ভাৰতত 'অযোগ্য' মালৱিকা ৰায় আজি এমআইটিত অধ্যয়নৰত

ভাৰতত 'অযোগ্য' মালৱিকা ৰায় আজি এমআইটিত অধ্যয়নৰত

Tuesday August 30, 2016,

4 min Read

সোতৰ বছৰীয়া মালৱিকা ৰায় যোশীৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ প্ৰমাণপত্ৰ নাই । কাৰণ তেওঁ আনুস্থানিকভাৱে শিক্ষা সম্পন্ন কৰা নাই । তথাপিও তেওঁ বিশ্বৰ অন্যতম সন্মানীয় শিক্ষানুস্থান মাচাচুছেট ইনষ্টিটিউট অৱ টেকনলজীত নাম ভৰ্তি কৰিবলৈ সক্ষম হৈছে কিয়ানো তেওঁ এগৰাকী দক্ষ প্ৰগ্ৰামাৰ । 

image


পৰীক্ষাৰ নম্বৰতকৈ প্ৰতিভাৰ কদৰ যে আজিও বেছি সেই কথাৰেই প্ৰমাণ হৈছে মালৱিকাৰ কাহিনীটো । লগতে ই এগৰাকী মাতৃৰো কাহিনী যি নিজৰ জীয়ৰীৰ শিক্ষাৰ বাবে অগতানুগতিক পথ অনুসৰণ কৰাৰ সাহস কৰি সুফল লাভ কৰিছিল । 

মুম্বাইৰ এই কিশোৰাগৰাকীক এমএইটিয়ে এটা জলপানি দিছে তেওঁৰ বিএছচি ডিগ্ৰী সম্পূৰ্ণ কৰাৰ বাবে । ইন্টাৰনেছনেল অলিম্পিক অৱ ইনফৰমেটিকছ বা প্ৰগ্ৰেমিং অলিম্পিয়াডত তিনিবাৰকৈ পদক অৰ্জন কৰাৰ বাবে তেওঁক এমআইটিয়ে নামভৰ্তি কৰাৰ সুযোগ দিয়ে । এই অলিম্পিয়াডত তেওঁ দুবাৰকৈ ৰূপৰ আৰু এবাৰ ব্ৰঞ্জৰ পদক লাভ কৰিছে । 

এমআইটিয়ে বিভিন্ন অলিম্পিয়াডত পদক অৰ্জন কৰা ছাত্ৰছাত্ৰীসকলক পোনপটীয়াকৈ নামভৰ্তি কৰাৰ সুযোগ দিয়ে । মালৱিকাই প্ৰগ্ৰামিং অলিম্পিয়াডৰ পদকৰ বলতেই তেওঁৰ প্ৰিয় বিষয় কম্পিউটাৰ বিজ্ঞানত বিএছচি কৰাৰ সুবিধা লাভ কৰিছে । সংবাদ প্ৰতিস্থান পিটিআইৰ সৈতে হোৱা এক ই-মেইল সাক্ষাৎকাৰত তেওঁ নিজৰ আৰম্ভণীৰ সময়ছোৱাৰ বিষয়ে কয়-

যেতিয়া মই চাৰিবছৰৰ আগতে আনস্কুলিং ( আনুস্থানিক শৈক্ষিক প্ৰতিষ্ঠানৰ সলনি নিজাকৈ শিক্ষালাভ কৰাৰ এক দৰ্শন ) আৰম্ভ কৰিছিলো তেতিয়া মই বিভিন্ন বিষয় অধ্যয়ন কৰিছিলো । ইয়াৰে অন্যতম আছিল প্ৰগ্ৰামিং । মই এই বিষয়টো ভাল পাইছিলো আৰু ইয়াতে অধিক সময় দিছিলো । 

আনুস্থানিক শিক্ষা নথকাৰ বাবে আইআইটিকে ধৰি ভাৰতৰ আগশাৰীৰ শিক্ষানুস্থানে মালৱিকাক বিমূখ কৰিছিল । ভাৰতীয় প্ৰগ্ৰামিং অলিম্পিয়াডৰ সমন্বয়ৰক্ষী, চিএমআইৰ মাধৱন মুকুণ্ডে কয়- 

ইয়াত কোনো সন্দেহ নাই যে এমআইটিত মালৱিকাৰ নামভৰ্তি তেওঁৰ অভূতপূৰ্ব সফলতাৰে ফল । প্ৰতিভাক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত এমআইটিৰ নমনীয়তাৰ ই এক উদাহৰণ । 

অৱশ্যে তেওঁ স্পষ্ট কৰি দিয়ে যে মালৱিকাৰ দৰে অত্যন্ত প্ৰতিভাশালী সকলেহে ই ব্যৱস্থাৰ লাভ ল'ব পাৰে । 

মালৱিকাৰ এই চমক লগা কাহিনী আৰম্ভ হৈছিল চাৰি বছৰ আগতে । মুম্বাইৰ দাদৰ পাৰ্চী য়ুথ এছেম্বলী স্কুলৰ সপ্তম শ্ৰেণীত পঢ়ি থকা মালৱিকাৰ মাতৃ সুপ্ৰিয়া ৰায় যোশীয়ে এটা আচৰিত সিদ্ধান্ত লৈছিল । তেওঁ মালৱিকাক স্কুলৰপৰা উলিয়াই অনাৰ সিদ্ধান্ত লৈছিল । স্কুলত সাংঘাটিক ভাল ফল দেখুউৱা মালৱিকাৰ স্কুলীয়া শিক্ষা শেষ কৰাৰ সিন্ধান্তৰ বিষয়ে তেওঁৰ মাতৃয়ে কয়- 

