ভাৰতৰ 'ব্ৰা কুইন' অৰ্পিতা গণেশে চলাইছে মানসিকতা সলনিৰ অভিযান

ভাৰতৰ 'ব্ৰা কুইন' অৰ্পিতা গণেশে চলাইছে মানসিকতা সলনিৰ অভিযান

Thursday November 03, 2016,

5 min Read

স্বাস্থ্যৰ সৈতে জড়িত দৈনন্দিন জীৱনৰ এপদ অতি লাগতিয়াল বস্তু । এই বস্তুবিধৰ বিষয়ে সঠিক জ্ঞানৰ অভাৱে স্বাস্থ্যজনিত সমস্যাৰো সৃষ্টি কৰিব পাৰে । কিন্তু এই বিষয়ে কথা পতাটো ভাৰতীয় মহিলাৰ বাবে যেন অশোভনীয় । এই বিষয়ে কথা পাতিলে যেন এগৰাকী মহিলাক সভ্য আৰু সুসংস্কৃত মহিলাৰ তালিকাৰ পৰা বাদ দিয়া হ'ব । চৰম অসুবিধাৰ মাজত থাকিও এই বিষয়ে নিশ্চুপ হৈ থকাটোৱেই ভাৰতীয় মহিলাৰ বাবে যেন সন্মানজনক । 

এই বস্তুবিধ হৈছে মহিলাৰ অন্তৰ্বাস । আমাৰ সমাজত মহিলাৰ অন্তৰ্বাস যেন লাগতীয়াল এপদ বস্তুৰ সলনি যৌনতাৰহে প্ৰতীক। এই পৰিস্থিতি সলনি কৰাৰ বাবে এক প্ৰচেষ্টা হাতত লৈছিল এগৰাকী সাহসী মহিলাই । তেওঁ মহিলাৰ অন্তৰ্বাস বিশেষকৈ বক্ষবন্ধনী সম্পৰ্কীয় আলোচনাক ৰহস্যময়তা আৰু চাঞ্চল্যধৰ্মিতাৰপৰা আঁতৰাই স্বাভাৱিক আৰু সুস্থ ৰূপ দিয়াৰ বাবে এক প্ৰত্যাহ্বানপূৰ্ণ পথত খোজ থৈছিল । তেওঁৰ নাম অৰ্পিতা গণেশ । অৰ্পিতা আজি ভাৰতৰ 'ব্ৰা কুইন' ৰূপে পৰিচিত । 

মহিলাৰ অন্তৰ্বাসৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ বিশেষজ্ঞ ৰূপে পৰিচিত অৰ্পিতা । অৰ্পিতাৰ প্ৰচেষ্টাতে ভাৰতীয় মহিলাই মুকলিকৈ এই ক্ষেত্ৰত নিজৰ প্ৰয়োজন আৰু পচণ্ডৰ কথা ক'ব পৰা এটা পৰিবেশ সৃষ্টি হৈছে ।

স্বাভাবিকতে এই যাত্ৰা সহজ নাছিল । বিগত কেইটামান বছৰত তেওঁ বহুতো প্ৰত্যাহ্বানৰ সন্মূখীন হৈছে । উত্থান-পতনেৰে ভৰা এই যাত্ৰাত তেওঁ ভাৰতীয় মহিলাৰ মাজত অন্তৰ্বাস সম্পৰ্কে থকা বহু ভূল ধাৰণা আঁতৰ কৰিছে, বহু পুৰণি কথাক মিছা প্ৰতিপন্ন কৰিছে । 

image


সমাজত মহিলাৰ অন্তৰ্বাস সম্পৰ্কে মানসিকতা সলনি কৰা আৰু সজাগতা অনাৰ বাবে অৰ্পিতাই আৰম্ভ কৰিলে এটা অভিযান। এই অভিযানক আগ বঢ়াই নিবলৈ তেওঁ বহু মহিলা আৰু যুৱতীক শিক্ষিত কৰিবলগীয়া হৈছিল । মহিলা সকলৰ মনত সোমাই থকা কেতবোৰ পুৰণিকলীয়া চিন্তাধাৰা আঁতৰ কৰিবলৈ তেওঁ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল । অন্তৰ্বাসৰ বিষয়ে সজাগতাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ বিষয়ে অজ্ঞতাৰ অপকাৰ সম্পৰ্কে তেওঁ বহুতকে জ্ঞান দিবলগীয়া হৈছিল । এই কাৰ্যত তেওঁ বিশেষভাৱে ব্যৱহাৰ কৰিছিল ছচিয়েল নেটৱৰ্কিং চাইটছ । 

