৮ বছৰ আগতে মই মোৰ মটৰ চাইকেল বেচি পোৱা ১৩ হাজাৰ টকাৰ বাবেই নিজকে ধনী ব্যক্তি বুলি ভাৱিছিলোঃ শচীন ভৰদ্বাজ

৮ বছৰ আগতে মই মোৰ মটৰ চাইকেল বেচি পোৱা ১৩ হাজাৰ টকাৰ বাবেই নিজকে ধনী ব্যক্তি বুলি ভাৱিছিলোঃ শচীন ভৰদ্বাজ

Wednesday December 02, 2015,

5 min Read

আজিৰ পৰা ৮ বছৰ আগতে পুণেৰ এটা দুৱাৰ-খিৰিকী নথকা কোঠাক প্ৰায় দুবছৰ ধৰি কাৰ্যালয় আৰু বাসস্থান হিচাপে ব্যৱহাৰ কৰিছিল শচীন ভৰদ্ধাজে। নিজৰ সেই অৱস্থাৰ বাবে বাংগালুৰুত থকা পিতৃ-মাতৃক নিজৰ ওচৰলৈ মাতিবলৈ তেওঁ লাজ পাইছিল। এয়া তেতিয়াৰ কথা যেতিয়া সুস্বাদু খাদ্য ঘৰলৈ প্ৰেৰণ কৰা ষ্টাৰ্ট-আপ কো্ম্পানী টেষ্টীখানাই চহৰ অঞ্চলত এক মৃদু আলোড়নৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছিল।

প্ৰায়ে অৰ্থনৈতিক দিশত দুঃসহ সময় অতিক্ৰম কৰিবলগীয়া হোৱা শচীনে নিজৰ ঘৰ ভাড়া পৰিশোধ কৰিবলৈ নিজৰ অতি প্ৰিয় হিৰো হোণ্ডা মটৰ-চাইকেলখন ১৩ হাজাৰ টকাত বিক্ৰী কৰিবলগীয়া হৈছিল।

সেয়া আছিল পুৰণি দিনৰ কথা, নিজৰ প্ৰিয় মটৰ-চাইকেলখন বেছি ব্যৱসায় চলোৱা শচীনে আজি চলায় এখন বিলাসী গাড়ী বিএমডাব্লিউ। এটা সন্তানৰ পিতৃ শচীন ভৰদ্ধাজ এতিয়া সাজু হৈছে নিজৰ পৰৱৰ্তী ষ্টাৰ্ট-আপ ‘স্মিংক’ক লৈ।

image


এই পৰিৱৰ্তন আহিছিল যোৱা কেইটামান বছৰত। বিশেষকৈ যোৱা নৱেম্বৰত ১২০ কোটি টকাৰ বিনিময়ত টেষ্টীখানাক ফুডপাণ্ডাই ক্ৰয় কৰে।

ফুডপাণ্ডাৰ অধিগ্ৰহণ বিশেষ এটা মসৃণ নহয়

ফুডপাণ্ডাই টেষ্টীখানাক ক্ৰয় কৰাৰ কথা-বাৰ্তা যোৱা বৰ্ষৰ আগষ্টৰ পৰা আৰম্ভ হৈছিল আৰু বিশেয হেৰ-ফেৰ বা দৰ-দামৰ প্ৰক্ৰিয়া নচলাকৈয়ে চুক্তি সম্পন্ন হৈছিল।

বাৰ্লিনস্থিত ফুড ডেলিভাৰী ষ্টাৰ্ট-আপ ডেলিভাৰী হিৰো, যিটো কোম্পানীয়ে ২০১১ চনত টেষ্টীখানাত ৫ মিলিয়ন ডলাৰ বিনিয়োগ কৰিছিল আৰু টেষ্টীখানাৰ এক বৃহৎ অংশীদাৰ আছিল, সেই কোম্পানীটোৱে এই চুক্তিত সন্মতি দিছিল। এই চুক্তিত শচীন ভৰদ্ধাজ আৰু তেওঁৰ সহযোগী ছেল্ডন সুখী আছিল কিয়নো তেওঁলোকে লাভ কৰা ধনৰাশি টেষ্টীখানাৰ দুৰ্দিনৰ সময়ত তেওলোকক সহযোগ কৰা বিনিয়োগকাৰী তথা টেষ্টীখানাৰ কৰ্মকৰ্তাসকলক পৰিশোধ কৰিব পাৰিছিল।

চুক্তি সম্পন্ন হোৱাৰ কেইমাহমান পাছত কথাবোৰ ভৱাৰ দৰে হোৱা নাছিল। দুয়োটা পৰিচালন গোটৰ মাজত কেতবোৰ এৰাব নোৱাৰা বিসংগতি আছিল।

