এন ই এইট ষ্টাৰ্টআপছৰ মাহজোৰা অনলাইন বাণিজ্য উৎসৱলৈ ক্ৰেতা-বিক্ৰেতাৰ সঁহাৰি

এন ই এইট ষ্টাৰ্টআপছৰ মাহজোৰা অনলাইন বাণিজ্য উৎসৱলৈ ক্ৰেতা-বিক্ৰেতাৰ সঁহাৰি

Tuesday November 01, 2016,

2 min Read

এন ই এইট ষ্টাৰ্টআপছে দেৱালীৰপৰা আৰম্ভ কৰিছে মাহজোৰা আনলাইন বাণিজ্য উৎসৱ । এন ই শ্বপিং ফেষ্ট ২০১৬ হৈছে উত্তৰ পূবত এনে ধৰণৰ প্ৰথমটো পদক্ষেপ । এ ই এইট ষ্টাৰ্টআপছৰ ইভেন্ট শাখা এন ই এইট এক্সৰ তত্বাৱধানত চলিছে এই বাণিজ্য উৎসৱ ।

"এই বাণিজ্য উৎসৱৰ একমাত্ৰ উদ্দেশ্য হৈছে উত্তৰ পূবৰ বিভিন্ন থলুৱা ব্ৰেণ্ডক উদগণি যোগোৱাৰ লগতে পাৰম্পৰিক আৰু অগতানুগতিক বজাৰ সমূহৰ বৰ্হিসম্পৰ্ক স্থাপন কৰা । " এন ই এইট এক্সৰ মূৰব্বী মনিষ দাসে কয় । 

এন ই এইট ষ্টাৰ্টআপছৰ বিশ্বাস যে সংগঠনটোৱে উত্তৰ পূবৰ ব্ৰেণ্ড সমূহৰ প্ৰসাৰৰ ক্ষেত্ৰত সফলভাৱে চাৰিটা মাহ সম্পূৰ্ণ কৰাৰ উপলক্ষে এই বাণিজ্য উৎসৱ এক উপযুক্ত উদযাপন । 

image


২৫ টাতকৈও অধিক ব্ৰেণ্ড এই বাণিজ্য উৎসৱত জড়িত হৈছে । এন ই এইট ষ্টাৰ্টআপছৰ অপাৰেছনছ মূৰব্বী অনিশা দাসে কয়, "গ্ৰীণ টীৰপৰা আৰম্ভ কৰি হাতে সজা অলংকাৰ, ক'লা চাউল, ভ্ৰমণ পেকেজ, বিভিন্ন খাদ্য সামগ্ৰী আদি সকলোবোৰ এই বাণিজ্য উৎসৱত উপলব্ধ । "

image


এই বাণিজ্য উৎসৱৰ প্ৰতি ইতিমধ্যে যথেষ্ট সঁহাৰি দিছে ৰাইজে । আই আই টি গুৱাহাটীৰ ছাত্ৰ মুকেশ বিয়ে কয়, " এই বাণিজ্য উৎসৱত অন্তৰ্ভুক্ত শিতানবোৰ উত্তৰ পূবৰ সৈতে গভীৰভাৱে সংযুক্ত । " আনহাতে বিক্ৰেতা সকলোৰ মাজতো দেখা গৈছে যথেষ্ট উৎসাহ । ডিমাপুৰৰ মহিলা বস্ত্ৰ বিক্ৰী প্ৰতিষ্ঠান ফিউজনৰ প্ৰতিষ্ঠাতা টেমুছেনলা কিচুৱে কয়, "এই বাণিজ্য উৎসৱে আমাক এখন বহল বজাৰ দিছে আৰু আমি আগলৈও এন ধৰণৰ প্ৰচেষ্টাৰ বাবে বাট চাম ।"

image


এই বাণিজ্য উৎসৱত এন ই এইট ষ্টাৰ্টআপছক সহযোগ কৰিছে কানেক্টিভ প্লাছ, ক্ৰিয়েটিভ' আৰু আইলেণ্ডল' ষ্ট'ৰে । উ"ত্তৰ পূৱত পৰিৱৰ্তন আনাৰ ক্ষেত্ৰত ৰাইজে এ ই এইট ষ্টাৰ্টআপছৰপৰা যথেষ্ট আশা কৰে । এনে ধৰণৰ প্ৰচেষ্টা সফল কৰাৰ বাবে যিকোনো প্ৰত্যাহ্বান আমাৰ বাবে আদৰণীয় ।" এন ই এইট ষ্টাৰ্টআপছৰ প্ৰতিষ্ঠাপক ঋদ্ধিনীল ৰয়ে মন্তব্য কৰে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ঘৰে ঘৰে ভিক্ষা মাগি দৈনিক ১০০০ লোকৰ ক্ষুধা নিবাৰণ কৰে এইজন প্ৰাক্তন সাংবাদিকে

পৰিৱৰ্তন আইডিয়া ফেক্টৰীত পৰিৱৰ্তনৰ আখৰা

উদ্যেগশীলতাৰে উত্তৰ-পূবৰ ছবি সলনি কৰাৰ লক্ষৰে ইটানগৰত 'য়ং লীডাৰছ কানেক্ট'

প্ৰতিশোধ নহয়, অনুকম্পা : পত্নীৰ প্ৰাণ লোৱা হাতীৰ সংৰক্ষণত ব্যস্ত এজন অৱসৰপ্ৰাপ্ত অধ্যাপক