নৰকৰপৰা ওলাই অহা কল্পনা সৰোজ আজি দেশৰ আগশাৰীৰ উদ্যোগী

2

কল্পনা সৰোজৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ অকোলা জিলাৰ ৰোপড়খেড়া গাৱঁত । তেওঁৰ পিতৃ মহাদেৱ আছিল পুলিচ কনিষ্টবল আৰু মাক গৃহিণী । মহাদেৱৰ তিনিজনী ছোৱালী আৰু তিনিটা ল'ৰাৰ ভিতৰত কল্পনা আছিল জ্যেষ্ঠ । কল্পনাৰ ককাকে খেতিপথাৰত শ্ৰমিকৰ কাম কৰিছিল । লগতে জমিদাৰৰ ঘৰত চাকৰিও কৰিছিল । তেওঁ তেওঁৰ সন্তানবোৰ তেওঁৰ দৰে শ্ৰমিক হোৱাটো বিচৰা নাছিল । সেয়েহে তেওঁ নিজৰ সন্তানক স্কুললৈ পঠিয়াইছিল । মহাদেৱে পঢ়িছিল সপ্তম শ্ৰেণীলৈ আৰু বহু কষ্টেৰে তেওঁ পুলিচত চাকৰি পাইছিল । তেওঁ পুলিচৰ আৱাসত চৰকাৰী ঘৰ পাইছিল যদিও ইয়াতো তেওঁলোকৰ পৰিয়াল অস্পৃশ্যতাৰ সন্মূখীন হৈছিল । কল্পনাই কয়, "পুলিচ লাইনত এনে কিছু লোকো আছিল যি পিছপৰা জাতিৰ লোকসকলক হেয় জ্ঞান কৰিছিল । তেওঁলোকে নিজৰ পৰিয়ালৰ লৰা ছোৱালীক আমাৰ লগত খেলিবলৈ নিদিছিল । আনকি তেওঁলোকৰ ঘৰলৈ আমাৰ জাতিৰ মানুহৰ আহ যাহ নাছিল ।"

কেৱল চুবুৰিতে নহয় স্কুলতো কল্পনা দলিত সম্প্ৰদায়ৰ হোৱা বাবে ভেদভাৱৰ সন্মূখিন হৈছিল । পঢ়া-শুনা, খেলা-ধূলা, নাচ-গান সকলোতে কল্পনা আগবঢ়া আছিল যদিও তেওঁক উৎসাহ দিয়া দূৰৰ কথা, তেওঁক আগবাঢ়ি যাবলৈ উৎসাহো নিদিছিল তেওঁৰ শিক্ষকসকলে । তেওঁক আন শিশুসলৰ লগত খেলা ধূলা কৰিবলৈ দিয়া হোৱা নাছিল । তেওঁ এটা সুযোগ বিচাৰি কেইবাবাৰো অনুৰোধ কৰিও বিফল হৈছিল । কিবা নহয় কিবা এটা চেলু উলিয়াই তেওঁক কোনো প্ৰতিযোগিতাত অংশ লোৱা নাছিল । তেওঁ কয়, "শিক্ষকসকলে মোক কৈছিল - তুমি নোৱাৰিবা । তুমি সফল হ'ব নোৱাৰিবা । মোক কোনো কাম কৰাৰ সুযোগ দিয়া নাছিল ।"

কল্পনাৰ মতে তেওঁৰ পৰিয়ালটো পুলিচ লাইনৰ চৰকাৰী আবাসত থকাৰ বাবে পৰিস্থিতি কিছু উন্নত আছিল । কিন্তু গাওঁ অঞ্চলত এই অৱস্থা আৰু বেয়া আছিল । দলিত সকল অপমানিত আৰু শোষিত আছিল । আনকি তেওঁলোকৰ ছাঁটোও নসহিছিল উচ্চ শ্ৰেণীৰ লোকসকলে ।

