এসময়ত শাক পাছলি বিক্ৰী কৰা নিতিন গডছেই ২৫ কোটি টকীয়া কোম্পানী স্থাপন কৰাৰ কাহিনী

এসময়ত শাক পাছলি বিক্ৰী কৰা নিতিন গডছেই ২৫ কোটি টকীয়া কোম্পানী স্থাপন কৰাৰ কাহিনী

Friday November 25, 2016,

2 min Read

৪৩ বছৰীয়া নিতিন গডছেৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ আকলে গাৱঁৰ এটা দুখীয়া পৰিয়ালত । তেওঁলোকৰ পৰিয়ালটো ৪০০ টকাত চলিব লাগিছিল । তেওঁৰ পিতৃ এখন স্থানীয় দোকানৰ কৰ্মচাৰী আছিল । নিতিনেও পথ নিৰ্মাণৰ কামত শ্ৰমিকৰ কাম কৰিছিল । লগতে তেওঁ শাক-পাছলি বিক্ৰীও কৰিছিল ।

Image : Scoopnest / Zee Business

Image : Scoopnest / Zee Business


স্কুল শেষ কৰাৰ পাছত নিতিন এজন অভিযন্তা হ'বলৈ বিচাৰিছিল । কিন্তু আৰ্থিক সমস্যাৰ বাবে পুণে বিশ্বাবিদ্যালয়ৰপৰা বি এছ চি শিক্ষা সমাপ্ত কৰে । শিক্ষা সমাপ্ত কৰি তেওঁ এটা সৰু চাকৰি কৰি এম বি এ কৰিবলৈ ধন জমা কৰিবলৈ ধৰে ।

এম বি এ সম্পূৰ্ণ কৰাৰ পাছত তেওঁ এটা কৃষি ভিত্তিক ষ্টাৰ্টআপত কাম কৰিবলৈ আৰম্ভ কৰে । নিতিনে পুৱা ৩.৩০ বজাৰপৰা মাজনিশালৈকে তেওঁ কাম কৰিছিল । লাহে লাহে তেওঁ তেওঁৰ সকলো কঠোৰ শ্ৰম নিজা ব্যৱসায় আৰম্ভ কৰিবলৈ প্ৰয়োগ কৰাৰ সিদ্ধান্ত লয় । 

"এই ব্যৱসায়টো আৰম্ভ কৰাৰ দিনটো মোৰ আজিও মনত আছে । সেইদিনা সন্ধিয়া মোৰ ল'ৰা আদিত্যৰ জন্মও হৈছিল । শৈশৱৰপৰাই মোৰ ব্যৱসায়ী হোৱাৰ ইচ্ছা আছিল । নিজা ব্যৱসায় আৰম্ভ কৰি স্বাধীন হোৱাৰ দুৰ্বাৰ ইচ্ছা আছিল মোৰ ।" তেওঁ কয় । এজন চিনাকী মানুহৰপৰা ৫ লাখ টকা পুঁজি লৈ তেওঁ ১৯৯৯ চনত এক্সেল গেছ এণ্ড ইকুইপমেন্টছ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানী আৰম্ভ কৰে । 

যোৱা ডেৰ দশক ধৰি নিতিনৰ কোম্পানীটো গেছ পাইপলাইন প্ৰজেক্টৰ ক্ষেত্ৰত এক আগশাৰীৰ কোম্পানীত পৰিণত হৈছে । তেওঁৰ ব্যৱসায়টো বৰ্তমান মধ্য প্ৰাচ্যলৈও প্ৰসাৰিত হৈছে । তেওঁৰ ক্লায়েন্টৰ তালিকাত আছে BARK, চিপলা, ৰিলায়েন্স, ফাইজাৰ, গডৰেজ, ইণ্ডিয়ান ইনস্টিটিউট অৱ চাইন্স আৰু কাটাৰ পেট্ৰলিয়ামৰ দৰে প্ৰতিস্থান আছে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মানৱ সৰবৰাহৰ চিকাৰ হোৱা আনোয়াৰা আজি আন্তঃৰাষ্ট্ৰীয় শিশু অধিকাৰ কৰ্মী

এইগৰাকী কাশ্মীৰি মহিলাই ফুলৰ খেতিক দিছে এক নতুন ৰূপ

বৈধব্যৰ পাছত স্বামীগৃহই ত্যাগ কৰা নিধি এতিয়া সেনা বিষয়া

ধুমুহাৰ ধ্বংসাত্মক শক্তিক সৃষ্টিৰ কামত লগোৱা হৈছে জাপানত