য়'ৰ ষ্ট'ৰী #msparks 2016 ৰ দহটা উজ্জল নক্ষত্ৰ

য়'ৰ ষ্ট'ৰী #msparks 2016 ৰ দহটা উজ্জল নক্ষত্ৰ

Saturday November 19, 2016,

2 min Read

য়'ৰ ষ্ট'ৰীৰ ম'বাইল স্পাৰ্কছ ২০১৬ত জিলিকি উঠিল মবাইল খণ্ডৰ কেইবাটাও ষ্টাৰ্টআপ । ইয়াৰ পূৰ্বে ম'বাইল স্পাৰ্কছৰ মাজেৰে উঠি আহি ব্যাপক সফলতা লাভ কৰা এপ সমূহৰ ভিতৰত আছে Haptik, CultureAlley, DriveU, MyChildApp, Squadrun, MadStreetDen আদি ।

image


এই বছৰৰ ম'বাইল স্পাৰ্কছৰ তৰকা সকল হৈছে-

5BARz: নেটৱৰ্কৰ সমস্যাৰ সৈতে সকলোৱেই যুঁজিব লগীয়া হয় । এই ক্ষেত্ৰত 5BARz নামৰ ষ্টাৰ্টআপটোৱে মানুহক সকাহ দিবৰ বাবে ব্যৱস্থা লৈছে । সামান্য এটা প্লাগ ইন ডিভাইচৰ সহায়ত নেটৱৰ্ক উন্নত কৰাৰ এটা প্ৰযুক্তি উলিয়াইছে কোম্পানীটোৱে । 

Adoro: আপোনাৰ সকলো ফেশ্বন সম্পৰ্কীয় প্ৰয়োজনৰ বাবে ই এক সমাধান । কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ই আপোনাক আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীৰ সন্ধান দিব । 

Appaie: এপ নিৰ্মাণৰ এক স্বয়ংক্ৰিয় সমাধান । মেচিন লাৰ্ণিং আৰ্টিফিচিয়েল ইন্টেনিজেন্সৰ সহায়ত ই কডিঙৰ সুবিধা দিয়ে । ইয়াক মাথো এটা ছফটৱেৰ বনোৱা অথবা চোৱাচিতা কৰাৰ আদেশ দিলেই হ'ল ।

Datamail: ইমেইল ঠিকনা সদায় ইংৰাজীতে কিয় হ'ব ? ডাটামেইলে আপোনাক দিছে বিভিন্ন ভাষাত ইমেইল খোলাৰ সুবিধা । Xgenplus ৰ দ্বাৰা আগবঢ়োৱা হৈছে এই সুবিধা ।

Finomena: সাধাৰণতে ঋণ বিচাৰি বহু সময়তে মানুহ বিমূখ হ'বলগীয়া হয় আৰু কোনো তেওঁলোকৰ ঋণ আবেদন নাকচ কৰাৰ কাৰণো তেওঁলোকক জনোৱা নহয় । এই ষ্টাৰ্টআপটোৱে এই প্ৰক্ৰিয়াটো সৰল আৰু পাৰদৰ্শী কৰাৰ বাবে পদক্ষেপ লৈছে ।

GreyKernel: বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰডাক্ট প্ৰমচনৰ ক্ষেত্ৰত ভাৰ্চুৱেল ৰিয়েলিটি বা কল্প বাাস্তৱৰ প্ৰয়োগৰ দ্বাৰা ৩৬০ ডিগ্ৰি ভিডিঅ, ফটো শ্বেয়াৰ ইত্যদিৰ জৰিয়তে এক নতুন ধৰণৰ সেৱা আগবঢ়াবলৈ সক্ষম হৈছে এই ষ্টাৰ্টআপটো । 

Markt.ooo: শুণ্য কমিছনৰ এক বজাৰ । ই কমাৰ্চৰ মাধ্যমেৰে বিভিন্ন বিক্ৰেতাক গ্ৰাহকৰ কাষ চপাৰ সুযোগ দিছে এই ষ্টাৰ্টআপে । 

MoneyTap: এপ ভিত্তিক ক্ৰডিট লাইন । চাকৰিজীৱি সকলক চাহিদা অনুসৰি ঋণ দিয়ে মানিটেপে । ইয়াৰ বাবে কোনো গোপন চৰ্ত নাথাকে । মাত্ৰ ২৫,০০০ টকাতকৈ বেছি দৰমহা পোৱা সকলৰ ক্ষেত্ৰতহে এই সুবিধা প্ৰযোজ্য । 

Pictor: আপোনাৰ স্মাৰ্টফনেৰে তোলা ছবি পেছাদাৰী হাতৰ পৰশ পৰি হৈ উঠিব ই কমাৰ্চ ছাইটক বিক্ৰী কৰাৰ উপযোগী । ই কমাৰ্চ ফটোগ্ৰাফীক এক নতুন মাত্ৰা প্ৰদান কৰিছে এই ষ্টাৰ্টআপে ।

StintMint: ই হৈছে এক চাহিদাভিত্তিক দক্ষ কৰ্মী যোগান ধৰাৰ মঞ্চ । ই পেছাদাৰী আৰু বজাৰৰ মাজত এক অদৃশ্য সেতু গঢ়ি তুলিছে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ভাৰতত ব্যৱসায় কৰিবলৈ হলে ভাৰতৰ গ্ৰাহকক বুজিব লাগিব: ভিমেক্সৰ সহ-প্ৰতিষ্ঠাপক দীপক খুৰাণা

দুটা সন্তানৰ মাতৃ অৰ্চনা চৰডানা হৈছে ভাৰতৰ প্ৰথম মহিলা“বেছ” জাম্পাৰ

তিনিটা দশক ধৰি ভাৰতীয় কাৰু-শিল্পৰ তত্বাধায়কৰ ৰূপত লাইলা তৈয়বজী আৰু দস্তকাৰ

বাট পথ নথকা এখন গাৱঁত কিয় বাস কৰে আইআইটিৰ প্ৰাক্তন অধ্যাপক আলোক সাগৰ