উদ্যেগশীলতাৰে উত্তৰ-পূবৰ ছবি সলনি কৰাৰ লক্ষৰে ইটানগৰত 'য়ং লীডাৰছ কানেক্ট'

উদ্যেগশীলতাৰে উত্তৰ-পূবৰ ছবি সলনি কৰাৰ লক্ষৰে ইটানগৰত 'য়ং লীডাৰছ কানেক্ট'

Monday October 31, 2016,

5 min Read

ইটানগৰত দুদিনীয়াকৈ অনুস্থিত হৈ গ'ল য়ং লীডাৰছ কানেক্ট সমাৰোহ । পঞ্চমবাৰৰ বাবে আয়োজিত এই সমাৰোহত উত্তৰ পূবৰ বিভিন্ন ৰাজ্যৰ উদ্যোগ, ৰাজনীতি, শিক্ষা, ক্ৰীড়া আদি ক্ষেত্ৰৰ যুৱ প্ৰতিভা তথা সফল ব্যক্তিসকলে যোগদান কৰে । ২০১১ চনত কহিমাত আৰম্ভ হোৱা এই সমাৰোহত প্ৰতি বছৰে সৰ্বভাৰতীয় প্ৰেক্ষাপটত উত্তৰ-পূৰ্বাঞ্চলক আগুৱাই নিবৰ বাবে কৌশল নিৰ্ধাৰণ আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত প্ৰয়োজনীয় তৃণমূল পৰ্যায়ৰ চিন্তা চৰ্চা কৰি অহা হৈছে । এই বৰ্ষৰ সমাৰোহত বিশেষ গুৰুত্ব দিয়া হৈছিল ষ্টাৰ্টআপ ক্ষেত্ৰখনত । ষ্টাৰ্টআপ নৰ্থইষ্ট, ষ্টেণ্ডআপ নৰ্থ ইষ্ট আছিল এই বৰ্ষৰ থীম । 

উদ্যোগশীলতা আৰু দক্ষতা বিকাশ সন্দৰ্ভত অনুস্থিত আলোচনা চক্ৰত মূখ্য অতিথি হিচাপে যোগদান কৰি কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যোগশীলতা মন্ত্ৰী ৰাজীৱ প্ৰতাপ ৰুডিয়ে কয়, "যোৱা ছটা দশকত আমি শিক্ষাৰ ওপৰত ইমানেই গুৰুত্ব দিছো যে আমি ৰসায়ন বা উদ্ভিদ বিজ্ঞানৰ অধ্যাপক এজন সহজেই পাই যাওঁ । কিন্তু আমি কাযমিস্ত্ৰী বিদ্যা বা পানীৰ পাইপ মেৰামতি কৰা বিদ্যাৰ অধ্যাপক এজন নাপাও । অন্যান্য দেশত কিন্তু কথাটো বেলেগ । থাইলেণ্ডত আপুনি ৱেল্ডিঙৰ অধ্যআপক এজন পাই যাব । আমি দুৰদৃষ্টিহীন শিক্ষা ব্যৱস্থা এটাৰ যোগেদি নিয়োগৰ অযোগ্য এজস্ৰ শিক্ষিত মানুহ সৃষ্টি কৰিছো । এই পৰিস্থিতি সলনি কৰিব লাগিব। আমি যদি ১২ বছৰৰ স্কুলীয়া শিক্ষাৰ মাজতে ১২ সপ্তাহো দক্ষতা বিকাশৰ শিক্ষা দিব পাৰোঁ তেনেহলে ই ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰভূত সহায় কৰিব ।" 

image


ৰুডিয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলক দক্ষতা বিকাশৰ এটা কেন্দ্ৰ হিচাপে বিবেচনা কৰিছে আৰু এই ক্ষেত্ৰত অন্যান্য পদক্ষেপ শীঘ্ৰেই লোৱা হ'ব । 

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে এই সমাৰোহ অৰুণাচল প্ৰদেশৰ ইতিহাসত এক ঐতিহাসিক ঘটনা । "মই বিশ্বাস কৰোঁ যে উদ্যমী সকলে দেশখন আগুৱাই নিব লাগিব । বহুতে কয় যে উত্তৰ-পূৰ্বাঞ্চল দেশৰ মূলসূঁতিৰপৰা বহু দূৰত । কিন্তু মোৰ বাবে ভাৰতৰ প্ৰতিটো অঞ্চলেই মূলসূঁতি । স্বাধীনতাৰ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চল দেশৰ আটাইতকৈ সম্পদশালী অঞ্চল আছিল । কিন্তু অতি সম্পদশালী হলে মানুহ কেতিয়াবা এলেহুৱা হৈ যায় । অৰুণাচল প্ৰদেশৰ দৰে এখন ৰাজ্য য'ত জনবসতিৰ ঘনত্ব প্ৰতি কিলোমিটাৰত ১৪ জন তেনে স্থানত আচলতে কোনো নিবনুৱা সমস্যা থাকিব নালাগে । কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলটোক নিশ্চিতভাৱে সহায় কৰিব কিন্তু তাৰ আগতে এই এঞ্চলৰ প্ৰতিখন ৰাজ্য একগোট হ'ব লাগিব সমূহীয়া স্বাৰ্থত ।" তেওঁ কয় ।