এই বিসংগতি সম্পৰ্কত যেতিয়া শচীন ভৰদ্ধাজক অধিক প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ বিষয়টো সম্পৰ্কত গভীৰভাৱে কবলৈ অস্বীকাৰ কৰি কৈছিল যে ফুডপাণ্ডাৰ দৰে বৃহৎ গোটৰ কৰ্মসংস্কৃতিৰ বিপৰীতে যোৱা সাতটা বছৰত প্ৰায় ১০০ কৰ্মীৰে গঢ় লৈ উঠা প্ৰতিষ্ঠান টেষ্টীখানাৰ কৰ্মসংস্কৃতি আছিল সম্পূৰ্ণ বিপৰীত।

শচীনে লগতে কৈছিল যে ফুডপাণ্ডাই কিদৰে কাম কৰে সেই সম্পৰ্কত মোৰ কোনো মন্তব্য নাই কিন্তু মই মোৰ নিজৰ ধৰণে কাম কৰোঁ আৰু সেয়া উচিত বুলি ভাৱো।

তেওঁৰ লগতে টেষ্টীখানাৰ পৰিচালন গোটৰ কৰ্মকৰ্তাসকলে মাৰ্চ মাহৰ আৰম্ভণীতেই ফুডপাণ্ডাৰ পৰা পদত্যাগ কৰে। সূত্ৰত প্ৰকাশ যে ফুডপাণ্ডাৰ শ্বেয়াৰত এতিয়াও এওঁলোকৰ কোটি টকা অনাদায় হৈ ওলমি আছে।

‘কোনো ধৰণৰ আপোচ নোহোৱাকৈ ব্যৱসায় এটা কৰাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰোঁ। মই নীতিৰ পৰা আঁতৰি গৈ দুষ্ট বুদ্ধিৰে ব্যৱসায় সম্প্ৰসাৰণত গুৰুত্ব দিয়াতকৈ ধীৰ-স্থিৰ ভাৱে ব্যৱসায় এটা বিস্তাৰ কৰাৰ ওপৰত মনোনিৱেশ কৰোঁ। মই এনেকুৱা এজন মানুহ যিয়ে কেতিয়াও কাকো ঘোচ দি পোৱা নাই। এবাৰ মোৰেই এটা ভূলৰ বাবেই মোৰ অনুজ্ঞাপত্ৰখন বাতিল হৈছিল। কিন্তু মই উৎকোচ দি নিজৰ দোষৰ পৰা মুক্ত হব বিচৰা নাছিলো।’-এইদৰে নিজৰ কথা কয় শচীন ভৰদ্ধাজে।

যেতিয়া তেওঁক প্ৰশ্ন কৰা হৈছিল যে ফুডপাণ্ডাৰ পৰা বিদায়ৰ পাছত তেওঁলোকে কি লাভ কৰিছিল, তেতিয়া তেওঁ সন্তুষ্টিৰে কৈছিল তেওঁ যি পাইছে তাত তেওঁ সুখী। তাৰোপৰি তেওঁলোকৰ মাজৰ যিসকল সহকৰ্মী কিছুমান কাগজী প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল আৰু তাৰ ফলত তেওঁলোক কোম্পানীৰ তৰফৰ পৰা পাবলগীয়া ধনৰাশিৰ পৰা বঞ্চিত হৈছিল, তেওঁলোকক শচীন আৰু ছেল্ডনে নিজৰ তৰফৰ পৰা ধন পৰিশোধ কৰিছে। শচীনে ভাৱে জীৱনটোত যিসকল ব্যক্তিয়ে প্ৰকৃতাৰ্থত আপোনাক বিভিন্ন সময়ত সহায় কৰে তেওঁলোকক পাহৰি যোৱা বা সহায় নকৰাকৈ থকাটো উচিত নহয়।

কিদৰে ছী মি ইন ন’ কিউৰ আৰম্ভণী

ফুডপাণ্ডাৰ সৈতে থকা শেষৰ সময়খিনিতেই শচীন পিতৃত্বৰ দুৱাৰদলিত আছিল আৰু সেই সময়খিনিত শচীনে নিজৰ পত্নীৰ বাবে স্ত্ৰী-ৰোগ বিশেষজ্ঞা তথা বিভিন্ন স্বাস্থ্য পৰীক্ষাৰ বাবে বিভিন্ন ক্লিনিকে ক্লিনিকে ঘূৰিবলগীয়া হৈছিল।

এই সময়ছোৱাত শচীন তথা তেওঁৰ পত্নীয়ে দীৰ্ঘ সময় বিভিন্ন ক্নিনিকত প্ৰতীক্ষা কৰিবলগীয়া হৈছিল। তেওঁ এই সময়তেই বিভিন্ন কামৰ বাবেই মানুহে প্ৰতীক্ষা কৰিবলগীয়া হোৱা বা শাৰী পাতি থিয় হ’বলগীয়া হোৱা কষ্টকৰ কামটোৰ পৰা পৰিত্ৰাণ পাব পাৰি তাৰ চিন্তা চৰ্চা কৰিবলৈ আৰম্ভ কৰি দিছিল।

