উত্তৰ-পূবৰ মবাইল এপ নিৰ্মাতাৰ বাবে Mobile 10X গুৱাহাটী হেকাথন ২২,২৩ অক্টোবৰত

উত্তৰ-পূবৰ মবাইল এপ নিৰ্মাতাৰ বাবে Mobile 10X গুৱাহাটী হেকাথন ২২,২৩ অক্টোবৰত

Thursday October 20, 2016,

2 min Read

উত্তৰ-পূবৰ মবাইল এপ নিৰ্মাতা সকলে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শনৰ এটা ভাল সুযোগ পাব 22-23 অক্টোবৰত । ইন্টাৰনেট এণ্ড মবাইল এছচিয়েছন অৱ ইণ্ডিয়াই আয়োজন কৰা হেক ফৰ ইণ্ডিয়াৰ দ্বিতীয় সংস্কৰণৰ অন্তৰ্গত Mobile 10X নামৰ এই প্ৰচেষ্টাৰ যোগেদি উত্তৰ-পূবৰ এপ নিৰ্মাতাসকলে নিজৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ পাব । আই এ ই এম এ আইয়ে আয়োজন কৰা এই হেকাথনত সহযোগ আগবঢ়াইছে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ, ফেচবুক, গুগল, পে টি এম আৰু ভি এম এ এক্সে । ইয়াৰ উপৰিও ইয়াত সহযোগ আগবঢ়াইছে উত্তৰ পূবৰ ভিত্তিক ষ্টাৰ্টআপ এক্সিলাৰেটৰ এন ই এইট ষ্টাৰ্টআপছ আৰু য়'ৰ ষ্ট'ৰী অসমীয়াই । 

উল্লেখযোগ্য যে দেশৰ ১৪ খন মহানগৰীত আয়োজন হবলগীয়া এই হেকাথনৰ বিজয়ীসকলে ডিচেম্বৰত নতুন দিল্লীত অনুস্থিত এক বিশাল সমাৰোহত মবাইল উদ্যোগৰ আগশাৰীৰ প্ৰতিষ্ঠান সমূহৰ সন্মূখত নিজৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ পাব । 

গুৱাহাটীৰ আমিনগাঁৱৰ কালিবাৰীস্থিত যুৱ বিকাশ কেন্দ্ৰত ২২ৰপৰা ২৩ অক্টোবৰলৈ একেৰাহে ২৪ ঘণ্টা ধৰি অনুস্থিত হ'ব এই হেকাথন । বিজয়ী সকলৰ বাবে আছে ৫ লাখ টকা মূল্যৰ পুৰষ্কাৰৰ ব্যৱস্থা । 

image


ইচ্ছুক এপ নিৰ্মাতা সকলে আগতীয়া পঞ্জীয়ন যোগে এই হেকাথনত যোগদান কৰিব পাৰিব । 

উল্লেখযোগ্য যে এপ নিৰ্মাতা, ছফটৱেৰ প্ৰস্তুকাৰী আৰু আন উদ্যমীসকলক নিজৰ চহৰতে দক্ষতা প্ৰদৰ্শনৰ সুযোগ দিয়াৰ এক মঞ্চ হেক ফৰ ইণ্ডিয়া । ইয়াৰ বিজয়ী সকলে আকৰ্ষণীয় পুৰষ্কাৰ লাভ কৰাৰ লগতে ইনকিউবেছন আৰু পুঁজিৰ সুবিধাও লাভ কৰাৰ সম্ভাৱনা আছে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

গণতন্ত্ৰ ৰক্ষাত সংবাদ মাধ্যমৰো দায়িত্ব আছে

প্ৰথম ভাৰতীয় UFC আৰু BJJ বিশ্ব চেম্পিয়ন হ'বলৈ বিচাৰোঁ: নীৰজ বৰা

এই প্ৰযুক্তিৰে পথে নিজেই নিজকে মেৰমতি কৰিব

ভাৰতত 'অযোগ্য' মালৱিকা ৰায় আজি এমআইটিত অধ্যয়নৰত








Google India I Facebook I Paytm I Vmax