ভৰি নোহোৱাকৈয়ে ফুটবল খেলে আব্দুল্লাই

ভৰি নোহোৱাকৈয়ে ফুটবল খেলে আব্দুল্লাই

Wednesday September 14, 2016,

2 min Read

মাত্ৰ সাত বছৰ বয়সত এটা ভয়ঙ্কৰ দুৰ্ঘটনাত দুয়োটা ভৰি হেৰুৱাইছিল মহম্মদ আব্দুল্লাই । আজি ২২ বছৰ বয়সত এই বাংলাদেশী ষুৱকজনে ফুটবল খেলি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে । তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফুটবল খেলাই নহয়, নিজৰ আদৰ্শ ফুটবলাৰ ক্ৰিষ্টিয়ান' ৰণাল্ড'ক লগ কৰাৰ সপোনো পুঁহি ৰাখিছে ।

Image : Daily Mail

Image : Daily Mail


সৰুতেই মাকে এৰি থৈ যোৱা আব্দুল্লাক তেওঁৰ পিতৃ আৰু মাহীমাকে ডাঙৰ কৰিছিল । অভিযোগমতে তেওঁ পৰিয়ালৰ অত্যাচাৰত ঘৰ এৰি পলাইছিল । কেইমাহমান পথত ভিক্ষা কৰি কটোৱাৰ পিছত তেওঁক তেওঁৰ আইতাকে নিজৰ লগত ৰাখিছিল ।

২০০১ চনত এটা ৰেল যাত্ৰাৰ সময়ত তেওঁ এটা দুৰ্ঘটনাৰ মূখামূখি হয় । এই দুৰ্ঘটনাত দুয়োটা ভৰি হেৰুউৱা আব্দুল্লাক অপৰাজেয় বাংলা নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ দায়িত্বত চমজাই দিয়া হয় । এই সংস্থাটোৱে তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে তেওঁ হুইল চেয়াৰত চলা ফিৰা কৰাৰো সক্ষম কৰি তোলে । 

কিন্তু এই দুৰ্ঘটনাই তেওঁৰ মনৰপৰা ফুটবল খেলাৰ ইচ্ছাক নাইকীয়া কৰিব নোৱাৰিলে । "মই প্ৰথমে হাতেৰে খেলিছিলো কিন্তু আন শিশুবোৰে মোক ভৰিৰে খেলিবলৈ কোৱাত মই ভৰিৰে খেলিবলৈ আৰম্ভ কৰিলো । লাহে লাহে মই মোৰ অসম্পূৰ্ণ ভৰিৰেই ভালকৈ খেলিবলৈ শিকিলো ।" আব্দুল্লাই কয় ।

ফুটবল খেলাৰ বাহিৰে আব্দুল্লাই এটা ফেৰী ঘাটত বস্তু উঠা নমা কৰাৰ কাম কৰে । আব্দুল্লাৰ খেল দেখি মূগ্ধ বহুজন । কিন্তু আব্দুল্লাৰ মতে সেয়া তেওঁৰ সপোনৰ শেষ নহয় । তেওঁৰ সপোন পেছাদাৰী ফুটবল খেলা আৰু ক্ৰিষ্টিয়ান' ৰণাল্ড'ক লগ কৰা ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এতিয়া যিকোনো নাগৰিকে পদ্ম বঁটাৰ বাবে উপযুক্ত লোকৰ নাম প্ৰস্তাৱ কৰিব পাৰিব 

এজন কুখ্যাত ড্ৰাগ মাফিয়াৰ জীৱনৰপৰা দুটামান শিক্ষা

১৪৫ টা ডিগ্ৰীৰ গৰাকী অধ্যাপক পাৰ্থিবেন

অচ্যুতানন্দ সামন্তৰ বিচিত্ৰ জীৱন আৰু সামাজিক যুঁজখন