তেওঁৰ ভাৱ হ'ল কিয় মানুহে এই ৰৈ থকা কামটো অলপ পৰিপাটী কৰি লব নোৱাৰে। প্ৰযুক্তি নিশ্চয়কৈ এই ক্ষেত্ৰত সহায়ক হ’ব। আৰু ভৱামতেই কাম।

শচীন আৰু টেষ্টীখানাৰ তেওঁৰ সহপ্ৰতিষ্ঠাপক ছেল্ডন আৰু লগতে টেষ্টীখানাৰ মুখ্য বিক্ৰী বিষয়া সন্তোষে ইতিমধ্যে ‘ছী মি ইন ন’ কিউ’ চমুকৈ স্মিংকৰ আৰম্ভনি কৰিছে আৰু পুণেৰ প্ৰায় ৮খন ক্লিনিকৰ লগত অংশীদাৰ হৈছে।

স্মিংকে কিদৰে কাম কৰে

স্মিংক হৈছে এটা মোবাইল এপ যিটোৰ জৰিয়তে কোম্পানীবোৰে গ্ৰাহকসকলক সূচাৰুৰূপে পৰিচালনা কৰে। এইটো এটা এনে প্ৰযুক্তি যাৰ জৰিয়তে গ্ৰাহকসকলে ক্লিনিক তথা চিকিৎসকৰ ওচৰত নিজৰ পাল অহাৰ কথা এচএমএচযোগে লাভ কৰে আৰু ইয়াৰ উপৰি তেওঁলোকে বুকিংও কৰিব পাৰে। ইতিমধ্যে বহুকেইগৰাকী চিকিৎসকে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা এই এপটোৰ জৰিয়তে প্ৰতিমাহত এহেজাৰৰো অধিক বুকিং হ’বলৈ আৰম্ভ কৰিছে। তেওঁলোকে আনকি চাকৰিৰ বাবে হোৱা সাক্ষাৎকাৰৰ বাবে হোৱা দীঘলীয়া শাৰী পৰিচালনা কৰিবলৈ মানৱ সম্পদ বিভাগৰ সৈতেও আলোচনা কৰি আছে।

শচীনে কোৱামতে এই প্ৰযুক্তি অন্য ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পৰা যাব। চৰকাৰী কাম-কাজ, পাছ-পৰ্টৰ কাৰ্য়ালয়ত, মটৰ-চাইকেল ষ্টেচন আদিবোৰত ইয়াৰ প্ৰয়োগ ফলপ্ৰসু হ’ব।

খুচুৰা বিক্ৰেতাসকলেও নিজৰ ক্ৰেতা পৰিচালনাৰ বাবে এই প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব পাৰিব। প্ৰতিমাহে গ্ৰাহকৰ পৰিসৰলৈ চাই মাথো দুই হাজাৰ টকাৰ পৰা এই প্ৰযুক্তি উপলব্ধ হৈ আছে।

বিশ্বৰ বিভিন্ন প্ৰান্তত ভিন্ন ষ্টাৰ্ট-আপে এনেধৰণৰ কিউ মেনেজমেন্টৰ কাম কৰি আহিছে। কিন্তু বেছিভাগেই মথো এটা ক্ষেত্ৰতেই ইয়াৰ পৰিসৰ সীমাবদ্ধ কৰি ৰাখিছে। মাথো ব্যতিক্ৰম মাইটাইমছ আৰু কিউ-লেছ।

আৰু ভৱিষ্যতৰ পৰিকল্পনা কি?

'মই এই সম্পৰ্কত আৰু চিন্তা-চৰ্চা কৰি আছো। মই সুখী যে টেষ্টীখানাৰ সফল উথ্থানত যিসকল আছিল তেওঁলোক পুনৰবাৰ এই নতুন প্ৰকল্পত অংশীদাৰ হিচাপে লৈ আগবাঢ়িব পাৰিছো। এই কথাৰে তেওঁ নিশ্চয়কৈ বুজাব বিচাৰিছে যে ব্যৱসায়ৰ উন্নয়ন বাবে নিজৰ মটৰ চাইকেল বেচা বা সৰু কোঠাৰ পৰা ব্যৱসায়িক যাত্ৰা আৰম্ভ কৰি উদ্যোগশীলতাৰ পৰিচয় দিয়া শচীনৰ যাত্ৰা অব্যাহত থাকিব।

লেখক- অৰ্পণা ঘোষ

অনুবাদ- শোণিত কুমাৰ গোস্বামী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী

‘আঞ্জা-আচাৰত লেটি লৈ থকা এই ভাৰতীয়টোক পিটি পিটি ফাঁচী দিব লাগে’: ই-মেইল উদ্ভাৱক শিৱ আয়াদুৰাইৰ বিৰুদ্ধে বৰ্ণবাদী আক্ৰোশৰ কাহিনী

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান