বিৰাটৰ দল শ্ৰেষ্ঠ ভাৰতীয় দল নেকি?

আশুতোষৰ বিশেষ প্ৰৱন্ধ

বিৰাটৰ দল শ্ৰেষ্ঠ ভাৰতীয় দল নেকি?

Wednesday December 28, 2016,

5 min Read

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট দলৰ ৪-০ বিজয়ক আপুনি কি আখ্যা দিব । বিৰাট কোহলীৰ দলটোৱেই এতিয়ালৈকে ভাৰতৰ শ্ৰেষ্ঠতম দল নেকি ? তেওঁ শ্ৰেষ্ঠতম ভাৰতীয় অধিনায়ক নেকি ? এয়া ভাৰতীয় ক্ৰিকেটৰ সোণালী দিনৰ আৰম্ভণী নেকি ? ৭০-৮০ৰ দশকৰ ৱেষ্ট ইন্দিজ দলৰ দৰে ভাৰতীয় দলেও বিশ্ব ক্ৰিকেট দমন কৰি ৰাখিব নেকি ? যোৱা এসপ্তাহ ধৰি মই নিজকে এই প্ৰশ্নবোৰেই শুধি আহিছো । 

এই দলটোক ভাৰতৰ শ্ৰেষ্ঠতম দল বুলি কোৱাত মোৰ কোনো দ্বিধা নাই । ৮৩ৰ বিশ্বকাপ জয় কৰা কপিলদেবৰ দলটোতকৈও ই উন্নত । দুটা বিশ্বকাপ জয় কৰা ধোনীৰ দলটোতকৈও ই শ্ৰেষ্ঠ । শচীন, দ্ৰাবিড়, সেহৱাগ, লক্ষণ, কুম্বলেৰ দৰে তাৰকাৰে ভৰি থকা সৌৰভৰ দলটোতকৈও ই শ্ৰেষ্ঠ । মই জানো যে সমালোচকসকলে এই কথা ভাল নাপাব । মোক হয়তো তেওঁলোকে উন্মাদ বুলি ক'ব ।

image


মই শৈশৱৰপৰাই ক্ৰিকেট লক্ষ্য কৰি আহিছো । সেই সময়ত ভাৰতীয় দলে পৰাজয়ৰপৰা বাচিবলৈ খেলিছিল । কাৎচিৎ ই দুই এখন খেলত জয়লাভ কৰিছিল । সেয়া আছিল বিশুদ্ধ টেষ্ট ক্ৰিকেটৰ সময় । এদিনীয়া ক্ৰিকেট তেতিয়াও ইমান ৰংচঙীয়া হৈ উঠা নাছিল । টি-২০ আছিল সপোনৰো অগোচৰ । ক্ৰিকেট আজিৰ দৰে এথলেটিক নাছিল আৰু হেলমেট পিন্ধাৰ ফেশ্বন প্ৰচলন হোৱা নাছিল । লাইভ টিভি নাছিল । সুশীল দোশী আৰু নৰোত্তম পুৰীৰ ৰেডিঅ' ধাৰা বিবৰণী আছিল আমাৰ খবৰৰ উৎস ।

৭০ৰ দশকত ভাৰত স্পিনাৰৰ বাবে বিখ্যাত আছিল । চন্দ্ৰশেখৰ, বেদী, প্ৰসন্না আৰু ৱেংকটৰাঘৱন আছিল বিপক্ষৰ কাৰণে আতংকৰ কাৰণ । ভাৰতত মাটিত তেওঁলোকৰ বিৰুদ্ধে খেলাটো পৃথিবীৰ আগশাৰীৰ বেটছমেনৰ বাবে আছিল আতংকৰ কাৰণ । ভাৰতৰ আছিল দুজন বিশ্বমানৰ বেটছমেন- সুনীল গাভাস্কাৰ আৰু গুণ্ডাপ্পা বিশ্বনাথ । তথাপি দল হিচাপে ভাৰত ভয়ৰ কাৰণ নাছিল । বিদেশৰ মাটিত ভাৰতৰ বাবে যেন পৰাজয়েই আছিল অবধাৰিত । ভাৰতে জিকিবলৈ খেলাৰ সলনি নাহাৰিবলৈ আৰু ড্ৰ কৰিবলৈ খেলিছিল । 

কপিল দেবৰ আগমনৰ লগে লগে স্পীনাৰৰ যুগৰ অন্ত পৰিল । প্ৰতিজন যুৱকেই কপিল দেব হোৱাৰ সপোন দেখিবলৈ ল'লে । স্পীন বলিঙৰ মান অৱনমিত হ'লেও ইয়াৰ স্থান যে পেচ বলিঙে লৈছিল তেনে নহয় । ভাৰতত ৱেষ্ট ইণ্ডিজ অথবা অষ্ট্ৰলিয়াৰ লিলি আৰু থমছনৰ দৰে পেচ বলাৰ নাছিলেই । মহম্মদ নিছাৰ যথেষ্ট দ্ৰুত আছিল যদিও তেওঁ প্ৰাক স্বাধীনতা কালৰে খেলুৱৈ আছিল । গাভাস্কাৰৰ পাছত শচীনৰ আগমন ঘটিল যদিও প্ৰতিযোগিতামূলক মনোভাবৰ বাবে সৌৰভ গাঙ্গুলীৰ প্ৰয়োজন আছিল ।

