বাট পথ নথকা এখন গাৱঁত কিয় বাস কৰে আইআইটিৰ প্ৰাক্তন অধ্যাপক আলোক সাগৰে

বাট পথ নথকা এখন গাৱঁত কিয় বাস কৰে আইআইটিৰ প্ৰাক্তন অধ্যাপক আলোক সাগৰে

Wednesday September 14, 2016,

2 min Read

আইআইটি দিল্লীৰপৰা স্নাতকোত্তৰ ডিগ্ৰী আৰু হষ্টন বিশ্ববিদ্যালয়ৰপৰা পিএইচডি কৰিছিল আলোক সাগৰে । আইআইটিৰ এই প্ৰাক্তন অধ্যাপকজন বিগত ৩২ বছৰ ধৰি মধ্য প্ৰদেশৰ জনজাতীয় গাৱঁত বাস কৰিছে আৰু জনজাতীয় লোকসকলক সেৱা আগবঢ়াই আহিছে ।

Images : Patrika

Images : Patrika


আইআইটি দিল্লীত অধ্যাপনা কৰাৰ সময়ত আলোক সাগৰে প্ৰাক্তন ৰিজাৰ্ভ বেংক গৱৰ্ণৰ ৰঘূৰাম ৰাজনকে ধৰি বহুজনক শিক্ষাদান কৰিছিল । আইআইটিৰ চাকৰি বাদ দি তেওঁ মধ্যপ্ৰদেশৰ বেতুল আৰু হোছাঙ্গাবাদ জিলাৰ জনজাতীয় লোকসকলৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰে । যোৱা ২৬ বছৰ ধৰি তেওঁ কোচামু নামৰ এখন ভিতৰুৱা গাৱঁত বাস কৰি আহিছে য'ত ৭৫০ জন মানুহে বাস কৰে আৰু ইয়াত মাত্ৰ এখন প্ৰাথমিক বিদ্যালয় আছে । তাত কোনো বাট পথ অথবা বিজুলীবাতিৰ ব্যৱস্থা নাই ।

সেই অঞ্চলটোত ৫০,০০০ গছ ৰোৱা আলোকে বিশ্বাস কৰে যে তৃণমূল পৰ্যায়ত কাম কৰি দেশৰ সেৱা আৰু ভালকৈ কৰিব পাৰি । "ভাৰতত সমস্যা বহুত । কিন্তু বেছিভাগ মানুহ সমস্যা সমাধানতকৈ তেওঁলোকৰ ডিগ্ৰী প্ৰদৰ্শনত ব্যস্ত ।" আলোকে কয় ।

সকলো ধৰণৰ বাহুল্যৰপৰা দুৰত থকা আলোকে জনচক্ষুৰপৰা আঁতৰি থাকি ভাল পায় । বেতুলৰ পৌৰ নিৰ্বাচনৰ সময়ত তেওঁক লৈ সন্দিঘ্ন হৈ পৰা স্থানীয় কতৃপক্ষই তেওঁক সেই স্থান ত্যাগ কৰাৰ নিৰ্দেশ দিছিল । কিন্তু আলোকৰ প্ৰকৃত পৰিচয় পাই আচিৰত হৈ পৰিছিল জিলা প্ৰশাসন । 

আলোকৰ সহজ সৰল জীৱনযাত্ৰা বহুতৰ বাবে প্ৰেৰণাৰ উৎস । মাত্ৰ তিনিযোৰ কাপোৰ আৰু এখন চাইকেলেই তেওঁৰ সম্বল। গোটেই দিনটো তেওঁ জনজাতীয় লোকসকলৰ মাজত বীজ বিতৰণ কৰি কটায় । জনজাতীয় লোকসকলৰ ভাষাৰ উপৰিও অন্যান্য কেইবাটাও ভাষা ক'ব পৰা আলোক শ্ৰমিক আদিবাসী সংগঠন নামৰ সংস্থাটোৰ সৈতেও জড়িত ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এতিয়া যিকোনো নাগৰিকে পদ্ম বঁটাৰ বাবে উপযুক্ত লোকৰ নাম প্ৰস্তাৱ কৰিব পাৰিব

পেৰালিম্পিকত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা দীপা মালিক

ভৰি নোহোৱাকৈয়ে ফুটবল খেলে আব্দুল্লাই

এজন কুখ্যাত ড্ৰাগ মাফিয়াৰ জীৱনৰপৰা দুটামান শিক্ষা