পেলনীয়া প্লাষ্টিকেৰে ঘৰ বনায় এইজন সামাজিক উদ্যমীয়ে

পেলনীয়া প্লাষ্টিকেৰে ঘৰ বনায় এইজন সামাজিক উদ্যমীয়ে

Saturday November 26, 2016,

2 min Read

কলম্বিয়াৰ বগটাত জন্ম হোৱা অস্কাৰ আন্দ্ৰেজ মেণ্ডিজ সৰুৰেপৰাই লেটিন আমেৰিকান দেশত প্লাষ্টিক আবৰ্জনাৰ সমস্যাটেক লৈ সজাগ আছিল । স্থাপত্য আৰু সামজিক উদ্যোগ দুয়োটা বিষয় অধ্যয়ন কৰা অস্কাৰ লেটিন আমেৰিকাৰ দেশ সমূহৰ ৪৫ শতাংশ গৃহহীনতাৰ সমস্যাটোৰ সম্পৰ্কেও অৱগত আছিল । এই দুয়োটা সমস্যাৰ সমাধনকল্পে তেওঁ কনচেপ্ট প্লাষ্টিকছ নামৰ এটা কোম্পানী খুলি প্লাষ্টিক আৰু ৰবৰৰ আবৰ্জনাৰপৰা গৃহ নিৰ্মাণৰ ব্যৱসায় আৰম্ভ কৰে ।

Image: The Venture

Image: The Venture


এই ঘৰবোৰ কিছুমান জুই আৰু ভূকম্পন প্ৰতিৰোধী ব্লকেৰে বনোৱা হয় । এইবোৰ ব্যৱহাৰ কৰাটো তেনেই সহজ আৰু এইবোৰ ব্যৱহাৰ কৰি মানুহে নিজেই নিজৰ ঘৰ বনাই ল'ব পাৰে । এইদৰে প্লাষ্টিক আবৰ্জনা ব্যৱহাৰ কৰাৰ ফলত প্ৰদুষণৰ পৰিমাণো কম হয় । লগতে ই দৰিদ্ৰতা নিৰ্মূলকৰণতো সহায় কৰিছে বুলি অস্কাৰে কয় । 

অস্কাৰে কয়, "আমাৰ এই ব্যৱসায়ৰ স্পষ্ট সামাজিক, পাৰিপাৰ্শ্বিক আৰু অৰ্থনৈতিক প্ৰভাৱ আছে । আমি গৃহনিৰ্মাণৰ সুবিধা দি সামাজিক উন্নয়নতো অৰিহণা যোগাইছো । আমাৰ প্ৰযুক্তিয়ে সামজিক পূনৰ্গঠনতো সহায় কৰিছে ।" জনসাধাৰণক পূনৰ ব্যৱহাৰযোগ্য সামগ্ৰীৰ উপকাৰিতা সম্পৰ্কেও শিক্ষিত কৰে অস্কাৰৰ কোম্পানীয়ে ।

অস্কাৰৰ জন্ম হৈছিল বগ'টাত । কম বয়সৰপৰাই তেওঁ তেওঁৰ চহৰৰ স্থাপত্যৰ দ্বাৰা প্ৰভাৱিত হৈছিল । লগতে স্কুলত তেওঁ যি মূল্যবোধৰ শিক্ষা পাইছিল সি তেওঁৰ জীৱন আৰু ব্যৱসায় গঢ়াত সহায় কৰিছে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এইগৰাকী কাশ্মীৰি মহিলাই ফুলৰ খেতিক দিছে এক নতুন ৰূপ

এসময়ত শাক পাছলি বিক্ৰী কৰা নিতিন গডছেই ২৫ কোটি টকীয়া কোম্পানী স্থাপন কৰাৰ কাহিনী

পৰিস্থিতিৰ বিৰুদ্ধে গৈ ব্যৱসায় স্থাপন কৰা এগৰাকী কাশ্মীৰী যুৱতী

আমাজন কতৃপক্ষই কৰ্মচাৰীৰ বাবে পাতিছে এখন অৰণ্য