১৯৯৮ৰপৰা ২০০৮ লৈকে ক্ৰিয়েটিভ এড এজেন্সি চলোৱা অৰ্পিতাৰ মনত সদায়েই আছিল কিবা এটা নতুন আৰু ডাঙৰ কাম কৰাৰ ইচ্ছা । ঘটনাক্ৰমে এদিন নিউ য়ৰ্কত সঠিক জোখৰ ব্ৰা সম্পৰ্কীয় এখন কৰ্মশালাত কৌতুহলবশতঃ উপস্থিত হৈছিলগৈ তেওঁ। অৰ্পিতাৰ ভাষাত, "এই অনুস্থানটোত মই নিজক চোৱাৰ এটা নতুন দৃষ্টিভঙ্গী লাভ কৰিছিলো আৰু মই আচৰিত হৈ আৱিষ্কাৰ কৰিছিলো সঠিক জোখৰ ব্ৰা এটাৰ প্ৰয়োজনীয়তা আৰু ই আনি দিয়া আত্মবিশ্বাস । সেই মুহুৰ্তৰ পৰাই ব্ৰা হৈ পৰিছিল মোৰ জীৱন ।" এই নিচাৰ ফলতেই তেওঁ বাটাৰকাপছ নামৰ এথন অন্তৰ্বাসৰ বুটিক আৰম্ভ কৰিলে । ই আছিল ভাৰতৰ প্ৰথম হাই এণ্ড লঞ্জাৰী বুটিক । ফ্ৰান্স আৰু বেলজিয়ামৰ দুটা বিখ্যাত ব্ৰা ব্ৰেণ্ডৰ প্ৰশিক্ষণ কেন্দ্ৰত তেওঁ ব্ৰা ফিটিং আৰু ব্ৰা মেকিঙৰ বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰিলে । নিজৰ বুটিকৰ যোগেদি অৰ্পিতাই ভাৰতত বিশ্বমানৰ ব্ৰা যোগান ধৰিবলৈ আৰম্ভ কৰিলে । 

image


অৰ্পিতাই ভাৰতীয় মহিলা সকলক এটা কথা উপলব্ধি কৰোৱালে যে অন্তৰ্বাস সদায় নিজৰ সুবিধা অনুযায়ী পৰিধান কৰা উচিত আৰু লগতে নিজৰ পচণ্ডৰ ওপৰতো গুৰুত্ব দিয়া উচিত ।

বাটাৰকাপছৰ সফলতাৰ বাবে তেওঁ এটা নতুন বিজনেছ মডেলো প্ৰস্তুত কৰিলে । তেওঁ ব্ৰা বিক্ৰী কেৱল বুটিকৰ মাজতে সীমাবদ্ধ নাৰাখি অনলাইন বিক্ৰীতো গুৰুত্ব দিলে । ইয়াৰ ফলত মহিলা সকলে নিসংকোচে নিজৰ পচণ্ডৰ ব্ৰা ঘৰতে বহি কিনাৰ সুবিধা লাভ কৰিলে । তেওঁলোকৰ বাবে এতিয়া নিজৰ পচণ্ডৰ ব্ৰা এটাৰ সকলো দিশ চালি জাৰি চোৱাটো সুবিধাজনক হৈ পৰিল । লগতে হ'ম ডেলিভাৰীৰ সুবিধাটো আছিলেই । এই সুবিধাৰ বাবেই অৰ্পিতাৰ ব্ৰাৰ বিক্ৰী সাংঘাটিক ধৰণে বাঢ়ি গ'ল।

মহিলা সকলৰ মাজত অৰ্পিতাৰ ব্ৰা সমূহৰ বিপুল জনপ্ৰিয়তা আৰু চমকপ্ৰদ সফলতাৰ বাবেই তেওঁ ভাৰতৰ 'ব্ৰা কুইন' নামেৰ জনাজাত হৈ পৰিল । আজি কেৱল ভাৰততে নহয় ভাৰতৰ বাহিৰতো তেওঁক ভাৰতৰ 'ব্ৰা কুইন' ৰূপে জনা যায় । 

