চৰকাৰৰপৰা সহায় নাপাই নিজেই বান্ধ সাজি লোৱা এজন কৃষক

চৰকাৰৰপৰা সহায় নাপাই নিজেই বান্ধ সাজি লোৱা এজন কৃষক

Sunday November 27, 2016,

2 min Read

মহাৰাষ্ট্ৰৰ আকোলা জিলাৰ এজন খেতিয়কে চৰকাৰী অনীহাত বিৰক্ত হৈ নিজৰ মাটি বিক্ৰী কৰি সাজিলে এটা বান্ধ । সঞ্জয় টিৰ্কে নামৰ এই খেতিয়কজন আৰু তেওঁৰ ভাতৃৰ ৩০একৰ মাটি আছিল দূৰ্গৱাড়া গাৱঁৰ মূৰ্টিজাপূৰ তালুকত । তেওঁ তাৰে ১০ একৰ মাটি ব্ক্ৰী কৰি দি পোৱা ৫৫ লাখ টকাৰ ২০ লাখেৰে এটা বান্ধ নিৰ্মাণ কৰে যিটোৱে ৩ কোটি লিটাৰ পানী জমা কৰিব পাৰে । 

Representational Image, Source - The Third Pole

Representational Image, Source - The Third Pole


ৰাজ্য চৰকাৰে ইতিমধ্যে বহুতো আঁচনি ঘোষণা কৰিছে যদিও এইবোৰৰ কোনো সূফল পোৱা হোৱা নাই । আনহাতে কিছুমান আঁচনিয়ে আনকি একো একোটা প্ৰকল্পৰ ব্যয়ো সম্পূৰ্ণৰূপে বহন নকৰে । প্ৰকল্প সমূহৰ অনুমোদনৰ ক্ষেত্ৰতো অযথা পলম হোৱাৰ অভিযোগ উত্থাপন হয় । 

সঞ্জয়ক এই প্ৰচেষ্টাত জলসিঞ্চন বিভাগৰ বিষয়াসকলে কাৰিকৰী জ্ঞানেৰে সহয়া কৰিছিল যদিও আন একাংশ চৰকাৰী বিষয়াই তেওঁক বহুতো হাৰাশাস্তি কৰিছিল । তেওঁ অবৈধ বালি কিনাৰ অভিযোগ কৰি তেওঁৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছিল । 

"এফালে চৰকাৰে কোটি কোটটি টকা জল সংৰক্ষণৰ নামত খৰচ কৰিছে আনফালে যেতিয়া এজন খেতিয়কে নিজৰ খৰচত এটা কাম কৰি লব খোজে তেতিয়া চৰকাৰী বিষয়াই তেওঁক হাৰাশাস্তি কৰে ।" সঞ্জয়ে কয় ।

সঞজয়ে বান্ধটো নিৰ্মাণ কৰাৰ কথা প্ৰচাৰ হোৱাৰ পাছতে বিভিন্ন কৃষক সংগঠনে তেওঁক সহায় কৰিবলৈ আৰম্ভ কৰে । বিশেষকৈ চাৰকাৰী কৰ্মচাৰীয়ে সৃষ্টি কৰা সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোকে সঞ্জয়ক সহায় কৰিবলৈ আৰম্ভ কৰে। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

৮ বছৰ আগতে মই মোৰ মটৰ চাইকেল বেচি পোৱা ১৩ হাজাৰ টকাৰ বাবেই নিজকে ধনী ব্যক্তি বুলি ভাৱিছিলোঃ শচীন ভৰদ্বাজ

ছত্তিছগড়ৰ ভিতৰুৱা অঞ্চলত অজয়ৰ বাইক এম্বুলেন্সেই সাৰথি

মানৱ সৰবৰাহৰ চিকাৰ হোৱা আনোয়াৰা আজি আন্তঃৰাষ্ট্ৰীয় শিশু অধিকাৰ কৰ্মী

এসময়ত শাক পাছলি বিক্ৰী কৰা নিতিন গডছেই ২৫ কোটি টকীয়া কোম্পানী স্থাপন কৰাৰ কাহিনী