এজন কুখ্যাত ড্ৰাগ মাফিয়াৰ জীৱনৰপৰা দুটামান শিক্ষা

আমি আপোনাক আন এজন ড্ৰাগ মাফিয়া হ'বলৈ অথবা অপৰাধ জগতত ভৰি দিবলৈ উৎসাহ দিয়া নাই । মাত্ৰ এই কুখ্যাত অপৰাধীজনৰ বিচক্ষণতাক আপুনি কিদৰে ভাল কামত প্ৰয়োগ কৰিব পাৰে তাকেহে ক'বলৈ বিচৰা হৈছে ।

এজন কুখ্যাত ড্ৰাগ মাফিয়াৰ জীৱনৰপৰা দুটামান শিক্ষা

Tuesday September 13, 2016,

4 min Read

প্ৰাচীন ভাৰতীয় শাস্ত্ৰত কোৱা হৈছে বেয়াৰ মাজতো যদি কিবা ভাল থাকে তাক গ্ৰহণ কৰিব লাগে । বেয়া মানুহৰপৰাও শিকিবলগীয়া থাকিব পাৰে আৰু সেই কাৰণেই ৰামে লক্ষ্মণক ৰাৱণৰপৰা জ্ঞান লোৱাৰ উপদেশ দিছিল । 

আমি প্ৰায়েই বিখ্যাত লোকসকলৰ প্ৰতিটো কামৰ প্ৰশংসা কৰোঁ । বিশেষকৈ উদ্যোগজগতৰ স্বনামধন্য ব্যক্তিসকলৰ ক্ষেত্ৰত আমি তেওঁলোকৰ সাহসী আৰু সময়োপযোগী সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ লগতে উপযুক্ত সময় আৰু সুযোগৰ সুবিধা ল'ব পৰা গুণৰ প্ৰশংসা কৰোঁ । কিন্তু কুখ্যাত ব্যক্তিসকলৰ সফলতাৰ ক্ষেত্ৰত একেবোৰ স্বভাৱৰ প্ৰশংসা আমি নকৰোঁ নৈতিক কাৰণত।

Image : www.telegraph.uk

Image : www.telegraph.uk


কিন্তু আজি আমি এজন কুখ্যাত ব্যক্তিৰ জীৱনৰপৰা শিকিব পৰা দুটামান কথাৰ বিষয়ে আলোচনা কৰিম । আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ কুখ্যাত ড্ৰাগ মাফিয়া পাবলো এছকোবাৰ, যাৰ কুখ্যাতিৰ লগতে ব্যাৱসায়িক বুদ্ধিৰ প্ৰখৰতা আছিল চমক লগা । ২৫ বিলিয়ন মাৰ্কিন ডলাৰেৰে ফৰ্বছৰ ধনী ব্যক্তিৰ তালিকাত স্থান পোৱা এছকোবাৰৰপৰা শিকিব পৰা কেইটামান ব্যাৱসায়িক পাঠ আমি আলোচনা কৰিব খুজিছো ।

অৱশ্যে আমি আপোনাক আন এজন ড্ৰাগ মাফিয়া হবলৈ অথবা অপৰাধ জগতত ভৰি দিবলৈ উৎসাহ দিয়া নাই । মাত্ৰ এই কুখ্যাত অপৰাধীজনৰ বিচক্ষণতাক আপুনি কিদৰে ভাল কামত প্ৰয়োগ কৰিব পাৰে তাকেহে ক'বলৈ বিচৰা হৈছে ।

আপোনাৰ উৎপাদৰ মূল্য ভালকৈ বুজক

এছকোবাৰে নিজৰ ব্যৱসায় আৰম্ভ কৰিছিল মদ আৰু ধঁপাতেৰে । এই সামগ্ৰী সমূহত ভাল লাভ থাকিলেও এই সামগ্ৰীবোৰৰ ৰপ্তানিৰ বাবে তেওঁ কৰিবলগীয়া কষ্টৰ তুলনাত সি বৰ লাভজনক নাছিল । অতি সোনকালে তেওঁ বুজি পালে ড্ৰাগছৰ বজাৰখনৰ ভৱিষ্যৎ আৰু আৰম্ভ কৰিলে শুদ্ধ কলম্বিয়ান কোকেইনৰ ৰপ্তানি । আৰু শীঘ্ৰেই তেওঁ দখল কৰিলে আমেৰিকাৰ বজাৰখন । 