অৰুণাচল প্ৰদেশৰ মূখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয়, "আমাৰ ৰাজ্যত নিবনুৱা সমস্যা আছে । কিন্তু মোৰ বাবে সকলোকে চৰকাৰী চাকৰি দিয়া সম্ভৱ নহয় । সেয়েহে উদ্যেগশীলতাৰ কথাটো ইয়াত গুৰুত্বপূৰ্ণ হৈ পৰে । আমাৰ ৰাজ্যত পৰ্যটন, শক্তি আদি ক্ষেত্ৰত ব্যাপক সম্ভাৱনা আছে কিন্তু আমাৰ দক্ষ মানৱ সম্পদৰ অভাৱ ।" 

মেঘালয়ৰ সাংসদ কনৰাড চাংমাই উদ্যোগশীলতাৰ গুৰুত্ব সন্দৰ্ভত কয়, "মই ভাবোঁ উদ্যেগশীলতা হৈছে এটা সাহসী পদক্ষেপ সোনকালে লোৱা আৰু এটা সংস্কৃতি গঢ়ি তোলাৰ ক্ষমতা । উত্তৰ পূৰ্বাঞ্চলত মানুহে যিকোনো কামৰ আৰম্ভণী দেৰিকৈ কৰে । উন্নত দেশবোৰত উদ্যমশীলতা ১৮ বছৰ বয়সতে আৰম্ভ হয় ।" 

য়ং লীডাৰছ কানেক্টৰ সভাপতি, কিংবদন্তি ভাৰতীয় ফুটবলাৰ বাইচুং ভুটীয়াও এই সমাৰোহত উপস্থিত থাকে । তেওঁ ৰগৰ কৰি কয় যে YLC হৈছে একমাত্ৰ মঞ্চ য'ত কংগ্ৰেছ আৰু বিজেপিৰ নেতাৰ মাজত সন্মতি দেখা যায় । 

সমাৰোহৰ আৰম্ভণীতে ‘উত্তৰ-পূৰ্বাঞ্চলত উদ্যোগশীলতা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত থকা বাধা আৰু সুবিধাসমূহ’ শীৰ্ষক এখন আলোচনা চক্ৰ অনুস্থিত হয় । চি এন এন-আই বি এনৰ বিজনেছ এডিটৰ কৰ্মা পালজৰে পৰিচালনা কৰা এি আলোচনা চক্ৰত দক্ষতা বিকাশ আৰু উদ্যোগশীলতা মন্ত্ৰালয়ৰ উত্ৰ-পূৱ এন এছ ডি চিৰ মূৰব্বী সপ্নাপতি, আই আই ইৰ চেন্টাৰ ফৰ ইণ্ডাষ্ট্ৰীয়েল এক্সটেন্সনৰ মূৰব্বী শ্ৰীপৰ্ণা বৰুৱা, আৰোহণ ফুডছৰ সহ প্ৰতিষ্ঠাপক অৰিন্দম হাজৰিকা, এছ চি এ গ্ৰুপৰ কাৰ্যবাহী সঞ্চালক ভৈৰৱী জানিয়ে নিজৰ বক্তব্য ৰাখে । 

পালজৰে কয়, "আমাৰ ইয়াত প্ৰতিভাৰ আভাৱ নাই কিন্তু আমি সঠিক ঠাইত সঠিক সুবিধা নাপাওঁ । এমাৰ লক্ষ্য হৈছে এই অঞ্চলৰ যুৱ শক্তিক তেওঁলোকৰ ক্ষমতাৰ সৈতে পৰিচয় কৰোৱাই দিয়া আৰু তেওঁলোকক আগবাঢ়ি যোৱাত সহায় কৰা ।" 

অৰিন্দম হাজৰিকাই উত্তৰ-পূৰ্বঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ বাবে এটা উমৈহতীয়া ভাষাৰ প্ৰয়োজনীয়তাৰ এপৰত গুৰুত্ব দিয়ে । আনহাতে উদ্যোগ অনুকূল এটা পৰিবেশ গঢ়ি তোলাৰ ওপৰত গুৰুতব দিয়ে জানিয়ে । 

উদ্যোগশীলতা- শিক্ষা আৰু উদ্ভাৱন শীৰ্ষক দ্বিতীয় আলোচনা চক্ৰত আই আই এম শ্বিলঙৰ সহযোগী অধ্যাপক নাটালিয়া ৱেষ্ট, এৰিছ এগ্ৰ' প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক ৰাহুল মীৰচন্দানী, আই আই টি গুৱাহাটীৰ কে এম প্ৰসন্না আৰু মেঘালয়ৰ গ্ৰুপ এভিনিউজৰ পৰিচালন সঞ্চালক লাইটৰফ্লাং ষ্টনে অংশগ্ৰহণ কৰে ।

