ড'নাল্ড ট্ৰাম্পে হৰুৱাব নোৱৰা মুম্বাইৰ মহিলাগৰাকী

ড'নাল্ড ট্ৰাম্পে হৰুৱাব নোৱৰা মুম্বাইৰ মহিলাগৰাকী

Saturday November 26, 2016,

2 min Read

পাঁচবছৰ আগতে মুম্বাইত আমেৰিকাৰ নবনিৰ্বাচিত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প হিলাৰী ক্লিন্টনতকৈও শক্তিশালী এগৰাকী প্ৰতিদ্বন্দীৰ সন্মূখিন হৈছিল । ট্ৰাম্পে সেই মহিলাগৰাকীৰ ঘৰটো অধিগ্ৰহণ কৰি তাত ৬৫ মহলীয়া ট্ৰাম্প টাৱাৰ নিৰ্মাণ কৰিব খুজিছিল । কিন্তু মহিলাগৰাকীও সহজে এৰি দিয়া ভকত নাছিল । 

Image : (L) - The Times of India; (R) - Wikimedia Commons

Image : (L) - The Times of India; (R) - Wikimedia Commons


চৌপাটি অঞ্চলৰ পথাৰে প্ৰভূ নামৰ ৮৭ বছৰ পুৰণি েটা অট্টালিকাৰ প্ৰথম মহলাত বাস কৰিছিল গৃহিণী স্মিতা পাণৱালকাৰৰ পৰিয়াল। তেওঁৰ পৰিয়ালত আছিল তেওঁৰ স্বামী, পুত্ৰ আৰু ভাতৃ । সেই অট্টালিকাটোৰ ান ২৫ টা পৰিয়ালৰ দৰে সামান্য ভাড়া দি সুখে সন্তোষে আছিল পৰিয়ালটো ।

কিন্তু ২০১১ চনত ট্ৰাম্পে এজন স্থানীয় ব্যৱসায়ীৰ সৈতে সহযোগিতা কৰি ৫০ টা অতি বিলাসী ফ্লেটেৰে ভাৰতৰ প্ৰথমটো ট্ৰাম্প টাৱাৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰাৰ লগে লগে আৰম্ভ হ'ল সমস্যা । কাষৰীয়া দুটা অট্টালিকা ইতিমধ্যে তেওঁলোকে কিনি পেলাইছিল আৰু সকলো আৱাসীকে ঘৰ এৰি যাবলৈ নিৰ্দেশ দিছিল । সকলোৱে ঘৰ এৰি দিলে কিন্তু স্মিতাই ঘৰ এৰিবলৈ অস্বীকাৰ কৰিলে । "তেওঁলোকে আমাক ক্ষতিপুৰণ দিয়াৰ প্ৰস্তাৱ দিলে কিন্তু স্মিতাই কলে যে আমাক নতুন অট্টালিকাটোত এটা ফ্লেট দিব লাগিব । আমি পিছত গম পাইছিলো যে অট্টালিকাটো বিখ্যাত আমেৰিকান ব্যৱসায়ী ট্ৰাম্পৰ নামেৰ হ'বলগীয়া আছিল ।" স্মিতাৰ স্বামী প্ৰসাদ পাণৱালকাৰে কয় ।

আন সকলো বাসিন্দাই ঘৰবোৰ ২০১১ চনৰ জানুৱাৰীৰ ভিতৰত এৰি দিলে যদিও স্মিতাৰ পৰিয়ালে কিন্তু নেৰিলে । অৱশ্যে ইয়াৰ বাবে তেওঁলোকে বহু সমস্যাৰ সন্মূখিনো হৈছিল । অট্টালিকাটোৰ চোৱা-চিটা কৰিবলৈ কোনো নাছিল আৰু সেয়েহে ইয়াৰ পাইপবোৰ আকামিলা হৈ গৈছিল । এটা সৰু সমস্যাৰ বাবে ৪৫ দিন বিজুলী সৰবৰাহ নোহোৱাকৈ থাকিবলগীয়া হৈছিল তেওঁলোক ।

সেই সময়ত মুম্বাই মিৰৰ কাকতৰ আগত স্মিতাই কৈছিল, "আন ২৫ টা পৰিয়ালে ঘৰ এৰি দিছে । সেইটো তেওঁলোকৰ ইচ্ছা । কিন্তু আমি নেৰোঁ । আমি ধন নলও আমাক ঘৰহে লাগিব ।" 

পৰৱৰ্তী ছবছৰ ধৰি তেওঁলোকে হাৰ নামানিলে । অৱশেষত ২০১৩ চনত ট্ৰাম্পে বেলেগ এটা স্থানত নিজৰ প্ৰকল্প নিৰ্মাণ কৰাৰ সিদ্ধান্ত ল'লে । পিছে এই জয়ৰ আনন্দ উপভোগ কৰাৰ সময় নেপালে স্মিতাৰ পৰিয়ালে । ২০১৫ চনৰ নৱেম্বৰত স্মিতা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমূখত পৰে । 

২০১৬ চনৰ এপ্ৰিলত পাণৱালকাৰ পৰিয়াল স্থানীয় বিল্ডাৰৰ সৈতে বুজাপৰালৈ আহে আৰু ক্ষতিপূৰণৰ বিনিময়ত তেওঁলোকে সেই ঘৰটো এৰি দিয়ে । এইবাৰ আন এজন অংশীদাৰৰ সৈতে স্থানীয় বিল্ডাৰজনে ইয়াত এটা ২২ মহলীয়া ঘৰ নিৰ্মাণ কৰিব আৰু ইয়াত পাণৱালকাৰ পৰিয়ালক এটা ফ্লেট দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে বুলি প্ৰসাদে কয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কি কাৰণে এচাম পুৰুষে নাৰীৰ প্ৰতি লোলুপ দৃষ্টি দিয়ে ?

জনতাৰ কাষ চাপিবলৈ চাইকেলত টহল দিছে চেন্নাই আৰক্ষীয়ে

পেলনীয়া প্লাষ্টিকেৰে ঘৰ বনায় এইজন সামাজিক উদ্যমীয়ে

নগা যুৱতী লুলু ফাইগাই বেলজিয়াম তোলপাৰ লগাইছে নগা ব্যঞ্জনেৰে