সৌৰভ ভাল বেটছমেন হোৱাৰ উপৰিও এজন ভাল অধিনায়ক আছিল । তেওঁ আছিল আগ্ৰাসী । সৌৰভে খেলিছিল জিকিবৰ বাবে । তেওঁ ভাগ্যবান আছিল যে তেওঁ এটা সুন্দৰ বেটিং লাইন আপ পাইছিল । সেহৱাগৰ দৰে মাৰাত্মক বেটছমেনৰ লগতে তিনি নম্বৰত দ্ৰাবিড় আৰু তাৰ পাছত শচীন আৰু লক্ষ্মণ আছিল । অনিল কুম্বলে আৰু হৰভজন আছিল দুজন বিশ্ব মানৰ স্পীনাৰ যি যিকোনো সময়ত এখন খেলৰ গতি সলনি কৰি দিব পাৰিছিল । লগতে আছিল শ্ৰীনাথ আৰু জাহিৰ খান । এই দলটোক ভয় খুউৱাটো কঠিন আছিল । ষ্টীভ ৱ' আৰু ৰিকী পন্টিঙৰ বিশ্ব শ্ৰেষ্ঠ দলক প্ৰত্যাহ্বান জনালেও ভাৰতীয় দলত অল ৰাউণ্ডাৰৰ অভাব আছিল । 

ধোনীয়ে এই দলটোক আন এটা পৰ্যায়লৈ লৈ গ'ল । আষ্ট্ৰেলিয়াৰ পতন ইতিমধ্যে আৰম্ভ হৈ গৈছিল যদিও ই নিঃশেষ হোৱা নাছিল । ধোনী আছিল সন্মূখৰপৰা নেতৃত্ব দিয়া এজন আত্মবিশ্বাসী অধিনায়ক । এইবাবেই তেওঁ কেপ্টেইন কুল নামেৰে জনাজাত হৈছিল । টি-২০ আৰু আই পি এল ইতিমধ্যে জনপ্ৰিয় হৈ পৰিছিল । ভাৰতীয় দলে প্ৰতিটো ফৰ্মেটতে প্ৰভূত্ব লাভ কৰিছিল । তেওঁ প্ৰথম টি-২০ বিশ্বকাপ আৰু পিছলৈ এদিনীয়া বিশ্বকাপ জয় কৰিছিল । কিন্তু ভাৰতীয় বলিং সেই সময়তো বিশ্বমানৰ নাছিল আৰু দলত কোনো অলৰাউণ্ডাৰ নাছিল । 

ধোনীৰ দৰেই বিৰাট কোহলীয়েও সন্মূখৰপৰা নেতৃত্ব দিয়ে । তেওঁ যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু । সৌৰভৰ দৰে তেওঁ বিপক্ষৰ শিবিৰলৈ খেলখন লৈ যোৱা অধিনায়ক । তেওঁৰ শক্তি হৈছে তেওঁৰ বেটিং । সৌৰভ আৰু ধোনীতকৈ তেওঁ বেছি প্ৰতিভাশালী বেটছমেন । তেওঁ গাভাস্কাৰ আৰু শচীনৰ স্তৰৰ খেলুৱৈ । এবছৰত তিনিটা দ্বিশতক কৰা একমাত্ৰ ভাৰতীয় অধিনায়ক । শচীনৰ বিপৰীতে তেওঁ স্ক'ৰ অনুসৰণ কৰাৰ সময়ত ভাল প্ৰদৰ্শন কৰি দেখুৱাইছে । হেঁচাৰ মাজত ভাল প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত তেওঁ শচীনতকৈ উন্নত । তেওঁ অধিনায়কত্বত ভাল যিটো শচীনৰ দুৰ্বলতা আছিল । 

