প্ৰতিশোধ নহয়, অনুকম্পা : পত্নীৰ প্ৰাণ লোৱা হাতীৰ সংৰক্ষণত ব্যস্ত এজন অৱসৰপ্ৰাপ্ত অধ্যাপক

প্ৰতিশোধ নহয়, অনুকম্পা : পত্নীৰ প্ৰাণ লোৱা হাতীৰ সংৰক্ষণত ব্যস্ত এজন অৱসৰপ্ৰাপ্ত অধ্যাপক

Monday October 31, 2016,

2 min Read

শংকৰাশান জেনা এজন ৬২ বছৰীয়া অৱসৰপ্ৰাপ্ত অধ্যাপক । উৰিষ্যাৰ জোৰাণ্ডা অঞ্চলৰ হাবি সমূহত তেওঁ হাতীৰ সংৰক্ষণত ব্যস্ত হৈ আছে । এই হাতীয়েই প্ৰাণ লৈছিল তেওঁৰ পত্নীৰ । কিন্তু হাতীৰ প্ৰতি কোনো ঘৃণা বা প্ৰতিশোধৰ ভাৱ নাই তেওঁৰ মনত । বৰঞ্চ হাতীৰ সংৰক্ষণ বাবে তেওঁ বহু মানুহৰ বিৰোধিতাৰো সন্মূখীন হৈছে ।

শংকৰাশানৰ পত্নীৰ মৃত্য ঘটিছিল হিংস্ৰ হৈ পৰা হাতীৰ কাৰণে । কিন্তু এই ঘটনাক অন্য এটা দিশৰপৰা চায় তেওঁ । তেওঁৰ ভাষাত- 

"জন্ম আৰু মৃত্য ভগৱানৰ হাতত । সকলো হাতীকে তাৰ কাৰণে দায়ী কৰিব পৰা নেযায় । পথ দুৰ্ঘটনাৰ বলি হোৱা সকলে পথত খোজ কঢ়া বন্ধ কৰি দিব নেকি ? মই যদি মোৰ পত্নীৰ মৃত্যৰ কাৰণে হাতীবোৰক দেখিব নোৱৰা হওঁ তেনেহলে মই হ'ম পৃথিৱীৰ আটাইতকৈ ডাঙৰ মূৰ্খ ।"

image



২০১৩ চনৰ ১ জানুৱাৰীৰ দিনা শংকৰাশানৰ চকুৰ সন্মূখতে তেওঁৰ পত্নীক হাতীয়ে গচকি গুৰুতৰ ভাৱে আহত কৰিছিল আৰু পাছত তেওঁৰ মৃত্যু হৈছিল । প্ৰাতঃভ্ৰমণলৈ দুয়ো স্বামী-স্ত্ৰী ওলাই যাওঁতেই এই ঘটনা ঘটিছিল । কিছুদিন দুখত থকাৰ পাছত তেওঁ এই হাতীবোৰৰ সংৰক্ষণৰ কাম আৰম্ভ কৰে । তেওঁ কয়, "ভাৰতীয় পৰম্পৰাত হাতীয়ে গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে। কিন্তু মানুহে হাতীৰ বাসভূমি সংকুচিত কৰি আনাৰ ফলত এই নিৰ্জু প্ৰাণীবোৰ মাজে মাজে হিংস্ৰ হৈ উঠে ।"

শংকৰাশানৰ এই কাৰ্যত সহযোগ কৰি আহিছে তেওঁৰ ছাত্ৰ-ছাত্ৰী সকলে । এই প্ৰচেষ্টাৰ ফলত চাৰকাৰী আৰু বেচৰকাৰী দুয়ো স্তৰতে বিষয়টোৰ প্ৰতি সজাগতা বাঢ়িছে । শংকাৰশানে গাৱেঁ গাৱেঁ গৈ এই সন্দৰ্ভত সজাগতা অভিযান চলায় ।

যোৱা পাঁচ বছৰত জোৰাণ্ডাত হাতীৰ আক্ৰমণত ১৫ জন লোকৰ মৃত্য ঘটিছে । প্ৰতি বছৰে উৰিষ্যাত হাতী মানুহৰ সংঘাটত ৬০-৭০ হাতী আৰু মানুহৰ মৃত্য ঘটে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এলিজাবেথৰপৰা ৰেম্ব'লৈকে যিকোনো ৰূপ ধাৰণ কৰিব পৰা এগৰাকী মেক আপ শিল্পী

অচিৰেই সকলো শৈক্ষিক প্ৰমাণপত্ৰ উপলব্ধ হব ডিজিটেল মাধ্যমত

কৰ্মচাৰীক ৪০০ ফ্লেট আৰু ১২৬০ খন গাড়ী দেৱালীৰ বানচ হিচাপে দিয়া এজন ব্যৱসায়ী

মাৰ্চলৈ বিনামূলীয়া সেৱা প্ৰদান কৰিব ৰিলায়েন্স জিঅ'ই