বজাৰখনক বুজক

এছকোবাৰে কলম্বিয়াৰ বজাৰখনতে কোকেইনৰ ব্যৱসায় আৰম্ভ কৰিছিল । ১৯৭০ চনত তেওঁ এক গ্ৰাম কোকেইন বিক্ৰী কৰিছিল ১০ ডলাৰত । কিন্তু এক কিলোগ্ৰাম কোকেইন প্ৰস্তুত কৰিবলৈ তেওঁ খৰচ কৰিবলগীয়া হৈছিল ১৫০০ ডলাৰ । গতিকে ই বৰ লাভজনক নাছিল । গতিকে তেওঁ সন্ধান কৰিলে নতুন এখন বজাৰৰ । আমেৰিকা যুক্তৰাষ্ট্ৰত তেতিয়া যৌনতা, ড্ৰাগছ আৰু ৰক এণ্ড ৰলৰ পয়োভৰ । ডেকা-গাভৰুৰ অধিকাংশৰ জীৱনযাত্ৰা তেতিয়া উদ্দাম । এই উশৃংখল জীৱনধাৰাৰ অন্যতম কেন্দ্ৰ মায়ামি বীচত এছকোবাৰে আৰম্ভ কৰিলে তেওঁৰ ব্যৱসায় । এক গ্ৰাম কোকেইন তেওঁ ৫০০ ডলাৰত বিক্ৰী কৰিবলৈ ধৰিলে । এয়াই আছিল আমেৰিকাৰ ড্ৰাগছৰ সাম্ৰাজ্যত কলম্বিয়াৰ আধিপত্যৰ আৰম্ভণী । 

প্ৰতিদ্বন্দীৰ লগত ৰাখক 

এছকোবাৰে ব্যৱসায় আৰম্ভ কৰিবৰ সময়ত কলম্বিয়াৰ ড্ৰাগছৰ বজাৰখনত যথেষ্ট প্ৰতিযোগিতা আছিল । ইতিমধ্যে বহু দশক জুৰি কেইবাটাও মাফিয়া পৰিয়াল এই ব্যৱসায়ত প্ৰতিস্থিত হৈ বহি আছিল । এছকোবাৰে এই প্ৰতিদ্বন্দীসকলৰ সৈতে যুদ্ধ নকৰি তেওঁলোকৰ লগত সহযোগিতাৰ নীতি গ্ৰহণ কৰিলে । তেওঁ তেওঁৰ প্ৰতিষ্ঠানৰ সৈতে একলগে কাম কৰি বিশ্বৰ ড্ৰাগছৰ বজাৰখন দখল কৰাৰ প্ৰস্তাৱ দিলে এই ব্যৱসায়ীসকলক । এছকোবাৰৰ সৈতে একেলগে কাম কৰাৰ লাভৰ বিষয়ে পতিয়ন যাবলৈ তেওঁলোকক বেছি সময় নালাগিল । এইদৰেই এছকোবাৰৰ 'মেডেলিন কাৰ্টেল' বিশ্বৰ আটাইতকৈ লাভজনক ড্ৰাগছ চক্ৰ হৈ উঠিল । ইয়াৰ ভেটি আছিল এটা সহজ নীতি - 'তোমাৰ বন্ধুক কাষত ৰাখা আৰু শত্ৰুক তাতোকৈ কাষত ।'

