ছত্তিছগড়ৰ ভিতৰুৱা অঞ্চলত অজয়ৰ বাইক এম্বুলেন্সেই সাৰথি

ছত্তিছগড়ৰ ভিতৰুৱা অঞ্চলত অজয়ৰ বাইক এম্বুলেন্সেই সাৰথি

Thursday November 24, 2016,

2 min Read

ছত্তিছগড়ৰ পিছপৰা জনজাতীয় অঞ্চল সমূহত স্বাস্থ্যখণ্ডত আন্তঃগাঁঠনিৰ সমস্যাৰ বাবে মহিলাসকলে বিভিন্ন সমস্যাৰ সন্মূখিন হ'বলগীয়া হয় । বিশেষকৈ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই সমস্যাবোৰে মাৰাত্মক ৰূপ ধাৰণ কৰে । পিছে নাৰায়ণপূৰ জিলাত পিছে পৰিস্থিতি যথেষ্ট সলনি হৈছে এজন ব্যক্তিৰ প্ৰচেষ্টাত । 

Image : (L) - The Indian Express; (R) - Oh My India

Image : (L) - The Indian Express; (R) - Oh My India


থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি অজয় ট্ৰেকাৰু নামৰ এই ব্যক্তিজনে মটৰচাইকেল এম্বুলেন্স প্ৰৱৰ্তন কৰিছে যিবোৰৰ সহায়ত অঞ্চলটোৰ ৰোগীক, বিশেষকৈ মহিলা ৰোগীক সংকটৰ সময়ত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যোৱাতো সহজ হৈ উঠিছে । 

"ইউনিচেফৰ দৰে সামাজিক সংস্থাৰ সহায়ত এই এম্বুলেন্সবোৰে এই অঞ্চলটোৰ ৰোগীক সকাহ দিছে । হাবিতলীয়া অঞ্চলবোৰৰ মাজতো এই মটৰচাইকেল এম্বুলেন্সবোৰ চলিব পাৰে ।" অজয়ে কয় ।

এই এম্বুলেন্সবোৰৰ লগত একোটা কাপোৰেৰ ঢকা অংশও সংযুক্ত থাকে । এই এম্বুলেন্সত চাইৰেণ আৰু প্ৰাথমিক চিকিৎসাৰ আহিলা সংযুক্ত আছে । অজয়ে অকলেই এই এম্বুলেন্স চলাই অন্যান্য ৰোগীৰ লগতে এতিয়ালৈকে ২০০ মহিলাৰ জীৱন ৰক্ষা কৰিছে । 

এনে ধৰণৰ এম্বুলেন্স আফ্ৰিকাৰ দেশ সমূহত ব্যাপক ভাৱে সফল হোৱা দেখিবলৈ পোৱা যায় । ছত্তিছগড়তো ই ব্যাপক সফলতা লাভ কৰিছে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অলিম্পিক মেডেল, গোলগপ্পাৰ ব্যৱসায়: সীতা ছাহুৱে দেখিছে বহু উত্থান পতন

কি কাৰণে এচাম পুৰুষে নাৰীৰ প্ৰতি লোলুপ দৃষ্টি দিয়ে ?

উত্তৰ পূৱত কাঠফুলাৰ খেতিৰে বিপ্লৱ সুচনা কৰা উদ্যমীজন

জনতাৰ কাষ চাপিবলৈ চাইকেলত টহল দিছে চেন্নাই আৰক্ষীয়ে