ঘৰে ঘৰে ভিক্ষা মাগি দৈনিক ১০০০ লোকৰ ক্ষুধা নিবাৰণ কৰে এইজন প্ৰাক্তন সাংবাদিকে

ঘৰে ঘৰে ভিক্ষা মাগি দৈনিক ১০০০ লোকৰ ক্ষুধা নিবাৰণ কৰে এইজন প্ৰাক্তন সাংবাদিকে

Monday October 31, 2016,

2 min Read

তাৰা পাটকাৰে ২০১৪ চনত সাংবাদিকতা এৰি আৰম্ভ কৰিছিল ৰোটি বেংক । এই ৰোটি বেংকে বুণ্ডেলখণ্ডৰ মাহোবা জিলাৰ খৰাং পীড়িত অঞ্চলৰ লোকসকলক বিনামূলীয়া খাদ্য প্ৰদান কৰে । ঘৰে ঘৰে ভিক্ষা মাগি তাৰা আৰু তেওঁৰ স্বেচ্ছাসেৱকসকলে খাদ্য সংগ্ৰহ কৰে আৰু প্ৰতিদিনে ১০০০ লোকক খাদ্যৰ যোগান ধৰে ।

Image : Point Blank 7

Image : Point Blank 7


৪৬ বছৰীয়া প্ৰাক্তন সাংবাদিকজন আৰু তেওঁৰ বাৰগৰাকী সহযোগীয়ে মিলি গঠন কৰা বুণ্ডেলি সমাজ নামৰ সংগঠনটোৱে পৰিচালনা কৰে এই প্ৰকল্প । আজি প্ৰায় ১০০০ স্বেচ্ছাসেৱকেৰে ৰোটি বেংক অন্যান্য স্থানলৈও সম্প্ৰসাৰিত হৈছে ।

সম্পূৰ্ণ দানৰ ওপৰত চলা এই প্ৰকল্পৰ প্ৰতি দাতা সকলৰ আছে আকুণ্ঠ সমৰ্থন । "ইয়াত কোনো টকা পইছা জড়িত হৈ থকা নাই। আমি যিসকল চিকিৎসকক আমাৰ লগত জড়িত কৰিছো তেওঁলোকেও বিনামূল্যে নিজৰ সেৱা প্ৰদান কৰে ।" তাৰাই কয় । তাৰাৰ লক্ষ্য এই প্ৰকল্পক ১৩ খন আন জিলাৰ লগতে কাষৰীয়া উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশলৈও সম্প্ৰসাৰিত কৰা । 

তাৰাই স্বীকাৰ কৰে যে ভোকাতুৰক খাদ্য প্ৰদান কৰাটো বিভিন্ন সমস্যআৰ মাত্ৰ এটা দিশহে । তেওঁলোকে এই অঞ্চলত এখন এইমছ স্থাপনৰ দাবীত অনশন কাযসূচীও গ্ৰহণ কৰিছে ।

অকল মাহোবা জিলাতে দুই লাখৰো অধিক লোক চিলিকাৰে প্ৰদুষিত বায়ু সেৱনৰ ফলত চিলিকছিছ ৰোগত আক্ৰান্ত । "এই অঞ্চলৰ পঁয়া লগা স্বাস্থ্য কেন্দ্ৰসমূহ পৰিচালনাৰ বাবে মাত্ৰ ২০ জন চিকিৎলকহে আছে । একেই অৱস্থা আ অঞ্চলতো ।" তাৰাই কয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

উদ্যেগশীলতাৰে উত্তৰ-পূবৰ ছবি সলনি কৰাৰ লক্ষৰে ইটানগৰত 'য়ং লীডাৰছ কানেক্ট'

প্ৰতিশোধ নহয়, অনুকম্পা : পত্নীৰ প্ৰাণ লোৱা হাতীৰ সংৰক্ষণত ব্যস্ত এজন অৱসৰপ্ৰাপ্ত অধ্যাপক

এলিজাবেথৰপৰা ৰেম্ব'লৈকে যিকোনো ৰূপ ধাৰণ কৰিব পৰা এগৰাকী মেক আপ শিল্পী

ৰোগীৰ মৃত্যুৱে 'ট্ৰেফিক মেন'ত পৰিণত কৰিলে এজন চিকিৎসকক