ব্ৰেণ্ড ইমেজ

কলম্বিয়াৰ আৰক্ষীকে ধৰি বিভিন্ন মহলত তেওঁৰ অবৈধ ব্যৱসায়ৰ খবৰ দ্ৰুত গতিত বিয়পি পৰিছিল যদিও এছকোবাৰে নিজৰ ভাৱমূৰ্তি বজায় ৰাখিবলৈ সক্ষম হৈছিল । আজীৱন কলম্বিয়াৰ ৰাষ্ট্ৰপতি হোৱাৰ সপোন দেখা এছকোবাৰে নিজকে এটা জনপ্ৰিয় ব্ৰেণ্ডত পৰিণত কৰিবলৈ সকলো চেষ্টা কৰিছিল । বিভিন্ন সামাজিক কাম-কাজত জড়িত হোৱাৰ লগতে জনাসাধাৰণৰ মাজত ধন বিতৰণ কৰি 'কলম্বিয়ান ৰবিনহুড' হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল তেওঁ । 

বিচক্ষণ কিন্তু সাহসী সিদ্ধান্ত

এটা কথা অনস্বীকাৰ্য যে এছকোবাৰে সকলো আইন -কানুন ভঙ্গ কৰি নিজৰ বিলিয়ন ডলাৰ সাম্ৰাজ্য গঢ়িছিল । তেওঁৰ ভাষাত, 'সকলো সাম্ৰাজ্যই তেজ আৰু জুইৰে গঢ়া হয়' । এই কাম কৰিবলৈ তেওঁ বিপদক আকোঁৱালি লৈছিল যদিও এই সাহসী সিদ্ধান্তবোৰ আছিল অতি বিচক্ষণ । আনকি যেতিয়া তেওঁ অৱশেষত ধৰা পৰি কাৰাৰুদ্ধ হৈছিল তেতিয়াও তেওঁ নিজৰ বিচক্ষণতাৰে কাৰগাৰখনকে নিজৰ মতে গঢ়িবলৈ কতৃপক্ষক সৈমান কৰাব পাৰিছিল । এই কাম কৰিবলৈ কেৱল ধনেই যথেষ্ট নাছিল । অত্যন্ত বিচক্ষণতাৰে তেওঁ কতৃপক্ষৰ লগত এই ক্ষেত্ৰত দৰদাম কৰিছিল । 

অধ্যৱসায় আৰু ভাগৰি নপৰা স্বভাৱ

বেয়া কামত প্ৰয়োগ হলেও এছকোবাৰৰ অধ্যৱসায় আৰু অক্লান্ত পৰিশ্ৰমেই আছিল তেওঁৰ বিশাল সাম্ৰাজ্যৰ ভেটি । সকলো সফল ব্যক্তিৰ দৰেই নিজৰ সপোন পুৰণৰ বাবে যিকোনো কষ্ট কৰিবলৈ তেওঁ প্ৰস্তুত থাকিছিল ।

সকলো অপৰাধীৰ শেষ যিদৰে হয় এছকোবাৰৰ ক্ষেত্ৰতো সেয়েই হৈছিল । কিছুদিন কাৰগাৰত থকাৰ পাছত আৰক্ষীৰ হাতত নিহত হৈছিল কুখ্যাত ড্ৰাগ মাফিয়া এছকোবাৰ । সেয়া আছিল তেওঁৰ কৰ্মফল । কিন্তু এটা কথা সকলোৱে স্বীকাৰ কৰে যে বিচক্ষণতা আৰু প্ৰখৰ ব্যাৱসায়িক বুদ্ধিৰ বলতে তেওঁ গঢ়ি তুলিছিল নিজৰ বিশ্বজোৰা সাম্ৰাজ্য ।

মূল- সঞ্জনা ৰায়

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অচ্যুতানন্দ সামন্তৰ বিচিত্ৰ জীৱন আৰু সামাজিক যুঁজখন

১৪৫ টা ডিগ্ৰীৰ গৰাকী অধ্যাপক পাৰ্থিবেন

পেইন্টিঙৰ বজাৰত এক নতুন কনচেপ্টেৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা এক পিতৃ-কন্যা যুটি 

১০০ বছৰীয়া এথলীটে ভাৰতলৈ আনিলে স্বৰ্ণপদক