ভাৰতীয় মহিলাৰ সবলীকৰণৰ বাবে লোভনীয় চাকৰি ত্যাগ কৰা মহিলাগৰাকী

ভাৰতীয় মহিলাৰ সবলীকৰণৰ বাবে লোভনীয় চাকৰি ত্যাগ কৰা মহিলাগৰাকী

Monday March 28, 2016,

5 min Read

image


নিউয়ৰ্ক মহনগৰীৰ বৃহৎ কৰ্পৰেট প্ৰতিষ্ঠানৰ সুদৃশ্য কোঠাত বহি নিজৰ প্ৰাত্যহিক কামবিলাক কৰি থকাৰ সময়তেই মানুহগৰাকীয়ে প্ৰথমবাৰৰ বাবে তেওঁৰ অন্তৰাত্মাৰ কথা শুনা পালে।অনু অনন্তকৃষ্ণণে সেই সকলোবোৰেই লাভ কৰিবলৈ সক্ষম হৈছিল, যিবিলাক পাবলৈ তেওঁ ভাৱি থৈছিল। কিন্তু তৎস্বত্ত্বেও তেওঁ শূণ্যতা অনুভৱ কৰিবলৈ ল’লে।তেওঁ নিজকে নিজে প্ৰশ্ন কৰিলে,“মই কিয় সুখী নহয়? মই যি বিচাৰিছিলো সেয়াতো মই পালো-এই একাউণ্টিং ফাৰ্মখনৰ সৈতে সহযোগিতা স্থাপন কৰিলো, কিন্তু মই সুখী নহঁও কিয়?” অনুৱে এইদৰে নিজৰ মনৰ কথা ব্যক্ত কৰিলে, যি বৰ্তমান মহিলাক নিজৰ ব্যক্তিত্ব উদযাপন কৰাৰ প্ৰেৰণা যোগোৱা Aria+Leya নামৰ অন্তৰ্বাস ব্ৰেণ্ডটোৰ সৃষ্টিকৰ্তা।

ভাৰতীয় মহিলাৰ বাবে বক্ষবন্ধনীৰ ডিজাইন কৰা কামটো এটা ডাঙৰ প্ৰত্যাহ্বানতকৈ কম নাছিল।জীৱন সলনি কৰি দিয়া এই সিদ্ধান্তই অনুৰ কাহিনী নতুনকৈ লিখিবলৈ বাধ্য কৰালে, মূলতঃ এটা কাৰণতেই যে,টকা-পইচা আৰু সফলতাৰ বাবে আনৰ নীতি-নিৰ্দেশনা অনুযায়ী তেওঁ আৰু কাম নকৰে। তাৰ পৰিৱৰ্তে সদায় নতুন কিবা এটা শিকাৰ মন, যি একেলগে আকৰ্ষণীয়ও হ’ব আৰু ত্ৰাসৰো সৃষ্টি কৰিব। তেওঁ সেই দেওবাৰৰ ৰাতিবোৰৰ কথাবোৰলৈ মনত পেলালে, পিছদিনা অৰ্থাৎ সোমবাৰৰ পৰা পুনৰ ৰুটিন মাফিক জীৱনটোলৈ উভতি যাবলৈ তেওঁ কেনেকৈ নিজৰ মাজতে সদায় এখন যুঁজ কৰিব লগা হৈছিল। হয়তো সেৱাই আছিল সিদ্ধান্ত লোৱাৰ প্ৰথমটো আগজাননী। তেওঁৰ সকলো থাকিও কিন্তু তেওঁ কাৰ্যালয়ৰ চাৰিবেৰৰ মাজত নিজকে আৱদ্ধ হৈ পৰা যেন অনুভৱ কৰিলে আৰু ঠিক তেতিয়াই সৃষ্টিশীল স্বাধীনতা বিচাৰি হাহাকাৰ কৰি উঠিল। 



image


'এই অৱস্থাটোৱে মোক অন্তৰৰ পৰা সিদ্ধান্ত ল’বলৈ অনুপ্ৰাণিত কৰিলে।' তেওঁ আমাক আনন্দেৰে ক’লে,'মই অনুভৱ কৰিলো যে, নিজৰ অন্তৰৰ কথা শুনাৰ,নিজকে বিচাৰি চোৱাৰ এয়াই উপযুক্ত সময় আৰু তেতিয়াই মই মাত্ৰ কাম কৰি যোৱাতকৈ কিবা এটা হ’বলৈ বুলি মোৰ লক্ষ্য সলনি কৰিলো।'