সৌৰভৰ দলৰ প্ৰতিজন মহান খেলুৱৈৰ বিকল্প বিৰাটৰ দলত আছে । বিৰাটক যদি শচীনৰ লগত তুলনা কৰিব পাৰি তেনেহলে পুজাৰাক দ্ৰাবিড়ৰ লগত তুলনা কৰিব পাৰি । লক্ষ্মণৰ স্থান ৰাহাণেই সুন্দৰভাৱে গ্ৰহম কৰিবলৈ সক্ষম হৈছে । বিজয়, শিখৰ ধাৱান আৰু কে এল ৰাহুলক সেহৱাগ আৰু গৌতম গম্ভীৰৰ অপেনিং যুটিৰ সৈতে তুলনা কৰিব পাৰোঁ । বলিঙৰ ক্ষেত্ৰত অশ্বিন আৰু জাডেজাই একেলগে কুম্বলে আৰু হৰভজনতকৈ বেছি মেচ জয় কৰিছে । উমেশ য়াদৱ, চামি, ইশান্ত শৰ্মা, বুমৰা, ভুৱনেশ্বৰ কুমাৰে ১৪০ কিলোমিটাৰ প্ৰতি ঘন্টা বেগত পেচ বলিং কৰি গৈছে । 

বিৰাটৰ ভাৰতীয় দল আটাইতকৈ বেছি এথলেটিক আৰু তেওঁলোকৰ ফিল্ডিং সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ । বিৰাটৰ দলত অশ্বিন আৰু জাডেজাৰ দৰে দুজন বিশ্বমানৰ অলৰাউণ্ডাৰ আছে । দুয়োজনেই বিশ্বমানৰ বলাৰো । আনকি জয়ন্ত য়াদৱৰ দৰে এজন নতুন বলাৰেও শতক অৰ্জন কৰিব পাৰে । ইয়াৰ ফলত ভাৰতীয় বেটিঙক গভীৰতা আৰু স্থিৰতা প্ৰদান কৰিছে । ভাৰতীয় দলত শতক অৰ্জন কৰিব পৰা ৯জন বেটছমেন আছে । এয়া কেৱল ভাৰতীয় দলৰ ক্ষেত্ৰতে নহয় বিশ্ব ক্ৰিকেটতো বিৰল । 

আনহাতে প্ৰতিজন খেলুৱৈৰ স্থান ল'ব পৰাকৈ তিনি চাৰিজন খেলুৱৈ আজিৰ তাৰিখত আছে আৰু ই আটাইতকৈ ডাঙৰ শক্তি। শিখৰ ধাৱান আঘাটপ্ৰাপ্ত হ'লে তেওঁৰ স্থান কে এল ৰাহুল বা পাৰ্থিব পেটেলে লয় । ৰাহাণেৰ অনুপস্থিতি আমি অনুভৱ নকৰোঁ কাৰণ তেওঁৰ স্থানত কৰুণ নায়াৰে খেলিব পাৰে । তেওঁ অতি সহজে ত্ৰিশতক কৰিব পাৰে । আনকি ৰোহিত শৰ্মাৰ দৰে প্ৰতিভাশালী খেলুৱৈয়েও নিজৰ স্থান সুৰক্ষিত কৰিবলৈ টান পাইছে । পেচ বলিঙত আমাৰ হাতত অশ্বিন আৰু জাডেজাৰ উপৰিও জয়ন্ত য়াদৱ, অমিত মিশ্ৰাও আছে । 

মই জানো যে মই খুব বিতৰ্কিত কথা এটা কৈ পেলাইছো । মই জানো যে ইয়াৰ বাে মোক কঠোৰ সমালোচনা কৰা হ'ব । কিন্তু কোনটো দলে আজিলৈকে ইংলেণ্ডক ৪-০ত হৰুৱাইছিল ? আঘাতেৰে গ্ৰস্ত হৈ থকা ভাৰতীয় দল এটাই এই প্ৰদৰ্শন কৰা সহজ নাছিল । ইংলেণ্ড ইমানো দুৰ্বল নাছিল অথচ বিৰাটৰ দলে সেই কাম কৰি দেখুৱালে । জ্যেষ্ঠ খেলুৱৈৰ স্থানত কনিষ্ঠ খেলুৱৈৰে কৰা পৰীক্ষা সফল হ'ল আৰু বিৰাটে বিৰাট সফলতা লাভ কৰিলে । আহক আমি সকলোৱে এই দলটোক সন্মান দিও । তেওঁলোক যেন সদায় বিজয়ী হৈ থাকক ।

(আশুতোষ আই বি এন ছেভেনৰ প্ৰাক্তন মেনেজিং এডিটৰ আৰু বৰ্তমান আম আদমী পাৰ্টীৰ মূখপাত্ৰ । প্ৰকাশিত মন্তব্য লেখকৰ নিজৰ । য়'ৰ ষ্ট'ৰীৰ সম্পাদকীয় নীতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বন্ধ কাৰখানা চলাই বিশাল কোম্পানী গঢ়া এজন শ্ৰমিক

জাহাজৰ খালাছী এম জি মুথুৱে গঢ়িলে বিশাল ব্যাৱসায়িক সাম্ৰাজ্য

এইগৰাকী কাশ্মিৰী মহিলাই ফুলৰ খেতিক দিছে এক নতুন ৰূপ

এগৰাকী সফল মুক বধিৰ এথলীট আৰু মডেল ছফিয়া জো