আমি এটা মধ্যবিত্ত পৰিয়াল । মালৱিকাই স্কুলত খুব ভাল ফলাফল দেখুৱাইছিল যদিও মোৰ ধাৰণা হৈছিল যে মোৰ ছোৱালী দুজনী আনন্দিত হোৱাটোও দৰকাৰী। গতানুগতিক শিক্ষাতকৈ মনৰ আনন্দ বেছি দৰকাৰী । মই কৰ্কট ৰোগীৰ সৈতে কাম কৰা এটা স্বেচ্ছাসেৱী সংস্থাত কাম কৰিছিলো আৰু মই দেখিছিলো কিছুমান অষ্টম, নৱম শ্ৰেণীৰ শিশুক এই ৰোগত আক্ৰান্ত হোৱা । এই কথাই মোক গভীৰভাৱে প্ৰভাৱিত কৰিছিল আৰু মই সিদ্ধান্ত লৈছিলো মোৰ ছোৱালী দুজনী সুখী হোৱাটো দৰকাৰী । 

অৱশ্যে এই সিদ্ধান্তটো সহজ নাছিল । মালৱিকাৰ পিতৃ ৰাজক সৈমান কৰিবলৈ সময় লাগিছিল । নিজৰ ব্যৱসায় চলোৱা ৰাজ আছিল এজন অভিযন্তা । 

ভাৰতত এতিয়াও ঘৰতে শিক্ষালাভ কৰা ব্যৱস্থাটো সিমান জনপ্ৰিয় নহয় । আনকি বহুতেই হ'ম স্কুলিং বা আনস্কুলিং শব্দটোৰ সম্পৰ্কেও বিশেষ নাজানে । মোৰ স্বামী ৰাজ এই বিপজ্জনক ধাৰণাটোৰ বাবে প্ৰস্তুত নাছিল । মালৱিকাই দশম বা দ্বাদশ শ্ৰেণীৰ প্ৰমাণ পত্ৰ লাভ নকৰিব সেই কথাটোক লৈ তেওঁ ভয় খাইছিল । মই চাকৰি বাদ দি মালৱিকাৰ বাবে এটা পাঠ্যক্ৰম প্ৰস্তুত কৰিছিলো । ঘৰত ক্লাছৰুম সদৃশ এটা পৰিৱেশ সৃষ্টি কৰিছিলো । মাতৃ হিচপে মোৰ বিশ্বাস আছিল যে মই মোৰ সন্তানক জ্ঞান দিবলৈ সক্ষম হ'ম ।

এই কাৰ্য ফলপ্ৰসূ হৈছিল ।

মই দেখিছিলো যে মোৰ ছোৱালীজনী যথেষ্ট সুখী হৈছিল আৰু শুই উঠাৰপৰা ৰাতি বিচনালৈ যোৱালৈকে তাই আগতকৈ বহু বেছি কথা শিকিছিল । তাইৰ বাবে জ্ঞান হৈ পৰিছিল নিচা । 

তিনি বছৰ ধৰি মালৱিকা আছিল ভাৰতক প্ৰগ্ৰামিং অলিম্পিয়াডত প্ৰতিনিধিত্ব কৰা শীৰ্ষ চাৰি গৰাকী ছাত্ৰ-ছাত্ৰীৰ অন্যতম । মালৱিকাক অলিম্পিয়াডৰ বাবে প্ৰস্তুত কৰা মাধৱনে কয়- 

যোৱা তিনি বছৰ ধৰি অলিম্পিয়াডৰ বাবে প্ৰস্তুতি চলোৱাৰ কাৰণে চিএমআইত বহুখিনি সময় পাৰ কৰিছে মালৱিকাই । এই বাবে বহুখিনি কথা তাই শিকিবলগীয়া হৈছে আৰু তাই শিকিছেও । আনুস্থানিক শিক্ষা লাভ নকৰাৰ বাবে বহু সময়ত তাই বহু বেছি কথা শিকিবলগীয়া হৈছে যদিও তাই কিন্তু অনায়াসে শিকি গৈছে প্ৰতিটো কথা । 

আন এভিভাৱক সকলে মালৱিকাৰ বিষয়ে বেছিকৈ জানিবলৈ বিচাৰে নেকি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত সুপ্ৰিয়া ৰায়ে কয়- 

বহুতেই জানিবলৈ বিচাৰে এমআইটিত কেনেকৈ নামভৰ্তি কৰাব পাৰি । মই মাথো তেওঁলোকক কওঁ যে আমি এমআইটিৰ কথা ভাবি আগবঢ়া নাছিলো । নিজৰ সন্তানে কি বিচাৰে অভিভাৱকে সেইটো বুজাটোহে দৰকাৰী । 

পিটিআই

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অবিবাহিত দম্পতিৰ বাবে অয়' ৰুমছৰ সেৱা

আৱৰ্জনা বুটলি উপাৰ্জন কৰা মহিলাই চোৱাচিতা কৰে ৪০০ কুকুৰ

কৰাচীত আৱৰ্জনাৰে ঘৰ বনায় নাৰ্গিছ লটিফে

দৈনিক ৮ কি:মি: পাহাৰ বগাই এখন স্কুল জীয়াই ৰাখিছে এজন শিক্ষকে