰিত্যাগ কৰিছিল ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিয়াৰ খৰচ কমাই কৃষকৰ পৰিয়াললৈ দান দিয়া এক দম্পতি

এবছৰত ১১ লাখ গছপুলি ৰোৱা এগৰাকী মহিলা

গাৱঁৰ মহিলাক লৈ অৰ্থনৈতিক বিপ্লৱ কৰিছে এইগৰাকী মহিলাই