ইয়াৰ পিছত তেওঁ মনত সাহস গোটাই তেওঁৰ স্বামীক তেওঁৰ মনৰ ইচ্ছাৰ কথা ক’লে।স্বামী আৰু তেওঁৰ পৰিয়ালৰ উৎসাহ পাই অনুৱে তেওঁৰ শৈশৱৰ মুম্বাইৰ ঘৰখনলৈ উভতি আহিল। তেওঁৰ মতে এইটো আছিল প্ৰথমটো ডাঙৰ খোজ, যিয়ে তেওঁক নতুনকৈ কিবা এটা আৰম্ভ কৰিবলৈ সাহস দিলে। প্ৰথম অৱস্থাত কি কৰিম বুলি ভাৱি তেওঁ অলপ ভয় খাইছিল যদিও পিছলৈ সমগ্ৰ প্ৰক্ৰিয়াটো লাহে লাহে সহজ হৈ পৰিছিল। তেওঁ যি কৰিব সেয়া যাতে অৰ্থপূৰ্ণ আৰু প্ৰভাৱশালী হয়-এই কথাটোত তেওঁ গুৰুত্ব দিছিল। আৰু তাৰ বাবে যে সময় আৰু ধৈৰ্য লাগিব সেইটোও তেওঁ বুজি পাইছিল। সেয়েহে তেওঁ এটা বছৰ ভ্ৰমণ, পঢ়া-শুনা কৰা আৰু মানুহৰ সৈতে কথা-বতৰা পতাৰ বাবে ল’লে। মুম্বাইৰ পৰিৱেশে অনুক ঠিক সেইটোকে দিলে, যিটোৰ সন্ধানত তেওঁ আছিল। চহৰখনৰ সৈতে তেওঁ পুনৰ এবাৰ প্ৰেমত পৰিল।

প্ৰথম বছৰৰ অন্তত তেওঁ দুটা কথা বুজি পালে-তেওঁ মুম্বাইতে থাকি কাম কৰিব আৰু মহিলাৰ কাৰণে আৰু মহিলাক লগত লৈ কাম কৰিব। ইফালে এই সিদ্ধান্ত লোৱাতো মুঠেও সহজ নাছিল, কাৰণ তেওঁৰ স্বামী আৰু পৰিয়াল বিদেশত বাস কৰিছিল।

অনুৱে পছন্দ অনুযায়ী তেওঁৰ পৃথিৱীখন পুনৰ গঢ়ি ল’লে। তেওঁ মাক-দেউতাক আৰু শহুৰেকৰ পৰিয়ালক তেওঁৰ পৰিকল্পনাটোৱে যে কাম কৰিব সেয়া ভালদৰে বুজাই দিলে।তেওঁ আনকি ৩ সপ্তাহ মুম্বাইত আৰু ৩ সপ্তাহ হংকঙত থকাৰো পৰিকল্পনা যুগুত কৰি ল’লে যাতে তেওঁ তেওঁৰ স্বামীক ঘনাই লগ কৰি থাকিব পাৰে। ইয়াৰ জৰিয়তে তেওঁ ব্যক্তিগত জীৱন আৰু পেছাদাৰী জীৱনৰ মাজত সমতাও ৰক্ষা কৰি চলিব পাৰিব।“মোৰ স্বামীয়ে মোক সদায় এই কথাই কয় যে যদি আমি দুয়ো আগুৱাই যাব নোৱাৰোঁ, তেন্তে আমি দুয়ো একেলগে কেতিয়াও সুখী হ’ব নোৱাৰিম। সেইকাৰণে আমি দুয়ো দুয়োকে সুখী কৰিবলৈ চেষ্টা কৰা উচিত আৰু সেয়া কাৰ্যকৰী কৰি তুলিবলৈ যিকোনো উপায় বিচাৰি উলিয়াব লাগিব।” এইদৰে মনৰ কথা ব্যক্ত কৰিলে অনুৱে।