এবাৰ স্কুলৰ বন্ধত কল্পনা ককাকৰ লগত গাৱঁলৈ গ'ল । গাৱঁত ককাকৰ লগত হোৱা ব্যৱহাৰ দেখি তেওঁৰ মনত গভীৰ প্ৰভাৱ পৰিল । কল্পনাই কয়, " ককাক সেই মানুহবোৰে নিজৰ ঘৰলৈ যাবলৈ দিয়া নাছিল । তেওঁক ভগা বাচনত চাহ দিছিল । তেওঁলোকে তেওঁৰ লগত যিদৰে ব্যৱহাৰ কৰিছিল তাক দেখি মোৰ বেয়া লাগিছিল । মই তেওঁক এই ভেদভাৱৰ কাৰণ সুধিছিলো । তেওঁ মোক কৈছিল যে আমি তল জাতিৰ মানুহ হোৱা বাবে আমাৰ লগত এই ব্যৱহাৰ হয় ।" সোনকালে কল্পনাই বুজি উঠিল যে মানুহে জাতিৰ আধাৰত ভেদভাৱ কৰে । গাৱঁত দলিতৰ বাবে পৃথক বসতি অঞ্চল থাকে । বহুতেই তেওঁলোকক অস্পৃশ্য জ্ঞান কৰে । তেওঁৰ কোমল মনে বুজি পোৱা নাছিল যে তেওঁ যদি আন শিশুৰ সৈতে খেলে তেনেহলে কি সমস্যা 'হব অথবা আন মানুহৰ ঘৰলৈ গলে কি লোকচান হ'ব ।

কেৱল অস্পৃশ্যতাই নহয় দৰিদ্ৰতাৰ প্ৰকোপো সহিব লগীয়া হৈছিল । কল্পনাৰ পিতৃয়ে আৰক্ষীত কাম কৰা স্বত্ত্বেও তেওঁলোকৰ আৰ্থিক অৱস্থা স্বচ্ছল নাছিল । মহাদেৱৰ ওপৰতে মাক-দেউতাক, ককাক, খুড়াক, তিনি ভাই আৰু দুই ভগ্নীৰ পালন-পোষণৰ দায়িত্ব আছিল । ইমান ডাঙৰ পৰিয়াল এটাৰ পালন-পোষণ মহাদেৱৰ নামমাত্ৰ দৰমহাৰে সম্ভৱ নাছিল । কল্পনাই কয়, সেই সময়ত দেউতাৰ দৰমহা তিনিশ টকা আছিল আৰু এই টকাৰে ঘৰ চলোৱা সম্ভৱপৰ নাছিল । মই ভাবিলো যে এই ক্ষেত্ৰত মই কিবা এটা কৰা উচিত । বয়স কম আছিল কিন্তু কল্পনাই এটা ডাঙৰ সিদ্ধান্ত ল'লে । স্কুল ছুটীৰ পাছত হয় তেওঁ কাষৰ হাবিলৈ গৈ খৰি লুৰি আনিবলৈ ধৰিলে । ঘৰ আহি পোৱাৰ পিছত তেয় হয় ঘৰত কাম কৰিছিল অথবা খৰি বেছি ধন আহৰণ কৰিবলৈ ধৰিলে । সেইদৰে গোবৰ বিক্ৰী কৰিও তেওঁ উপাৰ্জন কৰিছিল । ইয়াৰ উপৰিও খেতি পথাৰত কাম কৰি, ঘাঁহ কাটি, বাদাম বেচি আৰু কপাহ খেতিত কাম কৰিও তেওঁ উপাৰ্জন কৰিছিল । কল্পনাই কয়, "এইবোৰ কাম কৰি মই কেতিয়াবা আঠ অনা পাইছিলো কেতিয়াবা ১২ অনা । মোৰ পঢ়া-শুনাত ৰাপ আছিল আৰু মোৰ কিতাপ পত্ৰ মই এই ধনেৰেই কিনিছিলো ।"

শিশুকালত আন শিশুবোৰৰ নায়িকা আছিল কল্পনা । স্কুল ছুটীৰ পিছত তেওঁ আন সমবয়সীয়া ছোৱালীবোৰক লৈ গোবৰ সংগ্ৰহ কৰিবলৈ ওলাই গৈছিল । "মই লগৰ ছোৱালীবোৰক কৈছিলো যে যদি আমি গোবৰৰ চপৰা বনাই বিক্ৰী কৰোঁ তেনেহলে আমাৰ পৰিয়ালৰ মানুহবোৰৰে সহায় হ'ব । মোৰ কথাত সিহঁত মান্তি হৈছিল আৰু আমি নিয়মীয়কৈ এই কাম কৰিবলৈ ধৰিছিলো ।আমি প্ৰতিজনী গৰু নিজৰ মাজত ভগাই লৈছিলো আৰু সিহঁতৰ গোবৰ সংগ্ৰহত লাগি গৈছিলো । কিন্তু এই কাম কৰাৰ বাবে বহু ছোৱালীয়ে মাকৰ মাৰ খাইছিল ।" তেওঁ কয় ।

