উদ্যোগীক সহায় কৰিবলৈ চাকৰি এৰিছিল নাগালেণ্ডৰ এই প্ৰাক্তন প্ৰৱক্তাজনে

উদ্যোগীক সহায় কৰিবলৈ চাকৰি এৰিছিল নাগালেণ্ডৰ এই প্ৰাক্তন প্ৰৱক্তাজনে

Tuesday November 01, 2016,

2 min Read

শ্বোৱাব ফাউণ্ডেচনে প্ৰদান কৰা ২০১৬ চনৰ ছ'চিয়েল অন্ট্ৰপ্ৰিনিয়ৰ অৱ দ ইয়েৰ বঁটা লাভ কৰিছে নাগলেণ্ডৰ নেইচুটে ডৌল'ৱে। নাগালেণ্ডৰ বেপ্টিষ্ট কলেজৰ অৰ্থনীতিৰ প্ৰাক্তন প্ৰৱক্তাজনে উত্তৰ-পূবৰ বিভিন্ন যুৱক যুৱতীক উদ্যমিতাৰ প্ৰশিক্ষণ দি তেওঁলোকক ১৫০০০ চাকৰি সৃষ্টি কৰাত সহায় কৰিছে । 

Image : NELive

Image : NELive


২০০০ চনত এটা সুৰক্ষিত চাকৰি এৰি দি নেইচুটেই স্থাপন কৰিছিল অন্ট্ৰপ্ৰিনিয়ৰছ এছ'চিয়েটছ । ইয়াৰ উদ্দেশ্য আছিল যুৱক যুৱতী সকলক উদ্যোগশীলতাৰ লগতে আনুষঙ্গিক দিশবোৰৰ শিক্ষা দিয়া, ষ্টাৰ্টআপৰ বাবে পুঁজি যোগান ধৰা আৰু প্ৰসাৰত সহায় কৰা ।

ইয়াৰ পূৰ্বেও ১৯৯২ চনত তেওঁ বিকন অৱ হপ নামেৰ এটা সংস্থা গঠন কৰি এনে ধৰণৰ কাম কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল আৰু কিছুবছৰ শিক্ষকতা কৰিছিল । 

"যেতিয়া আমি আৰম্ভ কৰিছিলো তেতিয়া আমি ১৩ জনে এদিনৰ দৰমহা আৰু ৫০০ টকা দি প্ৰাৰম্ভিক পুঁজি গঠন কৰিছিলো । আমি ৭,৫০০ টকাৰে আমাৰ কাম আৰম্ভ কৰিছিলো । আমি গ্ৰিটিং কাৰ্ড বনোৱা, চামৰাৰ বেগ আৰু বেল্ট বনোৱাকে ধৰি বিভিন্ন কাম কৰি কেইলাখমান টকা গোটালো ।" নেইচুটেই কয় ।

এইদৰে সৰুকৈ আৰম্ভ কৰাৰ পাছত তেওঁলোকে অন্যান্য লোকৰপৰা দান বৰঙণিও সংগ্ৰহ কৰিলে । আজি তেওঁলোকৰ সংস্থাই ১৬ শতাংশ হাৰত যুৱক যুৱতী সকলক ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে ঋণ দিয়ে আৰু ১০,০০০তকৈও অধিক লোক ইয়াৰ দ্বাৰা লাভাম্বিত হৈছে । 

তিনি বছৰৰ আগতে মণিপুৰলৈ নিজৰ কাম সম্প্ৰসাৰিত কৰা সংস্থাটোক ৰিজাৰ্ভ বেংকে এটা বিত্তীয় প্ৰতিস্থানৰ মৰ্যাদা দিছে আৰু ইতিমধ্যে সংস্থাটোৱে ১৫০ কোটি টকা ঋণ দিছে আৰু ইয়াৰে ১০০ শতাংশ ঘুৰাইও পাইছে ।

"আৰম্ভণীতে এই কাম কঠিন আছিল । বিশেষকৈ মানুহক বুজোৱাটো সহজ নাছিল । আমি প্ৰত্যক্ষ বা পৰোক্ষভাৱে নাগালেণ্ড আৰু মণিপুৰত ১৫,০০০ চাকৰি সৃষ্টি কৰিছো ।" ডৌল'ই কয় । বৰ্তমান তেওঁৰ সংস্থাৰ সহযোগত ২৭০০ ব্যৱসায় আৰু ৩৫০০ কৃষকে জীৱিকা নিৰ্বাহ কৰি আছে । 

ডৌল'ই কয় যে তেওঁৰ সংস্থাই ইতিমধ্যে অৰুণআচল প্ৰদেশ আৰু অসম চৰকাৰৰপৰাও আমন্ত্ৰণ পাইছে তেওঁলোকৰ কামকাজ প্ৰসাৰিত কৰিবলৈ । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এন ই এইট ষ্টাৰ্টআপছৰ মাহজোৰা অনলাইন বাণিজ্য উৎসৱলৈ ক্ৰেতা-বিক্ৰেতাৰ সঁহাৰি

ঘৰে ঘৰে ভিক্ষা মাগি দৈনিক ১০০০ লোকৰ ক্ষুধা নিবাৰণ কৰে এইজন প্ৰাক্তন সাংবাদিকে

১২ টা কৃত্ৰিম গ্লেচিয়াৰেৰে গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যুঁজিছে লাডাখৰ চেৱাং নৰফেলে

কৰ্মচাৰীক ৪০০ ফ্লেট আৰু ১২৬০ খন গাড়ী দেৱালীৰ বানচ হিচাপে দিয়া এজন ব্যৱসায়ী