এই প্ৰযুক্তিৰে পথে নিজেই নিজকে মেৰমতি কৰিব

এই প্ৰযুক্তিৰে পথে নিজেই নিজকে মেৰমতি কৰিব

Wednesday October 12, 2016,

2 min Read

কানাডা নিবাসী ভাৰতীয়া মূলৰ এজন বিজ্ঞানী নেমৰুমাৰ বান্থিয়াই উদ্ভাৱন কৰিছে এক প্ৰযুক্তি । এই প্ৰযুক্তিৰ সহায়ত এটা পথ মেৰামতিৰ কাম পথটোৱে নিজে কৰি ল'ব । এই প্ৰযুক্তিৰে বনোৱা পথবোৰ কম খৰচী আৰু বেছিদিন টিকি থাকে । পৰিবেশৰ দিশৰপৰাও এইবোৰ অধিক উপযোগী । 

Image : (L) - UBC; (R)- Daily Hunt

Image : (L) - UBC; (R)- Daily Hunt


আই আই টি দিল্লীৰপৰা স্নাতক শিক্ষা সমাপ্ত কৰি কানাডালৈ গুছি গৈছিল আজিৰপৰা ৩৪ বছৰ আগতে । বৰ্তমান ভেংকুভাৰৰ বৃটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনীয়াৰিং বিভাগত কৰ্মৰত তেওঁ । পিছে নেমকুমাৰ আৰু তেওঁৰ দলটো বাংগালুৰুৰপৰা ৯০ কিলোমিটাৰ দুৰত অৱস্থিত থণ্ডেবাৱি গাঁৱত তেওঁলোকে উদ্ভাৱন কৰা প্ৰযুক্তিৰে পথ নিৰ্মাণত ব্যস্ত আছে ।  

এই পথ সাধাৰণ ভাৰতীয় পথবোৰতকৈ ৬০ শতাংশ পাতল আৰু তাৰ বাবে এই পথবোৰৰ নিৰ্মাণত হোৱা ব্যয়ো সাধাৰণ পথাতকৈ কম । আনহাতে এই পথবোৰৰ কাৰ্বন ফুটপ্ৰিন্টো কম । এই পথবোৰৰ নিজে মেৰেমতি কৰাৰ পদ্ধতি সম্পৰ্কে ব্যখ্যা কৰি নেমকুমাৰে কয়- 

"এই পথবোৰ নিৰ্মাণ কৰোঁতে ব্যৱহৃত ফাইবাৰত হাইড্ৰফিলিক নেন' ক'টিং থাকে । হাইড্ৰফিলিক মানে যি পানীক আকৰ্ষণ কৰে। এইদৰে আকৰ্ষণ কৰা পানীয়ে এই পথত দেখা দিয়া ফাট জোৰা লগোৱাত সহায় কৰে । "

সাধাৰণ পথতকৈ ৩০ শতাংশ কম খৰচত নিৰ্মাণ হোৱা এই পথ ১৫ বছৰ পৰ্যন্ত টিকি থাকিব পাৰে । এই প্ৰযুক্তিৰ সহায়ত ভাৰতত দুবছৰৰ মূৰে মূৰে পথ নিৰ্মাণ কৰাৰ পৰা হাত সাৰিব পৰা যাব । কৰ্ণাটকৰ উপৰিও হাৰিয়ানা আৰু মধ্যপ্ৰদেশতো এই প্ৰযুক্তি প্ৰৱৰ্তনৰ কথা চলি আছে । 

এনেধৰণৰ প্ৰেৰণাদায়ক কাহিনী পঢ়িবলৈ আমাৰ ফেচবুক পে’জ লাইক কৰক।

এই সম্পৰ্কীয় আন কাহিনী

মহাৰাষ্ট্ৰৰ কৃষকসকলৰ মুখত হাঁহি বিৰিঙাইছে নানা পাটেকাৰে

এছ টি ডি বুথৰপৰা ১৪০ কোটি টকীয়া এটা ভ্ৰমণ কোম্পানীলৈ

ভৰি নোহোৱাকৈয়ে ফুটবল খেলে আব্দুল্লাই

দৈনিক ৮ কি:মি: পাহাৰ বগাই এখন স্কুল জীয়াই ৰাখিছে এজন শিক্ষকে