শৈশৱৰ মিঠা তিতা অভিজ্ঞতা সম্পৰ্কে কল্পনাই কয়, "সেই সময়ত পাঁচ পইছাত এখন ডবল ৰুটি পোৱা গৈছিল । মই নিজৰ খৰচেৰে ডবল ৰুটি কিনিছিলো আৰু আমি আটাইবোৰ ভাই-ভনীয়ে মিলি খাইছিলো ।" কল্পনাই গছত উঠি ফল চিঙি খুব ভাল পাইছিল । তেওঁ কয়, "মই কাঁইটীয়া পনীয়ল গছৰ বহু ওপৰলৈ উঠিছিলো । তেতেলীও চিঙি খাইছিলো । মই স্কুল ছুটীৰ পিছত সদায় তেতেলী আৰু পনীয়ল চিঙিবলৈ গৈছিলো । এই সকলোবোৰ কথা মনত পৰিলে ভাল লাগে । এইবোৰত কোনো ধনী-দুখীয়াৰ পাৰ্থক্য নাথাকে ।"

আন দহটি শিশুৰ দৰে কল্পনাৰো শৈশৱত বহুতো সপোন আছিল । শৈশৱতেই সেনা অথবা আৰক্ষীত যোগদান কৰাৰ সপোন দেখিছিল তেওঁ । পিতৃ আৰক্ষীত থকাৰ বাবেই এই আকৰ্ষণ আছিল স্বাভাৱিক । তেওঁ কয়, "মই হকীকত ছৱিখন ছাইছিলো । এই ছৱিখনৰ প্ৰভাৱ মোৰ ওপৰত ইমন গভীৰভাৱে পৰিছিল যে ময়ো সীমান্তলৈ গৈ শত্ৰুৰ সৈতে যুঁজিবলৈ ইচ্ছা কৰিছিলো ।" কিন্তু কল্পনাৰ এই সপোন পূৰণ নহ'ল । চকুৰ পচাৰতে আনবোৰ সপোনো চুৰমাৰ হৈ গল । মাত্ৰ ১২ বছৰ বয়সত তেঁওৰ বিয়া পাতি দিয়া হ'ল । "মই কান্দিলো । অনুনয় বিনুনয় কৰিলো । মই ক'লো যে মই এতিয়া বিয়াত বহিব নোখোজোঁ আৰু পঢ়িব খোজোঁ। কিন্তু একো ফল নধৰিল ।" তেওঁ কয় । অৱশ্যে তেওঁৰ পিতৃয়েও তেওঁৰ বিয়াৰ বিৰোধী আছিল । কিন্তু কল্পনাৰ মাতৃ আৰু মোমায়েক নাচোৰবান্দা আছিল যে কল্পনাৰ বিয়া পাতিবই লাগিব । "মোৰ মামাই কৈছিল ছোৱালীবোৰ বিহগুটি । ঘৰত ৰাখি থোৱাটো বিপজ্জনক । এনেয়ো ছোৱালীক পঢ়ুৱাই লাভ নাই কাৰণ ছোৱালী এজনীয়ে শহৰেকৰ ঘৰত ৰন্ধা বঢ়াই কৰিব লাগিব ।" তেওঁ কয় ।

পঞ্চম শ্ৰেণীত থাকোঁতেই কল্পনাৰ কাৰণে বিয়াৰ প্ৰস্তাৱ আহিবলৈ ধৰিছিল । কিন্তু তেওঁৰ পিতৃয়ে তেওঁক বিয়া দিয়া নাছিল । কিন্তু কল্পনা সপ্তম শ্ৰেণীত থাকোঁতে তেওঁৰ মোমায়েকে এটা সম্বন্ধ লৈ আহিল । এইবাৰ তেওঁ এনে ধৰণৰ জাল পেলালে যে কল্পনাৰ পিতৃ বেয়াকৈ আবদ্ধ হৈ পৰিল । কল্পনাই কয়, "মামাই মুম্বাইৰ এজন ল'ৰাৰ সৈতে মোৰ বিয়াৰ প্ৰস্তাৱ আনিছিল । সেই সময়ত মুম্বাই আমাৰ গাৱঁৰ মানুহৰ বাবে আমেৰিকাৰ দৰে আছিল । মা আৰু মামাই ইমান জোৰ কৰিলে যে দেউতাই প্ৰতিবাদ কৰিব নোৱাৰিলে । মোৰ বিয়া হৈ গ'ল । সেই সময়ত মোৰ বয়স আছিল মাত্ৰ ১২ বছৰ আৰু মই বিয়াৰ অৰ্থ বুজি পোৱাই নাছিলো ।" বাল্য বিবাহ সেই সময়তো নিষিদ্ধ আছিল । কল্পনাৰ পিতৃ নিজে আৰক্ষীৰ লোক হৈও এই বেআইনী কাম কৰিবলৈ বাধ্য হৈ পৰিছিল । কল্পনাৰ দৰাৰ বয়স তেওঁতকৈ ১০ বছৰ বেছি আছিল আৰু বিয়াৰ পিছতেই কল্পনাক তেওঁ মুম্বাইলৈ লৈ গৈছিল ।

