প্ৰথম ভাৰতীয় UFC আৰু BJJ বিশ্ব চেম্পিয়ন হ'বলৈ বিচাৰোঁ: নীৰজ বৰা

5

লণ্ডনৰ ইউনিভাৰ্চিটি অৱ ইষ্ট লণ্ডনৰপৰা বিজনেছ ইনফৰ্মেছন চিষ্টেমছত ডিগ্ৰী লোৱাৰ পাছত অন্যান্য সহপাঠীসকলৰ দৰেই কৰ্পৰেট জগতত প্ৰৱেশ কৰিছিল নীৰজ বৰাই । কিন্তু কৰ্পৰেট জগতৰ একঘেঁয়ামি তেওঁৰ সহ্য নহ'ল । তেওঁ সিদ্ধান্ত ল'লে কৰ্পৰেট জগতত আৰু তেওঁ নাথাকে । তেওঁৰ প্ৰথম পচণ্ড সমৰ কলাৰ জগতখনকে তেওঁ নিজৰ প্ৰথম পৰিচয়ত পৰিণত কৰিব । 

১৯৮৯ চনৰ ২৩ এপ্ৰিলত যোৰহাটত জন্ম হয় নীৰজৰ । পিতৃ এগৰাকী ব্যৱসায়ী আৰু মাতৃ গৃহিণী । গুৱাহাটীত ডাঙৰ দীঘল হোৱা নীৰজৰ সমৰ কলাৰ সৈতে সম্পৰ্ক আছিল বহুদিনীয়া । "সৰুতে ভীষণ উৎপতীয়া আছিলো আৰু বাহ্যিক খেল-ধেমালিবোৰ ভাল পাইছিলো । আঠ বছৰ বয়সত মই 'শক্তিমান'ৰ নিচিনাকৈ এটা দুমহলীয়া ঘৰৰপৰা জপিয়াই দিছিলো ।" নীৰজে কয় । কিন্তু এই উৎপতীয়া স্বভাৱে এটা গঠনমূলক ৰূপ পাইছিল প্ৰাগজ্যোতিষ কলেজত উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰি থকা সময়ত । এদিন বিৰতিৰ সময়ত তেওঁ আৱিষ্কাৰ কৰিছিল কলেজ চৌহদত এন চি চিৰ কাৰ্যালয় । সেই মূহুৰ্ততে তেওঁ সিদ্ধান্ত লৈছিল এন চি চিত যোগদান কৰাৰ । এন চি চি ত যোগদান কৰি কঠোৰ নিয়মানুৱৰ্তিতা আৰু অনুশীলনেৰে তেওঁ আগবঢ়াই নিছিল নিজকে । ২০০৮ চনত দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ পোৱাটো তেওঁৰ বাবে আছিল এক গৌৰৱৰ মূহুৰ্ত ।

সেই সময়তে তেওঁ মিক্সড মাৰ্চিয়েল আৰ্ট বা MMAৰ প্ৰতি আকৰ্ষিত হয় । মিক্সড মাৰ্চিয়েল আৰ্ট হৈছে মোৱাই থাই, বক্সিং, মল্লযুদ্ধ আৰু ব্ৰজিলিয়ান যুজিৎসুৰ সংমিশ্ৰণ । ১৯৯৩ চনত ৱেল টুড নামৰ সমৰ কলাবিধ আমেৰিকাত প্ৰচলিত হয় । এই সমৰ কলাৰ উদ্ভাৱন ১৯২০ চনত ব্ৰাজিলত হৈছিল । ব্ৰজিলৰ বিখ্যাত সমৰ কলাবিদৰ পৰিয়াল গ্ৰেচি পৰিয়ালে Ultimate Fighting Championship (UFC) MMA  কোম্পানী প্ৰতিষ্ঠা কৰি এই কলা আমেৰিকাত প্ৰৱৰ্তন কৰে আৰু ই বৰ্তমান বিশ্বত অতি দ্ৰুত গতিত প্ৰসাৰ লাভ কৰিছে । এম এম এৰ প্ৰতি অনুভৱ কৰা দুৰ্বাৰ আকৰ্ষণৰ বাবেই ১৯ বছৰ বয়সত তেওঁ উচ্চ শিক্ষাৰ লগতে এম এম এ প্ৰশিক্ষণৰ বাবে ছিঙ্গাপুৰলৈ যাত্ৰা কৰে ।

