ম'বাইল ভিত্তিক ষ্টাৰ্টআপৰ বাবে মেক মাই ট্ৰিপৰ দীপ কালৰাৰ পৰামৰ্শ

ম'বাইল ভিত্তিক ষ্টাৰ্টআপৰ বাবে মেক মাই ট্ৰিপৰ দীপ কালৰাৰ পৰামৰ্শ

Sunday November 20, 2016,

3 min Read

ছেপ্টেম্বৰ মাহত ভাৰতৰ ষ্টাৰ্টআপ জগতখনক আচৰিত কৰি দিছিল এটা খবৰে । মেক মাই ট্ৰিপ আৰু গ' আইবিব' এই দুটা কোম্পানীৰ একত্ৰীকৰণৰ খবৰটো আছিল এটা ডাঙৰ খবৰ । এই বিষয়ে মেক মাই ট্ৰিপৰ অধ্যক্ষ আৰু মূখ্য কাৰ্যবাহী বিষয়া দীপ কালৰাই কয়,  

"২০১২-১৩ চনলৈকে আমি ব্যস্ত আছিলো এক্সপেডিয়াৰ দৰে গোলকীয় প্ৰতিদ্বন্দীৰ সৈতে ফেৰ মৰাত । ২০১৩-১৪ ত গ' আইবিব'বজাৰখনত এক ডাঙৰ শক্তি হৈ উঠিল । ইয়াৰ প্ৰযুক্তি আৰু পুঁজি দুয়োটা দিশেই আছিল চকুত লগা ।" 
image


কালৰাৰ মতে গ' আইবিব'ৰ প্ৰযুক্তি তেওঁলোকতকৈ যথেষ্ট আগবঢ়া আৰু ইয়েই আছিল এই একত্ৰীকৰণৰ আঁৰৰ এক কাৰণ।

যদিও এই চুক্তি ইতিমধ্যে হৈ গৈছে মেক মাই ট্ৰিপে এতিয়াও আৰু দুটা ঢাপ পাৰ কৰিবলৈ আছে । শ্বেয়াৰ হ'ল্ডাৰ আৰু প্ৰতিযোগিতা আয়োগৰ অনুমোদন লাভ কৰিবলৈ বাকী আছে । 

য়'ৰ ষ্ট'ৰীৰ ম'বাইল স্পাৰ্কছত নিজৰ কিছুমান কঠিন সময়ৰ বিষয়ে উল্লেখ কৰি কালৰাই কয়, 

"আমি টকাৰ গোন্ধ আৰু আৰু লোকচান দুয়োটাই বুজি পাওঁ । এবাৰ লাভ কৰি দেউলীয়া হোৱাৰ বেদনা ভয়ঙ্কৰ ।"

এতিয়ালৈকে ভাৰতত অনলাইন ট্ৰেভেল এজেন্সীৰ ব্যৱসায় মূলতঃ ৰেহাইৰ ওপৰতে নিৰ্ভৰশীল আছিল । এই বিষয়ে কলাৰাই কয়, 

"এমি প্ৰায় এবছৰ ধৰি ৰেহাই দিয়া বন্ধ কৰি দিছিলো আৰু ই আমাক অপ্ৰিয় কৰি তুলিছিল । এতিয়া আমি ৰেহাই কমাই আনিব খোজো আৰু আগন্তুক দিনত দন ঘটিব খোজো ।"

"দুবছৰলৈ আমাৰ আয় যথেষ্ট ভাল আছিল । কিন্তু কিংফিছাৰৰ পতনৰ লগে লগে ইয়াৰ ফল অনলাইন ট্ৰেভেল এজেন্সীৰ ব্যৱসায়ৰ ওপৰত বাৰুকৈয়ে পৰিল । লগতে গ' আইবিব'ৰপৰা পোৱা প্ৰত্যাহ্বানে আমাৰ বহুত লোকচান কৰিলে ।" 

অনলাইন ট্ৰেভেল এজন্সীৰ নামমাত্ৰ আয় যথেষ্ট নহয় । "বিমান টিকট হৈছে ভাল কৰাৰ এটা উপায় আৰু ইয়াৰ যোগেদি আন ব্যৱসায় কিছুমান কৰিব পাৰি ।" কলাৰাই কয় । ট্ৰেভেল এজেন্সী ব্যৱসায়ত হোৱা লোকচানলৈ চাই মেক মাই ট্ৰিপে হোটেল আৰু অন্যান্য ব্যৱসায়ত মনোনিবেশ কৰিলে ।

উদ্যমীসকল প্ৰয়েই ন ন প্ৰত্যাহ্বানৰ সন্মূখিন হয় আৰু এইবোৰৰ সৈতে মোকাবিলাই তেওঁলোকক বিশেষ কৰি তোলে । এনে পৰিস্থিতিৰ সৈতে কেনেকৈ মোকাবিলা কৰে বুলি শোধা এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, 

"মই এ বি এন এমৰ' আৰু জি ই কেপিটেলত কাম কৰিছিলো আৰু ইয়াতে মই শিকিলো যে যদি কিবা এটা সমস্যা হয় তেনহেলে শান্ত হৈ তাৰ মোকাবিলা কৰাটোহে গুৰুত্বপূৰ্ণ ।" 

অৱশ্যে এই ক্ষেত্ৰত নিজৰ অসমৰ্থতাৰ কথা উল্লেখ কৰে কালৰাই । "মই প্ৰতি মাহে এবাৰ খঙাল হৈ পৰোঁ । মই নতুন নতুন ভুল কৰোঁ কিন্তু একেবোৰ ভুল মই কৰি থাকিব নোৱাৰোঁ । একেটা ভুলকে বাৰে বাৰে কৰি থাক মানুহ দেখিলে মোৰ খং উঠে।"

যোৱা কেইটামান বছৰত কেইবাটাও কোম্পানীয়ে এশ কোটি টকা অথবা তাতকৈ বেছি মূল্য স্পৰ্শ কৰিছে । অৱশ্যে কালৰাই এই বিশেষণটো ভাল নাপায় । "এই বিশেষণটো ব্যৱহাৰ কৰাটো মই ভাল নাপাওঁ । বহু সময়ত আমি এই স্থানটো পাবলৈ বিশেষ একো নকৰোঁ । এটা কোম্পানীৰ মূল্য চাহিদা আৰু যোগানৰ ওপৰত নিৰ্ভৰ কৰে । গতিকে মূল্যৰ কথা পাহৰি মূল্যবোধ গঢ়ক । মূল্য মাত্ৰ কগজত থকা এটা হিচাপ ।" কালৰাি কয় ।

শেষত তেওঁ কয়,

"আপোনাৰ কোম্পানীটো এনেকৈ গঢ়ক যাতে আনে আহি আপোনাৰ মূখৰ ভাত কাঢ়ি নিব নোৱাৰে ।"

মূল- জয় বৰ্দ্ধন

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

য়'ৰ ষ্ট'ৰী #msparks 2016 ৰ দহটা উজ্জল নক্ষত্ৰ

ভাৰতত ব্যৱসায় কৰিবলৈ হলে ভাৰতৰ গ্ৰাহকক বুজিব লাগিব: ভিমেক্সৰ সহ-প্ৰতিষ্ঠাপক দীপক খুৰাণা

বি-মুদ্ৰাকৰণ: যিটো কথা সংবাদ মাধ্যমৰ চকুত নপৰিল

নৰকৰপৰা ওলাই অহা কল্পনা সৰোজ আজি দেশৰ আগশাৰীৰ উদ্যোগী