পৰিৱৰ্তন আইডিয়া ফেক্টৰীত পৰিৱৰ্তনৰ আখৰা

পৰিৱৰ্তন আইডিয়া ফেক্টৰীত পৰিৱৰ্তনৰ আখৰা

Tuesday November 01, 2016,

2 min Read

গুৱাহাটীত অলপতে অনুস্থিত হৈ গ'ল টি ই এছ - পৰিৱৰ্তন আইডিয়া ফেক্টৰী, আইডিয়া চেলেঞ্জ কন্টেষ্ট। দ্য অন্ট্ৰপ্ৰিনিয়ৰশ্বিপ স্কুল (TES)ৰ সহযোগত পৰিৱৰ্তনে সৰ্বভাৰতীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল । আয়োজক সকলৰ ভাষাত, "এই প্ৰতিযোগিতাই উত্তৰ পূৰ্বঞ্চলৰ ভৱিষ্যৎ গঢ় দিয়াত সহায়ক হোৱাকৈ নতুন নতুন ধাৰণা জন্ম দিয়াৰ ক্ষেত্ৰখন সূচল কৰিব।" 

image


সৰ্বমূঠ ৫০ টা ধাৰণাৰ মাজৰপৰা ২৫ টা চুড়ান্ত বাচনি কৰা হৈছিল প্ৰতিযোগিতাৰ বাবে । এই ২৫ টা ধাৰণাৰ বিষয়ে প্ৰতিযোগীসকলে বিচাৰক মণ্ডলীৰ আগত সবিশেষ তথ্য দাঙি ধৰে । 

উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত এই অনুস্থান মুকলি হয় । এই অনুস্থানত যতীন চৰকাৰ, মনোজ বসুমতাৰী, সঞ্জীৱ শিৱেকে ধৰি বহুকেইজন বিশিষ্ট উদ্যমীয়ে ভাষণ দিয়ে । প্ৰতিযোগীসকলৰ বিভিন্ন ব্যাৱসায়িক ধাৰণাৰ ওপৰত তেওঁলোকে নিজস্ব মতামত দিয়াৰ লগতে দিহা পৰামৰ্শও দিয়ে ।  

image


অসমৰ ভিভিন্ন প্ৰান্তৰৰ লগতে নাগালেণ্ড, কলকাতা আৰু দিল্লীৰ প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰে । চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে কলকাতাৰ শিল্পা এন্টাৰপ্ৰাইজে । তেওঁলোকে প্লাষ্টিক ইনজেকচন সল্ডিং মেচিনৰ বাবে এই পুৰষ্কাৰ লাভ কৰে । দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে ভাৰাঘৰ ডট কম আৰু যাওবল ডট কমে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

উদ্যেগশীলতাৰে উত্তৰ-পূবৰ ছবি সলনি কৰাৰ লক্ষৰে ইটানগৰত 'য়ং লীডাৰছ কানেক্ট'

প্ৰতিশোধ নহয়, অনুকম্পা : পত্নীৰ প্ৰাণ লোৱা হাতীৰ সংৰক্ষণত ব্যস্ত এজন অৱসৰপ্ৰাপ্ত অধ্যাপক

এলিজাবেথৰপৰা ৰেম্ব'লৈকে যিকোনো ৰূপ ধাৰণ কৰিব পৰা এগৰাকী মেক আপ শিল্পী

ৰোগীৰ মৃত্যুৱে 'ট্ৰেফিক মেন'ত পৰিণত কৰিলে এজন চিকিৎসকক