আন্তঃৰাষ্ট্ৰীয় সৌৰ গোটৰ প্ৰতি কেবিনেটৰ অনুমোদন

আন্তঃৰাষ্ট্ৰীয় সৌৰ গোটৰ প্ৰতি কেবিনেটৰ অনুমোদন

Thursday December 29, 2016,

2 min Read

কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত নবীন আৰু পুনঃনৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ আন্তঃৰাষ্ট্ৰীয় সৌৰ গোটৰ আৰ্হিকাকতত ভাৰতে স্বাক্ষৰ কৰা বিষয়ৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে ২০১৫ চনৰ ৩০ নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন বিষয়ক আৰ্হিকাকত প্ৰস্তুতি সমাৰোহৰ বাবে আয়োজিত একবিংশতম চি অ’ পি বৈঠকৰ অংশ হিচাপে পেৰিছত যুটীয়াভাৱে আন্তঃৰাষ্ট্ৰীয় সৌৰ গোট মুকলি কৰিছিল।

image


আন্তঃৰাষ্ট্ৰীয় সৌৰ গোটে ১২১ খনতকৈ অধিক সৌৰ শক্তিৰ ক্ষেত্ৰত ধনী ৰাষ্ট্ৰক একগোট কৰি কম খৰচত সৌৰ শক্তি বিষয়ক গৱেষণা কাৰ্য আগবঢ়াই নিবলৈ যত্নপৰ হ’ব। হাৰিয়ানাৰ গুৰগাঁৱৰ গোৱাল পাহাৰীত আন্তঃৰাষ্ট্ৰীয় সৌৰ গোটৰ মূখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰ পৰিচালনাৰ ক্ষেত্ৰত সকলো ধৰণৰ সহায় আগবঢ়াব বুলি ভাৰত চৰকাৰে ইতিমধ্যেই ঘোষণা কৰিছে। জলবায়ু আৰু পুনঃনৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত ভাৰতে নেতৃত্ব লোৱাত আন্তঃৰাষ্ট্ৰীয় সৌৰ গোটে সহায় কৰিব।ই ভাৰতৰ সৌৰ শক্তিৰ লগত জড়িত আঁচনি সমূহ প্ৰদৰ্শন কৰাৰো সুবিধা প্ৰদান কৰিব।

পটভূমিঃ

এই চুক্তি মৰক্কোৰ মাৰাকেশত অনুষ্ঠিত হ’বলগীয়া ২২তম চি অ’ পি বৈঠকৰ অংশ হিচাপে স্বাক্ষৰিত হোৱাৰ কথা।এই চুক্তিয়ে পেৰিছ ডিক্লাৰেশ্যনৰ সমূহ লক্ষ্যক সামৰি লোৱাৰ উপৰিও সদস্য ৰাষ্ট্ৰসমূহৰ লক্ষ্যকো সামৰি লয়।ৰাষ্ট্ৰসংঘৰ উন্নয়ন পৰিষদ আৰু বিশ্ববেংকে ইতিমধ্যেই আন্তঃৰাষ্ট্ৰীয় সৌৰ গোটৰ লগত তেওঁলোকৰ সহযোগিতাৰ কথা ঘোষণা কৰিছে। এতিয়ালৈকে মুঠ ২৫ খন ৰাষ্ট্ৰই চুক্তিৰ আৰ্হিকাকতত স্বাক্ষৰ কৰিছে। 

(উৎস- পি আই বি)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিৰাটৰ দল শ্ৰেষ্ঠ ভাৰতীয় দল নেকি?

একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি

সাঁচতীয়া ধনেৰে কুৱাঁ খান্দি এখন গাৱঁৰ বাবে পানী যোগান ধৰা এগৰাকী ৬০ বছৰীয়া মহিলা

পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড