গণতন্ত্ৰ ৰক্ষাত সংবাদ মাধ্যমৰো দায়িত্ব আছে

আশুতোষৰ বিশেষ লেখা

গণতন্ত্ৰ ৰক্ষাত সংবাদ মাধ্যমৰো দায়িত্ব আছে

Wednesday October 19, 2016,

5 min Read

স্বাধীনোত্তৰ কালৰ ভাৰতৰ গণতান্ত্ৰিক ইতিহাসৰ আটাইতকৈ অন্ধকাৰ সময়ছোৱা আছিল জৰুৰী অৱস্থাৰ সময়ছোৱা । সেই সময়ৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ নামত নাগৰিকসকলৰ মৌলিক অধিকাৰ সমূহ বাতিল কৰি দিছিল । বিৰোধীৰ কন্ঠ নিৰ্মমভাৱে ৰুদ্ধ কৰা হৈছিল আৰু সংবাদ মাধ্যমৰ স্বাধীনতা সম্পূৰ্ণৰূপে খৰ্ব কৰা হৈছিল । সকলো শীৰ্ষ বিৰোধী নেতাক কাৰাৰুদ্ধ কৰা হৈছিল । ৩৪৯৮৮ লোকক মিছাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ৭৫৮১৮ লোকক ভাৰতৰ প্ৰতিৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল । এই সকলো তথ্য জনতা পাৰ্টীৰ চৰকাৰৰ দিনত গঠিত শ্বাহ আয়োগৰ প্ৰতিবেদনত লিপিবদ্ধ হৈছে ।

জৰুৰী অৱস্থাৰ সময়ত আটাইতকৈ ডাঙৰ ক্ষতি হৈছিল সংবাদপত্ৰৰ স্বাধীনতাৰ । বিৰোধীৰ অনুপস্থিতিত বিৰোধীৰ ভূমিকা পালন কৰিবলগীয়া সংবাদ মাধ্যমে এটা চুকত নিৰৱে মৃত্যবৰণ কৰিছিল আৰু ইয়াক লৈ কেইটামান মাত্ৰ কন্ঠস্বৰ শুনা গৈছিল। জনতা চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী এল কে আদৱাণীয়ে এই বিষয়ে এটা বিখ্যাত মন্তব্য কৰিছিল - "সংবাদ মাধ্যমক মূৰ দোঁৱাবলৈ কোৱা হৈছিল কিন্তু তেওঁলোকে বগুৱা বাবলৈ আৰম্ভ কৰিছিল ।" আজি যেতিয়া মই সংবাদ মাধ্যমৰ ফালে চাওঁ মোৰ মনলৈ আডৱাণীৰ সেই কথাষাৰ আহে । আজিৰ তাৰিখত কোনো ধৰণৰ জৰুৰী অৱস্থা নাই । মৌলিক অধিকাৰ বাতিল হোৱা নাই অথবা বিৰোধীক কাৰাৰুদ্ধ কৰা হোৱা নাই । সংবাদ মাধ্যমৰ স্বাধীনতাও খৰ্ব হোৱা নাই অথচ সংবাদ মাধ্যমৰ কাৰ্যকলাপক লৈ বহু প্ৰশ্নৰ উত্থাপন হৈছে । একাংশ সংবাদ মাধ্যমে মেৰুদণ্ড হেৰুৱাই পেলাইছে ।

image


আজিৰ মুক্ত পৃথিৱীত ই এক আচৰিত কথা । তথ্য সম্প্ৰচাৰ আজিৰ দিনত অতি দ্ৰুতভাৱে হয় । সংবাদ মাধ্যমৰ দৰ্শক গোলকীয় স্তৰত আৰু যিকোনো লোকেই আজিকালি সাংবাদিক হ'ব পাৰে । ১৯৭৫ চনত কোনো টেলিভিজন নাছিল । আজি ভাৰতত ৮০০ৰো অধিক চেনেল । এসময়ত ৰাষ্ট্ৰীয় কাকতৰ মাত্ৰ কেইটামান সংস্কৰণ ওলাইছিল । আজি প্ৰতিখন ৰাষ্ট্ৰীয় কাকতেই দেশৰ চুকে কোণে নিজৰ স্থিতি প্ৰতিপন্ন কৰাত ব্যস্ত । দৈনিক ভাস্কৰৰ দৰে এখন বাতৰি কাকতৰ পঞ্চাশটাতকৈও অধিক সংস্কৰণ আছে । প্ৰতিখন চহৰ আৰু প্ৰতিটো চুবুৰীতে নিজা একোখন কাকত থকাৰ নিচিনা হৈছেগৈ ।

