চৰাইৰ সুবিধাৰ বাবেই ১৭ বছৰে ফটকা ফুটোৱা নাই তামিল নাডুৰ আঠখন গাঁৱৰ ৰাইজে

চৰাইৰ সুবিধাৰ বাবেই ১৭ বছৰে ফটকা ফুটোৱা নাই তামিল নাডুৰ আঠখন গাঁৱৰ ৰাইজে

Thursday November 03, 2016,

2 min Read

তামিল নাডুৰ এৰড জিলাৰ আঠখন গাঁৱৰ ৰাইজে যোৱা ১৭ বছৰ ধৰি দেৱালীত ফটকা ফুটোৱা নাই । কাষৰীয়া ভেলোৰ অভয়াৰণ্যৰ চৰাইবোৰৰ অসুবিধা হয় বুলিয়েই তেওঁলোকে এইদৰে ফটকা বৰ্জন কৰি আহিছে । 

Representational Image; Source : (L) 4jat.com; (R) - Alaivani

Representational Image; Source : (L) 4jat.com; (R) - Alaivani


১৯৯৬ চনত ৮০ হেক্টৰ মাটি আগুৰি স্থাপন কৰা হৈছিল ভেলোৰ অভয়াৰণ্য । সেই দিন ধৰি ইয়াৰ আশে পাশে থকা আঠখন গাঁৱৰ ৭৫০ টা পৰিয়ালে দেৱালীত ফটকা ফুটোৱা নাই । কাৰণ ছেপ্টেম্বৰ অক্টৌবৰ মাহত অভয়াৰণ্যখনলৈ হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই আহে আৰু ফটকাৰ শব্দই এই চৰাইবোৰক আতংকিত কৰাৰ সম্ভাৱনা থাকে ।

এৰড অঞ্চলৰ তালাকাৰাই, ডড্ডাকম্বাই, ছলাগানাই, ছুণ্ডাপুৰ, কাঠিৰিমালাই, কাক্কায়ানুৰ আৰু কান্থাদি আঞ্চলৰ লোক লকলৰ লগতে সত্যমঙ্গলম ব্ৰাঘ্ৰ্য অভয়াৰণ্যৰ হছনুৰ আৰু সত্যমঙ্গলম অঞ্চলৰ লোক সকলে সম্পূৰ্ণৰূপে ফটকা বৰ্জন কৰি আহিছে ।

এই সময়ছোৱাত অষ্ট্ৰলিয়া, নিউজিলেণ্ডকে ধৰি বহু দূৰ-দূৰণিৰ পৰিভ্ৰমী পক্ষী তিনি চাৰি মাহৰ বাবে এই অঞ্চলটোলৈ আহে । ৭৩ বছৰীয়া স্থানীয় ব্যক্তি চিন্নস্বামী গাউণ্ডাৰে কয় যে এসময়ত তেওঁলোকে ফটাক ফুটাইছিল । কিন্তু বিগত ১৭ বছৰ ধৰি তেওঁলোকে চৰাইৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ফটকা বৰ্জন কৰি আহিছে । 

এই অঞ্চলটোৰ ৰাইজ অভয়াৰণ্যখনক লৈ অত্যন্ত সজাগ । কিছুবছৰ আগলৈকে দেৱালীত ফুলজাৰি পৰ্যন্ত জলোৱা নহৈছিল। আজিকালি কিছুমান শিশুৱে ফুলজাৰি জলায় যদিও ফটকা এতিয়াও বৰ্জিত ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ভাৰতৰ 'ব্ৰা কুইন' অৰ্পিতা গণেশে চলাইছে মানসিকতা সলনিৰ অভিযান

উদ্যোগীক সহায় কৰিবলৈ চাকৰি এৰিছিল নাগালেণ্ডৰ এই প্ৰাক্তন প্ৰৱক্তাজনে

ভাৰতীয় মহিলাৰ সবলীকৰণৰ বাবে লোভনীয় চাকৰি ত্যাগ কৰা মহিলাগৰাকী

এন ই এইট ষ্টাৰ্টআপছৰ মাহজোৰা অনলাইন বাণিজ্য উৎসৱলৈ ক্ৰেতা-বিক্ৰেতাৰ সঁহাৰি