একেলগে এভাৰেষ্ট আৰোহণ কৰা এক ভাৰতীয় দম্পতি

একেলগে এভাৰেষ্ট আৰোহণ কৰা এক ভাৰতীয় দম্পতি

Sunday November 27, 2016,

2 min Read

২০০৮ চনত বিবাহপাশত আবদ্ধ হৈছিল দিনেশ আৰু তাৰকেশ্বৰী ৰাথোড় । মহাৰাষ্ট্ৰ পুলিচত কৰ্মৰত কনিষ্টবল দুয়োজনে তেতিয়াৰেপৰা একেলগে মাউন্ট এভাৰেষ্ট আৰোহণ কৰাৰ সপোন দেখিছিল । আনকি ইয়াৰ বাবেই তেওঁলোকে এভাৰেষ্ট আৰোহণ নকৰা পৰ্যন্ত সন্তান জন্মও দিয়া নাছিল । অৱশেষত ২০১৬ চনৰ ২৩ মেত তেওঁলোকে এই লক্ষ্যত উপনীত হয় ।

Image: The Huffington Post

Image: The Huffington Post


এই লক্ষ্যত উপনীত হোৱাৰ লগে লগে তেওঁলোক এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় দম্পতিত পৰিণত হয় । ইয়াৰ কেইদিনামন আগতে মহাৰাষ্ট্ৰ পুলিচৰ আন এজন কনিষ্টবল ৰফিক শ্বেইখ এভাৰেষ্ট আৰোহণ কৰা প্ৰথম মহাৰাষ্ট্ৰ পুলিচৰ প্ৰথমজন কৰ্মীত পৰিণত হয় ।

'এডভেঞ্চাৰ কাপল' নামেৰে জনাজাত দীনেশ আৰু তাৰকেশ্বৰীয়ে এভাৰেষ্ট আৰোহণ কৰা প্ৰথম নিৰাপত্তাৰক্ষী দম্পতিত পৰিণত হোৱাৰ লগতে প্ৰথম ভাৰতীয় দম্পতিত পৰিণত হয় । "আমি ঠিক কৰিছিলো যে এভাৰেষ্ট আৰোহণ নকৰা পৰ্যন্ত আমি সন্তান জন্ম নিদিও । আমি এই লক্ষ্যত উপনীত হৈ আনন্দিত হৈছো । এতিয়া আমি গৌৰৱেৰে সন্তান জন্ম দিব পাৰোঁ ।" ৰাথোড়ে কয় । তেওঁ কয় যে এভাৰেষ্ট আৰোহণ কৰিবলৈ গৈ তিনিজন ভাৰতীয়ৰ মৃত্যু হোৱা কথাটো শুনি তেওঁলোক যথেষ্ট দুখী হৈছিল । কিন্তু এভাৰেষ্ট আৰোহণ কৰি তেওঁলোক যথেষ্ট গৌৰৱান্বিত । 

৩০ বছৰীয়া এই দম্পতি ২০০৬ চনৰপৰা আৰক্ষীত কৰ্মৰত । ইয়াৰ আগতে তেওঁলোকে অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ শৃংগ আৰোহণ কৰে । তেওঁলোকে ২০১৫ চনতে এভাৰেষ্ট আৰোহণ কৰাৰ পৰিকল্পনা কৰিছিল যদিও ভূমিকম্পৰ বাবে তেওঁলোকে এই পৰিকল্পনা পিছুৱাবলগীয়া হয়। তেওঁলোকৰ সৈতে ফুৰ্বা আৰু ফুছেম্বা নামৰ দুজন শ্বেৰ্পাও এভাৰেষ্টলৈ গৈছিল । এই যাত্ৰাৰ আয়োজন কৰিছিল মাকালু এডভেঞ্চাৰে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ড'নাল্ড ট্ৰাম্পে হৰুৱাব নোৱৰা মুম্বাইৰ মহিলাগৰাকী

পেলনীয়া প্লাষ্টিকেৰে ঘৰ বনায় এইজন সামাজিক উদ্যমীয়ে

আমাজন কতৃপক্ষই কৰ্মচাৰীৰ বাবে পাতিছে এখন অৰণ্য

এসময়ত শাক পাছলি বিক্ৰী কৰা নিতিন গডছেই ২৫ কোটি টকীয়া কোম্পানী স্থাপন কৰাৰ কাহিনী