ইয়াৰ উপৰিও আছে ছ'চিয়েল মিডিয়াৰ বিস্ফোৰণ । প্ৰযুক্তিয়ে এটা নতুন দিশ উন্মোচন তৰিছে যিটো সম্পাদকৰ আওতাৰ বাহিৰত । ছচিয়েল মিডিয়া সংবাদদাতা এতিয়া নিজেই সম্পাদক । ইয়াত কোনো সম্পাদকীয় নীতি নিয়ম অথবা বাধা নিষেধ নাই । গতিকে পাৰম্পৰিক সংবাদ মাধ্যমৰ বাবে ই এক ডাঙৰ প্ৰত্যাহ্বান । 

এই ধামখুমীয়াত পৰি ভাৰতৰ পাৰম্পৰিক সংবাদ মাধ্যমে, বিশেষকৈ টেলিভিজন মাধ্যমে সাংবাদিকতাৰ এক নতুন ব্যাকৰণ উদ্ভাৱন কৰিবলৈ চেষ্টা কৰিছে । যোৱা কেইটামান বছৰ ধৰি ধ্ৰুপদী সাংবাদিকতাৰ গুৰু সকলে শিকাই যোৱা নিৰপেক্ষতা আৰু বস্তুনিষ্ঠতাক লৈ টেলিভিজন মাধ্যমটো একেবাৰে আগ্ৰহী নোহোৱা হৈ পৰিছে । ধ্ৰুপদী সাংবাদিকতা তেওঁলোকৰ দৃষ্টিত আকৰ্ষণহীন আৰু লেহেমীয়া । ধ্ৰুপদী সাংবাদিকতাই মতামতক সম্পাদকীয়ত স্থান দিয়াৰ বিপৰীতে আজিৰ দিনত বাতৰি একোটাত সংবাদদাতাৰ নিজৰ মতামত থাকে । টি আৰ পিৰ দৌৰত এটা খবৰৰ সত্যতা কেইবাবাৰে বিচাৰ কৰি চোৱাৰ সাংবাদিকতাৰ মূল ধৰ্ম হেৰাই গৈছে । আজিৰ দিনত দ্ৰুতিয়েই সকলো । বাতৰি প্ৰতি মূহুৰ্ততে নতুন হৈ থাকিব লাগিব । লাইভ চলি থাকিব লাগিব । মানুহক আকৰ্ষণ কৰিবৰ কাৰণে এটা খবৰকে বিভিন্ন ধৰণে এনেকৈ চৰ্বিত চৰ্বন কৰা হয় যে ই প্ৰায়েই তাৰ আচল অৰ্থ হেৰুৱাই পেলায় ।

তথাপি ভাৰতীয় টেলিভজন মূলতঃ ধৰ্মনিৰপেক্ষ, আধুনিক, উদাৰ আৰু জনমূখী আছিল । ই কেতিয়াও সাম্প্ৰদায়িকতা সমৰ্থন কৰা নাছিল । মতাদৰ্শগত পাৰ্থক্যক ই সন্মান কৰিছিল । হিংস্ৰ মতাদৰ্শৰ বিৰোধিতা কৰিছিল । কিছু পৰিমাণে ই বাওঁপন্থী আছিল । কিন্তু বৰ্তমান ইয়াত সোঁপন্থীৰ প্ৰভূত্ব বিৰাজ কৰিছে । 

সোপন্থী হোৱাটো অপৰাধ নহয় । ইউৰোপ আৰু আমেৰিকাত সোঁপন্থী ভাৱধাৰা যথেষ্ট শক্তিশালী । কিন্তু ভাৰতত ই তেনেই নতুন । বাওঁপন্থাৰ দৰে কোনো সুগঠিত সোপন্থী ভাৱধাৰা ভাৰতত নাই । যুক্তিৰ সলনি ই আৱেগৰ ওপৰত নিৰ্ভৰশীল । ৰাষ্ট্ৰীয়তাবাদ এতিয়া তেওঁলোকৰ ঘোষিত আদৰ্শ । তেওঁলোকৰ সৈতে মত নিমিলিলেই এজন ব্যক্তি হৈ পৰে ৰাষ্ট্ৰবিৰোধী । ইয়াৰ ফলত সকলো ধৰণৰ সংযত বিতৰ্কৰ অৱকাশ নাইকীয়া হৈ পৰিছে । উচ্চ কণ্ঠস্বৰেই এতিয়া হৈ পৰিছে সকলো । টি ভি বিতৰ্ক এতিয়া যুদ্ধৰ নামান্তৰ য'ত আপুনি প্ৰতি মূহুৰ্ততে দেশভক্তিৰ প্ৰমাণ দি যাব লাগিব । 

কিন্তু তাতোকৈ ডাঙৰ এটা বিপদ নিঃশব্দে আহি আছে । এতিয়া কেৱল সংখ্যাগৰিষ্ঠৰ মতামতেই স্বীকৃতি লাভ কৰা আৰু আন সকলো মতামত নিৰ্মূল হোৱাৰ এটা পৰিবেশ আহি আছে । বৈচিত্ৰক সন্মান জনোৱাৰ ভাৰতীয় পৰম্পৰা এতিয়া সংকটত । চৰকাৰী দৃষ্টিকোণেই এতিয়া পৰম পৱিত্ৰ আৰু মত প্ৰকাশৰ স্বাধীনতাৰ কোনো স্থান ইয়াত নাই । এটা সময় আছিল যেতিয়া প্ৰধান মন্ত্ৰীকো ৰেহাই দিয়া নহৈছিল । শক্তিশালী মন্ত্ৰী এজনক কঠোৰ সমালোচনা কৰাৰ পাছতো এজন সাংবাদিক সুৰক্ষিত আছিল বা তেওঁৰ চাকৰি যোৱাৰ ভয় নাথাকিছিল । কিন্তু এতিয়া সেই পৰিবেশ নাই । মুক্ত চিন্তা আৰু গণতন্ত্ৰৰ বাবে ই ভয়ানক।

মই নকওঁ যে সাংবাদিকতা এতিয়া সংকটত । মই বৰঞ্চ এই বুলিহে ক'ম যে টি ভি ষ্টুডিঅ'সমূহে দেশত এক নতুন সংকটৰ সৃষ্টি কৰিছে । ই এক আস্থাৰ সংকট । যদি সংবাদদাতা আৰু সম্পাদকসকল সাংবাদিকতাৰ নীতিতকৈ নিজৰ দৰমহাক লৈ বেছি আগ্ৰহী আৰু শক্তিশালী পক্ষৰ সন্মূখত নতশিৰ হ'বলৈকো প্ৰস্তুত তেনেহলে ই এটা ডাঙৰ সংকট । সৌভাগ্যবশতঃ বাতৰি কাকত সমূহ এতিয়াও কিছু জীৱিত । ডিজিটেল সাংবাদিকতাই লাহে লাহে খোপনি পুতিছে । টি ভি এতিয়াও শক্তিশালী কিন্তু ই দিনে দিনে সন্মান হেৰুৱাইছে । সাংবাদিকৰ মূলধন বিশ্বাসযোগ্যতা আৰু টি ভিয়ে বিশ্বাসযোগ্যতা বেয়াকৈ হেৰুৱাইছে । অনলাইন মাধ্যম সমূহে সাহসী সাংবাদিকতাৰ নতুন দিগন্তৰ সূচনা কৰিছে । এয়া হৈছে সাংবাদিকতাৰ ভৱিষ্যৎ । চেলিব্ৰিটি টি ভি এংকৰ আৰু সম্পাদক সকলে এই কথা বুজা উচিত । তেওঁলোকৰ গৰাকী সকলে অটল বিহাৰী বাজপেয়ীয়ে বহুদিনৰ আগতে কোৱা এষাৰ কথা মনত পেলোৱা উচিত- 

" গণতন্ত্ৰ ৫১-৪৯ ৰ খেল নহয় । ই মূলতঃ এটা নীতিগত ব্যৱস্থা । সংসদ কেৱল কিছুমান নীতি নিৰ্ধাৰণ কৰা এখন আদালত নহয় । সংবিধান আৰু আইন দৰকাৰী কিন্তু যদি গণতন্ত্ৰই যদি কেৱল মাত্ৰ এটা খোলা বা আচাৰত পৰিণত হয় তেনেহলে ই মূল আদৰ্শ হেৰুৱাই পেলায় । এইটো এটা সমস্যা । ইয়াক প্ৰতিৰোধ কৰাটো আমাৰ সকলোৰে দায়িত্ব । "

(প্ৰকাশিত মতামত লেখকৰ নিজৰ । য়'ৰ ষ্ট'ৰীৰ সম্পাদকীয় নীতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই ।)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

প্ৰথম ভাৰতীয় UFC আৰু BJJ বিশ্ব চেম্পিয়ন হ'বলৈ বিচাৰোঁ: নীৰজ বৰা

কেক বনোৱাৰ চখৰপৰাই আৰম্ভ টিক্-টক্ বেইকহাউছ

ভাৰতত 'অযোগ্য' মালৱিকা ৰায় আজি এমআইটিত অধ্যয়নৰত

এই প্ৰযুক্তিৰে পথে নিজেই নিজকে মেৰমতি কৰিব