মানৱ সৰবৰাহৰ চিকাৰ হোৱা আনোয়াৰা আজি আন্তঃৰাষ্ট্ৰীয় শিশু অধিকাৰ কৰ্মী

মানৱ সৰবৰাহৰ চিকাৰ হোৱা আনোয়াৰা আজি আন্তঃৰাষ্ট্ৰীয় শিশু অধিকাৰ কৰ্মী

Thursday November 24, 2016,

2 min Read

১৮ বছৰ বয়সত পশ্চিম বঙ্গৰ সুন্দৰবনৰ আনোয়াৰা খাতুন পৰিছিল মানৱ সৰবৰাহকাৰী চক্ৰৰ হাতত । আজি তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিশু অধিকাৰ কৰ্মী । তেওঁ ইতিমধ্যে দুবাৰকৈ ৰাষ্ট্ৰসংঘত ভাষণ দিবলৈ আমন্ত্ৰিত হৈছে । ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান বান কী মূন, বিল আৰু মেনিণ্ডা গেটছৰ দৰে ব্যক্তিক লগ পোৱা আনোয়াৰা আজি ২৪ পৰগনা জিলাৰ তেওঁৰ গাওঁ সন্দেশখালিত অতি জনপ্ৰিয় । 

Image : Independent

Image : Independent


"আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মোৰ গাঁৱৰ কাহিনীবোৰ ক'বলৈ পোৱাটোৱে মোক মানসিকভাৱে অধিক শক্তিশালী কৰি তুলিছে ।" আনোয়াৰাই কয় । আনোয়াৰাক তেওঁলোকৰ পৰিয়ালৰ দৰিদ্ৰতাৰ সুযোগতে লিগিৰী হিচাপে সৰবৰাব কৰা হৈছিল । 

আন্তঃৰাষ্ট্ৰীয় সংস্থা ছেভ দা চিলড্ৰেনৰ তত্বাৱধানত আনোয়াৰাই আজি শিশুৰ ৮০ টা গোটক নেতৃত্ব দিয়ে । প্ৰতিটো গোটতে ১০-২০ গৰাকীকৈ শিশু আছে আৰু এওঁলোকে বাল্য বিবাহ, মানৱ সৰবৰাহ আদি বিষয়ৰ লগতে স্বাস্থ্য আৰু শিক্ষা সন্দৰ্ভতো কাম কৰে । 

তেওঁ কয় যে প্ৰথমে যেতিয়া তেওঁ এই বিষয়বোৰ সন্দৰ্ভত মান মাতিছিল তেতিয়া গাওঁবাসীয়ে তেওঁক গুৰুত্ব দিয়া নাছিল । "মই বহু সমালোচনাৰ সন্মূখিন হৈছিলো । কিন্তু এতিয়া সকলোবোৰ সলনি হৈছে । মানুহে মোৰ কথা এতিয়া শুনে ।" তেওঁ কয় । যোৱা বছৰ তেওঁ ৰাষ্ট্ৰসংঘত ছাষ্টেইনেবল ডিভেলপমেন্ট গ'লছ ছামিতত অংশগ্ৰহণ কৰি ভাৰতক প্ৰতিনিধিত্ব কৰিছিল । 

"মই শিশুৰ অধিকাৰৰ বিষয়ে যুঁজিবলৈ বিচাৰোঁ । আটইতকৈ ডাঙৰ সমস্যা হৈছে বিবাহ অথবা শ্ৰমৰ বাবে শিশুৰ সৰবৰাহৰ বিষয়টো । মই নিজে ইয়াৰ ভুক্তিভোগী আৰু মই জানো ই কিমান কষ্টকৰ ।" আনোয়াৰাই কয় ।

বিশ্বৰ বিভিন্ন বিখ্যাত মানুহক লগ পোৱাৰ উপৰিও বিভিন্ন দেশৰ শিশু কৰ্মীক তেওঁ লগ পাইছে আৰু তেওঁতকৈ বেছি সমস্যাৰ সন্মূখিন হোৱা শিশুক লগ পাইছে । আইছিছৰ যৌন দাসী হিচাপে শোষণৰ সন্মুখিন হোৱা ২৩ বছৰীয়া য়েজিদি যুৱতী নাদিয়া মুৰাদক লগ পাই কান্দি পেলাইছিল আনোয়াৰাই । 

"নাদিয়াই জীৱনত বহুত কিবা কিবি হেৰুৱাইছে । মই আচৰিত হও তেওঁ যুঁজিবলৈ ইমান শক্তি ক'ত পায় । তেওঁ মোৰ বাবে আজি প্ৰেৰণাৰ উৎস ।" আনোয়াৰাই কয় । বৰ্তমান তেওঁ বিশ্বৰ শিশু কৰ্মীসকলৰ এটা গোট গঠন কৰি আছে । "দেশে দেশে সমস্যাবোৰ একেই ।" আনোয়াৰাই কয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ছত্তিছগড়ৰ ভিতৰুৱা অঞ্চলত অজয়ৰ বাইক এম্বুলেন্সেই সাৰথি

৮ বছৰ আগতে মই মোৰ মটৰ চাইকেল বেচি পোৱা ১৩ হাজাৰ টকাৰ বাবেই নিজকে ধনী ব্যক্তি বুলি ভাৱিছিলোঃ শচীন ভৰদ্বাজ

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী

আনক সহায় কৰাটো মোৰ অধিকাৰঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন উদ্ভাৱক ড° উদ্ধৱ ভৰালী