'ব্ৰা কুইন' কথাটোক লৈ অৰ্পিতাৰ কোনো আপত্তি নাই বৰঞ্চ তেওঁ ইয়াক লৈ গৌৰবান্বিত । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত 'ইণ্ডিয়ান ব্ৰা লেডী' বা 'ব্ৰা কুইন' বুলি পৰিচয় দিবলৈ তেওঁ ভাল পায় । তেওঁ এই কথাক লৈ গৌৰৱ কৰে যে এটা অগতানুগতিক পথেৰ ভ্ৰমণ কৰি তেওঁ এগৰাকী সফল উদ্যোগীত পৰিণত হ'ল। কেৱল সেয়ে নহয় তেওঁ যে কোনেও নকৰা এটা কামৰ মাজেৰে ভাৰতীয় মহিলা সকলৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ প্ৰয়োজন পূৰণ কৰি তেওঁলোকক আনন্দ দিব পাৰিছে তাক লৈ তেওঁ গৌৰবান্বিত । 

image


কিন্তু ইমানতে তেওঁ থমকি ৰোৱা নাই । তেওঁ নিজৰ ব্ৰাৰ বিক্ৰী বঢ়াবলৈ তেওঁ প্ৰৱৰ্তন কৰিছে এটা মবাইল এপ । ইয়াৰ জৰিয়তে মহিলা সকলে যিকোনো স্থানৰপৰাই তেওঁৰ ব্ৰা কিনিব পাৰে । আনকি পুৰুষ সকলেও নিজৰ প্ৰিয়জনক নিসংকোচে এই এপৰ জৰিয়তে ব্ৰা উপহাৰ দিব পাৰে ।

অৰ্পিতাই স্বীকাৰ কৰে যে বিদেশী কোম্পানীৰ অনলাইন এপৰ পৰা তেওঁ যথেষ্ট প্ৰত্যাহ্বান লাভ কৰিছে । বিশেষকৈ যিবোৰ ব্ৰেণ্ডে সস্তীয়া, ষ্টাইলিছ আৰু যৌন উত্তেজক ডিজাইনৰ ব্ৰা বিক্ৰী কৰে সেইবোৰৰপৰা তেওঁ যথেষ্ট প্ৰত্যহ্বানৰ সনমূখীন হৈছে । কিন্তু মানৰ ক্ষেত্ৰত কোনো আপোচ কৰিবলৈ ৰাজী নহয় অৰ্পিতা । তেওঁৰ মতে ইয়েই তেওঁৰ পৰিচয় আৰু ইয়েই তেওঁৰ ব্ৰা সমূহক দিছে এক সুকীয়া পৰিচয় আৰু ব্যাপক জনপ্ৰিয়তা । 

বিগত ৬ বছৰত অৰ্পিতাই লাভ কৰিছে কেইবাটাও ডাঙৰ সফলতা । 

সমগ্ৰ বিশ্বৰ ৩০০০ তকৈও অধিক মহিলা তেওঁৰ ব্ৰা ব্লগ abrathatfitsৰ সৈতে পোনপটীয়াকৈ জড়িত । এই ব্লগত তেওঁ মহিলা সকলক স্বাস্থ্য সন্মত আৰু সঠিক জোখৰ ব্ৰা সম্পৰ্কে জানিবলগীয়া সকলো কথা জনোৱাৰ প্ৰয়াস কৰে । কেৱল সেয়ে নহয় বিশ্বৰ ডাঙৰ ডাঙৰ অন্তৰ্বাস ব্ৰেণ্ডে ব্ৰা নিৰ্মাণৰ ক্ষেত্ৰত অৰ্পিতাৰ পৰামৰ্শ বিচাৰে । বহু বিখ্যাত ডিজাইনাৰে অৰ্পিতাৰ সৈতে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে । অৰ্পিতা এই কথাক লৈ আনন্দিত যে তেওঁ বিপদৰ সময়ত হাৰ মনা নাছিল । বহু সময়ত তেওঁ গ্ৰহণ কৰা পথ এৰি দিয়াৰ ইচ্ছা আহিলেও তেওঁ নিজৰ লক্ষ্যৰ দিশে আগুৱাই গৈ আছিল আৰু ইয়াৰ ফলতেই আজি তেওঁ হৈ পৰিল ভাৰতৰ 'ব্ৰা কুইন' ।

মূল- গীতা পৰশুৰাম

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

উদ্যোগীক সহায় কৰিবলৈ চাকৰি এৰিছিল নাগালেণ্ডৰ এই প্ৰাক্তন প্ৰৱক্তাজনে

এন ই এইট ষ্টাৰ্টআপছৰ মাহজোৰা অনলাইন বাণিজ্য উৎসৱলৈ ক্ৰেতা-বিক্ৰেতাৰ সঁহাৰি

প্ৰতিশোধ নহয়, অনুকম্পা : পত্নীৰ প্ৰাণ লোৱা হাতীৰ সংৰক্ষণত ব্যস্ত এজন অৱসৰপ্ৰাপ্ত অধ্যাপক

ভাৰতীয় মহিলাৰ সবলীকৰণৰ বাবে লোভনীয় চাকৰি ত্যাগ কৰা মহিলাগৰাকী