মীৰচন্দানীয়ে শিশু অৱস্থাৰপৰাই আৰ্থিক দিশৰ শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে ষ্ট'নে ছাত্ৰ ছাত্ৰীৰ নিয়োগৰ সম্ভাৱনা উজ্জল কৰাৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থাৰ অাসোঁৱাহৰ কথা আঙুলিয়াই দিয়ে । 

উদ্যোগশীলতাৰ ক্ষেত্ৰত পুঁজিৰ সন্দৰ্ভতো এক আলোচনা চক্ৰ অনুস্থিত হয় । উত্তৰ-পূৱত বিনিয়োগ আৰু পুঁজিৰ অভাৱৰ কাৰণ সমূহ বিশ্লেষণ কৰা হয় এই আলোচনা চক্ৰত । সাংসদ সুস্মিতা দেৱে পৰিচালনা কৰা এই আলোচনা চক্ৰত ডনাৰৰ সচিব নৱীন ৱৰ্মা, নেডফিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক পউল মুকটি আৰু গিছকা ডট কমৰ চি ই অ' তথা সহ প্ৰতিস্থাপক মেঘনাথ সিং উপস্থিত থাকে । 

প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্তত উত্তৰ-পূবৰ উদ্যোগশীলতা সন্দৰ্ভত এখন কৰ্মশালা আৰু ঘুৰণীয়া মেজমোলো অনুস্থিত হয় ।

সমাৰোহৰ দ্বিতীয় দিনৰ কাযসূচীৰ অন্যতম আকৰ্ষণ আছিল অৰুণাচল প্ৰদেশ মূখ্যমন্ত্ৰী নেতৃত্বাধীন মূখ্যমন্ত্ৰী একাদশ আৰু বাইচুং ভুটীয়া নেতৃত্বাধীন ৱাই এল চি একাদশৰ মাজত এখন বন্ধুত্বপূৰ্ণ ফুটবল মেচ । এই মেচত জয়লাভ কৰে মূখ্যমন্ত্ৰী একাদশে ।

দ্বিতীয় দিনৰ কাৰ্যসূচীৰ আৰম্ভণীতে এন ই ডিএফৰ প্ৰতিষ্ঠাপক অধ্যাপক চৈয়দ কাজীয়ে ডিচেম্বৰত অনুস্থিত হ'বলগীয়া উত্তৰ-পূব ষ্টাৰ্টআপ সমাৰোহৰ বিষয়ে ব্যখ্যা কৰে । 

দিনটোৰ আন এক কাৰ্যসূচী আছিল নাগালেণ্ডৰ ইষ্টাৰ্ণ মিৰৰ কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক আবু মেহতাৰ অধ্যক্ষতাত অনুস্থিত এক মত বিনিময় অনুস্থান য'ত অৰুণাচল প্ৰদেশৰ ইষ্টাৰ্ণ চেন্টিনেল কাকতৰ চি ই অ' জাৰপুম গামলিন, একলেকটিক গ্ৰুপৰ পৰিচালন সঞ্চালক তনুশ্ৰী হাজৰিকা, চিক্কিমৰ মে ফেয়াৰ হোটেল আৰু ৰিজৰ্টৰ সঞ্চালক বিয়ৰ্ণ ডেনিছিয়ে নিজৰ উদ্যেগশীলতাৰ অভিজ্ঞতা সম্পৰ্কে বহলাই কয় । 

এই সমাৰোহ উপলক্ষে আয়োজিত দা অন্ট্ৰিপ্ৰিনিঅ'ৰ নামৰ প্ৰতিযোগিতাত চিক্কিমৰ ষ্টাৰ্টআপ নৰ্থ ইষ্ট টেক্সিৰ প্ৰতিষ্ঠাপক ২২ বছৰীয়া ৰেৱাজ চেত্ৰী বিজয়ী হয় । তেওঁ ৫ লাখ টকাৰ এক পুৰষ্কাৰ লাভ কৰে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ৰেষ্টোৰাঁৰ পাকঘৰৰ মজিয়াত শোৱা শিশুটি আজি 'ইডলী কিং' : পি.ৰাজাগোপালৰ ছাৰাৱানা ভৱন

কৰ্মচাৰীক ৪০০ ফ্লেট আৰু ১২৬০ খন গাড়ী দেৱালীৰ বানচ হিচাপে দিয়া এজন ব্যৱসায়ী

ৰোগীৰ মৃত্যুৱে 'ট্ৰেফিক মেন'ত পৰিণত কৰিলে এজন চিকিৎসকক

ডিচেম্বৰত উত্তৰ-পূব ষ্টাৰ্টআপ সমাৰোহ 'আপষ্টাৰ্ট'