সেয়েহে কৰ্পৰেট চাকৰি এৰি দিবৰ সময়ত তেওঁৰ মনত নিজৰ দক্ষতাক লৈ কোনো সন্দেহ নাছিল । অৱশ্যে তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গই এই কথাত সমৰ্থন জনোৱা নাছিল । কৰ্পৰেট চাকৰি এৰি দি পূৰ্ণকালীন এম এম এ যোদ্ধা হোৱা কথাটো আচিল এক আচহুৱা সিদ্ধান্ত । অৱশ্যে নিজৰ সিদ্ধান্তত অটল নীৰজৰ সফলতাই তেওঁলোকৰ মন সলনি কৰাত অৰিহণা যোগাইছে । নীৰজৰ ভাতৃ যুগল কিশোৰ এগৰাকী ফ্ৰি ষ্টাইল হিপ হপ নৃত্যশিল্পী আৰু তেওঁ নীৰজক সদায় সমৰ্থন আৰু উৎসাহ যোগাই আহিছে । 

বৰ্তমান নীৰজ ব্ৰজিলিয়ান যুজিৎসুৰ এগৰাকী ব্লু বেল্ট । প্ৰফেছৰ ছিম্বিকা আৰু প্ৰফেছৰ ব্ৰুন' এমৰিমৰ অধীনত তেওঁ প্ৰশিক্ষণ লৈ আছে । ২০১৫ চনৰ ভাৰতীয় ৰাষ্ট্ৰীয় যুজিৎসু চেম্পিয়নশ্বিপত সোণ আৰু ২০১৪ চনৰ উপ মহাদেশীয় চেম্পিয়নশ্বিপত ব্ৰঞ্জ মেডেল জয় কৰা নীৰজে দেশ বিদেশৰ বহু যোদ্ধাৰ সৈতে প্ৰশিক্ষণ গ্ৰহণ কৰিছে । নিজৰ দ্বিতীয়খন এম এম এ যুঁজত তেওঁ প্ৰতিদ্বন্দীক ছয় ছেকেণ্ডতে ধৰাশায়ী কৰি জয়লাভ কৰিছিল । অহা নৱেম্বৰৰ ১২ তাৰিখে ছিঙ্গাপুৰত অনুস্থিত হ'বলগীয়া ছিঙ্গাপুৰ ফাইটিং চেম্পিয়নশ্বিপত তেওঁ ছিঙ্গাপুৰৰ এম এম এ ছুপাৰষ্টাৰ লিম ঝেন টেঙৰ মুখামূখী হ'ব ।  

এম এম এত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথমজন অসমীয়া নীৰজ । লগতে ব্ৰজিলিয়ান যুজিৎসুৰ এমুঠিমান ভাৰতীয় যোদ্ধাৰ ভিতৰত তেওঁ অন্যতম ।

নীৰজৰ লক্ষ্য ২০১৭ চনৰ যুজিৎসু বিশ্ব চেম্পিয়নশ্বিপ ।  লগতে তেওঁৰ ইচ্ছা এদিন তেওঁ ইউ এফ চি চেম্পিয়নশ্বিপ জয় কৰা প্ৰথমজন ভাৰতীয় হ'ব । উল্লেখযোগ্য যে ২০১৬ চনত আবু ধাবিত হোৱা যুজিৎসু চেম্পিয়নশ্বিপত তেওঁ আছিল একমাত্ৰ ভাৰতীয় । 

Rhiddhis Chakravorty is the Assistant Editor (Asamiya) at yourStory Media and heads YourStory Asamiya. Previously he was a TV journalist and News Anchor for various leading news channels of Assam like News Live, News Time Assam, Prime News and Focus NE. His passion is to tell the outside world about history and culture of Assam. Apart from journalistic writings he writes fiction too.

Related Stories

Stories by Rhiddhis Chakravorty