মুম্বাইত কল্পনাই বহু সমস্যাৰ সন্মূখিন হ'ব লগীয়া হৈছিল । শহুৰৰ ঘৰত তেওঁক বহু যাতনা দিয়া হৈছিল । "মুম্বাইৰ যিখন ছবি তেওঁক দেখুউৱা হৈছিল প্ৰকৃত ছবিখন আচলতে বেলেগ আছিল । মোৰ ধাৰণা আছিল শহুৰৰ ঘৰত মোক সকলোৱে মৰম দিব, সন্মান দিব ভাল জীৱন এটা দিব । কিন্তু প্ৰকৃত ছবিখন বেলেগ আছিল । আমাৰ ঘৰতো কোনো ভাল ঠাইত নাছিল । আছিল এটা বস্তি অঞ্চলত । ইয়াত এটাই কোঠা আছিল আৰু সকলো মানুহ - শহুৰ, বৰজনা-জেশাহু, তেওঁলোকৰ সন্তান, দেওৰ সকলো ইয়াতেই থাকিছিল । চাফ চিকুণ, সুন্দৰ পুলিচ কোৱাৰ্টাৰৰপৰা আহি মই এই ঠেক, লেতেৰা, পুতিগন্ধময় বস্তি অঞ্চললৈ আহি মই হতবাক হৈ পৰিছিলো ।" কিন্তু কল্পনাৰ বাবে কেৱল ঘৰৰ পৰিবেশেই বেয়া নাছিল শহুৰৰ ঘৰৰ মানুহবোৰো বেয়া আছিল । তেওঁ মাৰ-পিট, গালি-গালাজৰ সন্মূখিন হৈছিল । তেওঁক খবলৈ দিয়া নহৈছিল, চুলিত ধৰি বেৰত মূৰ খুন্দিয়াই দিয়া হৈছিল । কল্পনাৰ ভাষাত, "সেইবোৰ বৰ বেয়া দিন আছিল । মই সেইবোৰ দিনৰ কথা মনত পেলাবলৈ নিবিচাৰোঁ । সেই কথা মনত পৰিলে মোৰ চকুপানী ওলাই আহে । এই সময়ছোৱাৰ কথাই মোক বৰকৈ আমনি কৰে । এটুকুৰা কেতিয়াও নুশুকুৱা ঘাৰ দৰে ই মোক কষ্ট দিয়ে । মুম্বাইলৈ অহাৰ পাছত মই গম পালো যে মোৰ শহুৰৰ ঘৰৰ সদস্যসকলে আনৰ ঘৰত বাচন ধোৱা আৰু কাপোৰ ধোৱা কাম কৰিছিল । মই বিয়া হৈ যোৱাৰ পাছত এই সকলোবোৰ কাম মোৰ ওপৰতে পৰিল । পুৱা চাৰি বজাতে উঠি ঘৰৰ কাম কৰাৰ লগতে বাৰজন লোকৰ বাবে খোৱাবস্তু বনাব লগীয়া হৈছিল । ইয়াৰ পিছতে মই আনৰ ঘৰৰ সকলো বাচন আৰু কাপোৰ ধুব লগীয়া হৈছিল । মোক সৰু সৰু কথাত মাৰ-পিট কৰা হৈছিল, অপমান কৰা হৈছিল । আনকি এদিন মই মূৰত তেল ঘঁহাৰ বাবেও মাৰ খাবলগীয়া হৈছিল । মোক এনেকুৱা গালি দিয়া হৈছিল যিবোৰ মই মূখলৈ আনিবও নোৱাৰোঁ ।"

