পেৰালিম্পিকত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা দীপা মালিক

পেৰালিম্পিকত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা দীপা মালিক

Wednesday September 14, 2016,

2 min Read

দীপা মালিকে ৰচিলে ইতিহাস । ৰিঅ' পেৰালিম্পিকত শ্বটপুটত ৰূপৰ পদক লাভ কৰি তেওঁ হৈ পৰিল পেৰালিম্পিকত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা । 

ছটা প্ৰচেষ্টাত সৰ্বাধিক ৪.৬১ মিটাৰ শ্বটপুট দলিয়াই তেওঁ ৰূপৰ পদক সুনিশ্চিত কৰে । এই সফলতাৰ বাবে তেওঁক হাৰিয়ানা চৰকাৰে চাৰি কোটি টকাৰ পুৰষ্কাৰ আগবঢ়াব । 

এই প্ৰতিযোগিতাত সোণ আৰু ব্ৰঞ্জৰ পদক ক্ৰমে বাহৰেইনৰ ফাটেমা নেধাম আৰু গ্ৰীচৰ ডিমিত্ৰা কৰ'কিডাই লাভ কৰে ।

image


দুটা সন্তানৰ মাতৃ দীপাৰ শৰীৰৰ কঁকালৰপৰা তলৰ অংশ বিকল । তেওঁৰ স্বামী এজন সেনা বিষয়া । সোতৰ বছৰৰ আগেয়ে ৰাজহাড়ৰ টিউমাৰৰ ফলত দীপাই খোজ কঢ়াৰ শক্তি হেৰুৱাইছিল । এই টিউমাৰ আঁতৰাবলৈ ৩১ টা অস্ত্ৰোপচাৰ আৰু ১৮৩ টা চিলাই কৰিবলগীয়া হৈছিল । শ্বটপুটৰ উপৰিও দীপাই জেভলিন থ্ৰ' আৰু সাঁতোৰতো যোগদান কৰে । তেওঁ এগৰাকী মটিভেচনেল স্পীকাৰ অৰ্থাৎ প্ৰেৰণাদায়ী বক্তাও । আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত পদক লাভ কৰাৰ লগতে তেওঁ জেভলিন থ্ৰ'ৰ এছিয়ান ৰেকৰ্ডো কৰি থৈছে । লগতে ২০১১ চনত শ্বটপুট দলিয়াই বিশ্ব চেম্পিয়নশ্বিপো জয় কৰি থৈছে তেওঁ ।

দীপাৰ পদকটো হৈছে ৰিঅ' পেৰালিম্পিকত ভাৰতৰ তৃতীয় পদক । ইয়াৰ আগতে মেৰিয়াপ্পান থাংগাৱেলু আৰু ৱৰুণ সিং ভাটিয়ে পুৰুষৰ হাই জাম্পত ক্ৰমে সোণ আৰু ৰূপৰ পদক লাভ কৰিছিল ।

ত্ৰিশ বছৰ বয়সত শেষবাৰৰ বাবে মাত্ৰ সাত দিন খোজ কঢ়াৰ পৰামৰ্শ চিকিৎসকে যেতিয়া দিছিল তেতিয়া ভাগি নপৰি দীপাই আৰম্ভ কৰিছিল শাৰীৰিক ব্যায়াম । যাৰ ফলত আজি তেওঁ ৫৮ টা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সন্মান, ১৭ টা আন্তঃৰাষ্ট্ৰীয় সন্মান, জেভলিনৰ বাবে দুটা এছিয়ান ৰেকৰ্ডৰ গৰাকী । তেওঁ ইতিমধ্য অৰ্জুন বঁটা লাভ কৰাৰ লগতে হিমালয়ৰ ১৮০০০ ফুট উচ্চতাত আঠদিন একৰাহে গাড়ী চলাই লিমকা বুক অৱ ৰেকৰ্ডছতো নিজৰ নাম লিপিবদ্ধ কৰি থৈছে ।

(পিটিআই)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এজন কুখ্যাত ড্ৰাগ মাফিয়াৰ জীৱনৰপৰা দুটামান শিক্ষা

ভৰি নোহোৱাকৈয়ে ফুটবল খেলে আব্দুল্লাই

এতিয়া যিকোনো নাগৰিকে পদ্ম বঁটাৰ বাবে উপযুক্ত লোকৰ নাম প্ৰস্তাৱ কৰিব পাৰিব

দক্ষিণ মেৰু, এভাৰেষ্ট আৰু চিয়াচেন আৰোহণ কৰা একমাত্ৰ ভাৰতীয় অৰ্জুন থাপা