আমাজন কতৃপক্ষই কৰ্মচাৰীৰ বাবে পাতিছে এখন অৰণ্য

0

ই-কমাৰ্চ প্ৰতিষ্ঠান আমাজনে আমেৰিকা ছিয়াটলস্থিত নিজৰ মূখ্য কাৰ্যালয়ৰপৰা নাতিদূৰত নিৰ্মাণ কৰিছে ৩০০০ উদ্ভিদ প্ৰজাতিৰ এখ সেউজ গৃহ । ইয়াত বিভিন্ন ধৰণৰ উদ্ভিদ লালন পালন কৰা হৈছে । ইয়াত কিছুমান নতুন ধৰণৰ উদ্ভাৱন কামত লগোৱা হৈছে । ইয়াত স্থাপিত কেইটামান স্বচ্ছ গোলকৰ আশে পাশে বিভিন্ন উচ্চতাৰ ঘৰ বনোৱা হৈছে । এইবোৰে এটা উচ্চমানৰ সেউজ গৃহ হিচাপে কাম কৰিব ।

Image: The New York Times
Image: The New York Times

"এই সৌধবোৰ ছিয়াটলৰ বিখ্যাত সৌধ হৈ পৰাটো আমি বিচাৰিছো ।" আমাজনৰ শীৰ্ষ বিষয়া জন স্কটলাৰে কয় । ২০১৮ চনত আমাজন কৰ্মচাৰীসকলৰ বসবাসৰ বাবে মুকলি হ'বৰ সময়ত ইয়াত গছৰ েপৰত ঘৰ বনাব পৰা হ'ব । এই ঘৰবোৰৰ বেৰবোৰ গছলতাৰে বনোৱা হ'ব । প্ৰায় এটা দশক পূৰ্বে আমাজনে ইয়াৰ মূখ্য কাৰ্যালয় ছিয়াটলতে থাকিব বুলি সিদ্ধান্ত লৈছিল। এই প্ৰকল্পত আমাজনে ৪০০ কোটি মাৰ্কিন ডলাৰ ব্যয় কৰিছে । 

এই গোলকসমূহত কেৱল আমাজনৰ কৰ্মচাৰীহে সোমাব পাৰিব । অৱশ্যে পিছলৈ অন্য লোকৰ বাবে এইবোৰ মুকলি কৰা হ'ব পাৰে । এই ঘৰবোৰত থাকিব কিছুমান সভাগৃহ । এই সভাগৃহসমূহক ট্ৰী হাউছ বুলি কোৱা হৈছে । লগতে থাকিব গছে গছে যাব পৰা দলং । এই স্থানক গছ আৰু মানুহ দুয়োৰে উপযোগীকৈ নিৰ্মাণ কৰিবলৈ স্থপতিসকলে বহু চেষ্টা চলাইছে । গছ-গছনিৰে ভৰা পৰিবেশত জলীয় বাষ্পি কম্পিউটাৰ স্ক্ৰীণৰ ক্ষতি নকৰিবলৈ বিশেষ ব্যৱস্থা গ্হণ কৰা হৈছে । দিনৰ সময়ছোৱাত এই গোলকৰ তাপমান ৭২ ডিগ্ৰী ফাৰেণহাইট আৰু জলীয় বাষ্প ৬০ শতাংশ, ৰাতিৰ ভাগত তাপমান ৫৫ শতাংশ আৰু জলীয় বাষ্প ৮৫ শতাংশ ৰখা হ'ব ।

প্ৰাকৃতিক পৰিবেশৰ মাজত থকাৰ ফলত কৰ্মচাৰীসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থকাৰ লগতে ই তেওঁলোকৰ কৰ্মদক্ষতা বৃদ্ধি কৰিব বুলি বিশ্বাস কৰে আমাজন কতৃপক্ষই । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ভি চি আৰু ষ্টাৰ্টআপৰ সম্পৰ্কৰ ভেটি কি?

এসময়ত শাক পাছলি বিক্ৰী কৰা নিতিন গডছেই ২৫ কোটি টকীয়া কোম্পানী স্থাপন কৰাৰ কাহিনী

পৰিস্থিতিৰ বিৰুদ্ধে গৈ ব্যৱসায় স্থাপন কৰা এগৰাকী কাশ্মীৰী যুৱতী

অনলাইনৰ লগতে অফলাইন ক্ষেত্ৰখনতো গুৰুত্ব দিয়ক