image


আন বহুতৰ দৰেই,অনুৰো উদ্যমিতাৰ যাত্ৰা এক আকৰ্ষণীয় কৌশল আৰু হতাশাৰে আৰম্ভ হৈছিল। অন্তৰ্বাসৰ প্ৰতি থকা তেওঁৰ ভালপোৱাই তেওঁক এই ক্ষেত্ৰখনত নিজাকৈ কিবা এটা কৰাৰ বাবে অনুপ্ৰাণিত কৰিলে।“এইটো এনে এক বস্তু যাক আমি পুৱা পিন্ধো আৰু ক’বলৈ গ’লে আমাৰ সুবিধাৰ বাবেই পিন্ধো”,কথাকেইটা তেওঁ বেছ আত্মবিশ্বাসেৰে ক’লে।কিন্তু ভাৰতলৈ অহাৰ পিছত তেওঁ সঠিক জোখৰ অন্তৰ্বাস বিচাৰি হতাশ হ’ল। কিছুমান আছিল আৰামদায়ক কিন্তু সোলোক-ঢোলোক বা যৌন আবেদনময় কিন্তু পিন্ধিব নোৱাৰা ইত্যাদি ধৰণৰ। তদুপৰি অন্তৰ্বাস কিনিবলৈ যোৱাৰ অভিজ্ঞতাও তেওঁ বাবে সুখকৰ নহ’ল। অৱশ্যে ভাল লগা মুহূৰ্তটো আহিল যেতিয়া তেওঁ এই বিষয়ে লগৰ বান্ধৱীবিলাকৰ সৈতে কথা পাতিলে আৰু তেওঁলোকৰ অভিজ্ঞতাও যে অনুতকৈ বৰ বেছি বেলেগ নহয়, সেই কথা জানিব পাৰি অনুৰ মনলৈ উদ্যম পুনৰ ঘূৰি আহিল।

“মই অন্তৰ্বাসৰ সঠিক জোখ, ধৰণ আৰু আনকি অন্তৰ্বাস উদ্যোগৰ কিছুমান কাৰিকৰী ভাষা বুজি পাবলৈ যিমান সম্ভৱ সিমান কিতাপ পঢ়িছিলো আৰু পিছত এগৰাকী কাৰিকৰী ডিজাইনাৰৰ সহযোগত নেটৱৰ্কিং আৰু ভাগ্যক সাৰথি কৰি লৈছিলো, আৰু ইয়াৰ পিছত আমি আৰম্ভ কৰিছিলো আমাৰ কঠিন যাত্ৰা-আমাৰ প্ৰতিটো ফেব্ৰিকৰ কাৰণে আমি যথেষ্ট সাৱধানেৰে আগবাঢ়িছিলো আৰু ফেক্টৰীবোৰৰ ভাল আৰু বেয়া দুয়োটা দিশেই লক্ষ্য কৰিছিলো যাতে তেওঁলোকৰ সৈতে যুক্ত হৈ আমি উন্নত সামগ্ৰীৰ ব্যৱহাৰেৰে আমাৰ প্ৰডাক্টবোৰ ডিজাইন কৰিব পাৰো।” অনুৱে নিজৰ অভিজ্ঞতাৰ কথা এইদৰেই কৈ গ’ল।

বৰ্তমান Aria+Leya এনে এক ব্ৰেণ্ড হৈ পৰিছে,যিয়ে সদায় উচ্চ গুণাগুণ সম্পন্ন সুন্দৰ ডিজাইনৰ অন্তৰ্বাস উৎপাদন কৰে আৰু অনলাইনৰ যোগেদি মহিলাসকললৈ আগবঢ়াই দিয়ে।

   

image


‘সাহসী হোৱা। সৎ হোৱা।তোমাৰ দৰে হোৱা।’ এইটো কেৱল তেওঁলোকৰ ব্ৰেণ্ডৰ টেগলাইনেই নহয়, ই তেওঁলোকৰ ব্ৰেণ্ডৰ দাপোণ আৰু একক বিক্ৰী সূত্ৰও।“মই বিশ্বাস কৰো যে,সঠিক জোখৰ অন্তৰ্বাস পিন্ধাৰ পিছত ই আমাক এক অনন্য অনুভৱ কৰোৱায় যিয়ে আমাক মহিলা হিচাপে নিজকে সন্মানিত হোৱাৰ এক সুযোগ দিয়ে, লগতে নিজৰ পথটোও ঠিক কৰি ল’বলৈ প্ৰেৰণা দিয়ে।আমাৰ প্ৰত্যেকৰে নিজা কিছুমান সাফল্য থাকে,আচল কথাটো হ’ল আমাক সহায় কৰা হৈছে আৰু এইদৰেই আমি ইজনে-সিজনক সহায় কৰিছো”,অনুৰ কথাত আত্মবিশ্বাসৰ সুৰ স্পষ্ট।

