এতিয়া যিকোনো নাগৰিকে পদ্ম বঁটাৰ বাবে উপযুক্ত লোকৰ নাম প্ৰস্তাৱ কৰিব পাৰিব

এতিয়া যিকোনো নাগৰিকে পদ্ম বঁটাৰ বাবে উপযুক্ত লোকৰ নাম প্ৰস্তাৱ কৰিব পাৰিব

Tuesday September 13, 2016,

2 min Read

পদ্ম পুৰষ্কাৰৰ মনোনয়ন সাধাৰণ নাগৰিকেও কৰিব পৰা ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাৰ চিন্তা-চৰ্চা কৰিছে ভাৰত চৰকাৰে । সংবাদ প্ৰতিস্থান পিটিআইৰ এটা সূত্ৰৰ মতে অচিৰেই যিকোনো ভাৰতীয় নাগৰিকে পদ্ম পুৰষ্কাৰৰ বাবে কোনো ব্যক্তিৰ নাম প্ৰস্তাৱ কৰিব পাৰিব । পদ্ম বঁটা প্ৰদানৰ প্ৰক্ৰিয়াটোক অধিক স্বচ্ছ কৰি তোলাৰ বাবে ভাৰত চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে । 

image


এই মনোনয়ন অনলাইন কৰিব পৰা যাব । অৱশ্যে এই বাবে মনোনয়ন কৰোঁতাৰ আধাৰ কাৰ্ড নম্বৰৰ প্ৰয়োজন হ'ব । ইয়াৰ ফলত দেশৰ চুকে কোণে বিয়পি থকা আৰু সকলোৱে নাম নজনা অথচ যোগ্য ব্যক্তিক মনোনীত কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব বুলি ভবা হৈছে । সৰল অনলাইন প্ৰক্ৰিয়াৰ ফলত অধিক সংখ্যক লোক ইয়াৰ সৈতে জড়িত হ'ব বুলিও ধাৰণা কৰা হৈছে । 

এই প্ৰক্ৰিয়াৰ দ্বাৰা পদ্ম পুৰষ্কাৰ সমূহক এটা বিশেষ শ্ৰেণীৰ হস্তগত হৈ নথকাটো নিশ্চিত কৰাৰ চেষ্টা কৰা হৈছে বুলি সূত্ৰটোত প্ৰকাশ । 

ইফালে ১৯৫৪ চনৰপৰা ২০১৬ চনলৈ সকলো পদ্ম পুৰষ্কাৰ বিজেতাৰ বিষয়ে তথ্য লাভৰ এক অনলাইন মঞ্চ স্থাপন কৰিছে চৰকাৰে । www.padmaawards.gov.in নামৰ এই ৱেবচাইটটোৰ যোগেদি ৪৪০০ পদ্ম বঁটা বিজয়ীৰ তথ্য লাভ কৰিব পৰা যাব। ১৯৭৭ৰপৰা ১৯৮০ লৈ আৰু ১৯৯৩ চনৰপৰা ১৯৯৭ লৈ এই সময়ছোৱা বাদ দি ১৯৫৪ চনৰপৰা প্ৰতিবছৰে পদ্ম পুৰষ্কাৰ সমূহ দি অহা হৈছে । বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱা লোকক পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্মবিভূষণ পুৰষ্কাৰেৰে সন্মানিত কৰি অহা হৈছে ।

(পিটিআই)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

১৪৫ টা ডিগ্ৰীৰ গৰাকী অধ্যাপক পাৰ্থিবেন

অচ্যুতানন্দ সামন্তৰ বিচিত্ৰ জীৱন আৰু সামাজিক যুঁজখন

পেইন্টিঙৰ বজাৰত এক নতুন কনচেপ্টেৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা এক পিতৃ-কন্যা যুটি 

৯৪ বছৰ বয়সত গ্ৰামপ্ৰধান হিচাপে নিৰ্বাচিত গঙ্গুবাই ভাম্বুৰে