আমাৰ যিমান দূৰ মনত পৰে মহিলাৰ অন্তৰ্বাসক সদায় যৌনতাৰ বস্তু বুলিয়েই উপস্থাপন কৰা হয়, কিন্তু Aria+Leya ই এই ধাৰণাটোক সলনি কৰি পেলালে। তেওঁলোকৰ প্ৰডাক্ট মুকলিৰ প্ৰচাৰবোৰৰ কাৰণে তেওঁলোকে খুব সাৱধানেৰে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ মহিলাসকলক বাচনি কৰে যিসকলে ব্ৰেণ্ডটোৰ দৰ্শনক প্ৰতিফলিত কৰে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে-এই কৌশলটোৱে তেওঁক পূৰ্বৰ দৰে সোমবাৰৰ পুৱাবোৰৰ বাবে চিন্তিত কৰি নোতোলে।বৰঞ্চ, ভাৰতীয় মহিলাসকলৰ সবলীকৰণৰ বাবে কিবা কৰাৰ ইচ্ছাই তেওঁক কাম কৰি যাবলৈ উৎসাহহে যোগায়!

বৰ্তমান এই ব্ৰেণ্ডটোৱে সামাজিক পৰিৱৰ্তনৰ বাবেও কাম কৰা আৰম্ভ কৰিছে। তেওঁলোকে কলকাতাৰ ৰে’ড লাইট এলেকাৰ মহিলাসকলক প্ৰশিক্ষণ দিয়া এটা বেচৰকাৰী সংস্থাৰ সৈতে লগ-লাগি মহিলাসকলক কপাহী মোনা চিলাবলৈ দিয়ে, যিবিলাক মোনা Aria+Leya ই পেকেজিঙৰ বাবে ব্যৱহাৰ কৰে। এইদৰে অনুৱে মহিলাসকলক অৰ্থনৈতিক স্বাধীনতা দিয়াৰ বাবেও প্ৰথম খোজ আগবঢ়াইছে। 


image


মহিলা হিচাপে আমি এটা কথাত অভ্যস্ত যে,আমাৰ দ্বিতীয় নামটো হৈছে-‘ত্যাগ’,কিন্তু আমি যদি আমাৰ নিজৰ কাহিনী লিখিব লাগে তেন্তে ইয়াৰ পৰিৱৰ্তন কৰাটো আমাৰ ওপৰতে নিৰ্ভৰ কৰিছে। অনুৰ কাহিনীয়ে আমাক এইটোকে শিকায় যে এই পৃথিৱীখন গঢ়িবলৈ হ’লে আমাৰ প্ৰত্যেকেই আগুৱাই আহিব লাগিব।অনুৱে আশা কৰে,তেওঁৰ কাহিনীয়ে নিজা সপোন সঁচা কৰিব খোজা সেই প্ৰতিগৰাকী মহিলাকে অনুপ্ৰাণিত কৰক,কাৰণ যদি আমি সততাৰে,গভীৰতাৰে আৰু আগ্ৰহেৰে আগবাঢ়ো যিকোনো কামেই কৰাটো সম্ভৱ।

মূলঃ নিপা আশাৰাম

অনুবাদঃ লীনা শইকীয়া

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

নাৰীৰ পশ্চাদপদৰ বাবে দায়ী নাৰী নিজেইঃ অনিশা সিং

এক ৰাজনৈতিক ষ্টাৰ্টআপৰ কাহিনী

সাত পুৰুষ ধৰি এটা কলাক ধৰি ৰখা এটা পৰিয়াল

গ্ৰাম্যাঞ্চলত বহুতৰে জীৱন 'মধুময়' কৰিছে লীলা চৰণ দত্তই