অপমান, অত্যাচাৰৰ এই ধাৰা চলি থাকিল কিন্তু এই বিষয়ে তেওঁ নিজৰ পিতৃগৃহলৈ কোনো খবৰ পঠাব পৰা নাছিল । কাৰণ তেওঁক ঘৰলৈ চিঠি লিখিবলৈ দিয়া হোৱা নাছিল । বিয়াৰ ছমাহ পাছত তেওঁৰ পিতাক মহাদেৱ যেতিয়া কল্পনাৰ ঘৰলৈ আহিল তেতিয়া তেওঁ হতবাক হৈ পৰিল । তেওঁৰ মৰমৰ ছোৱালীজনীক তেওঁ চিনি পাবই পৰা নাছিল । বিপৰ্যস্ত কল্পনাক দেখি তেওঁ খঙে দুখে জৰ্জৰিত হৈ পৰিল । তেওঁ লগে লগে সিদ্ধান্ত ল'লে যে তেওঁ নিজৰ ছোৱালীক এই নৰকত থাকিবলৈ নিদিয়ে । পিছে কল্পনাৰ শহুৰৰ ঘৰৰ মানুহৰ প্ৰতিৰোধৰ সন্মূখিন হ'ল । ভীষণ কাজিয়াৰ পিছত তেওঁ সেইবাৰলৈ নিজ ঘৰলৈ গুছি গ'ল কিন্তু কেইদিনমান পিছত তেওঁ আকৌ আহিল । এইবাৰ তেওঁ আছিল পুলিচৰ পোছাকত আৰু তেওঁক বাধা দিয়াৰ সাহয় কাৰো নহ'ল । নিজৰ ছোৱালীক সেই নৰকৰপৰা উদ্ধাৰ কৰি তেওঁ অৱশেষত গাৱঁৰ ঘৰলৈ লৈ গুছি গ'ল ।

কল্পনাই ভাবিছিল যে গাৱঁলৈ উভতি অহাৰ পাছত তেওঁ অশান্তিৰপৰা মুক্তি পাব । কিন্তু প্ৰকৃততে হ'ল ওলোটাতো । গাৱঁৰ মানুহ আৰু আত্মীয়সকলে তেওঁক বিদ্ৰুপ পৰিবলৈ আৰম্ভ কৰিলে । সকলোৱে শহুৰৰ ঘৰ এৰি অহাৰ বাবে তেওঁকেই দোষাৰোপ কৰিবলৈ আৰম্ভ কৰিলে । কেৱল তেৱেঁই নহয় তেওঁৰ মাক দেউতাককো ইয়াৰ বাবে ঠাট্টা মস্কৰা কৰিবলৈ ধৰিলে সকলোৱে । এই কথাবোৰে মোক ইমানেই ব্যথিত কৰিলে যে মই আত্মহত্যাৰ সিদ্ধান্ত ল'লে ।

কল্পনাই বজাৰৰপৰা তিনি বটল কীটনাশক আনিলে আৰু নিজৰ পেহীয়েকৰ ঘৰলৈ গৈ আটাইখিনি কীটনাশক খাই পেলালে । পেহীয়েকে ঘৰলৈ আহি যেতিয়া কল্পনাৰ অৱস্থা দেখিলে তেতিয়া তেওঁ ওচৰ চুবুৰীয়াক মাতি আনি কল্পনাক হাস্পাতাললৈ লৈ গ'ল । হাস্পাতালৰ চিকিৎসকে তেওঁৰ বাচি থকাৰ সম্ভাৱনা কম বুলি কৈ তেওঁক আকোলাৰ জিলা হাস্পাতাললৈ লৈ যাবলৈ ক'লে । কিন্তু স্থানীয় থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে ক'লে যে আকোলালৈ নিবলৈ হলে থানাত গোচৰ লিখিব লাগিব আৰু ইয়াৰ ফলত কল্পনাৰ পৰিয়াল আৰু আৰক্ষী বিভাগ দুয়োৰে বদনাম হ'ব কিয়নো কল্পনাৰ পিতৃয়ে আৰক্ষী বিভাগত কাম কৰিছিল । তেওঁ স্থানীয় চিকিৎসক সকলকে শেষ চেষ্টা কৰিবলৈ ক'লে । অৱশেষত যেনিবা কল্পনা মৃত্যু মূখৰপৰা উভটি আহিল ।

কিন্তু এই ঘটনাৰ পাছত অধিক দুৰ্বিষহ হৈ পৰিল তেওঁৰ জীৱন । কাৰণ এইবাৰ সকলোৱে ক'বলৈ ধৰিলে যে আত্মহত্যাৰ চেষ্টা কৰাৰ অৰ্থ হল এয়ে যে কল্পনাৰ কিবা এটা গণ্ডগোল আছে । অৱশেষত অতীষ্ঠ হৈ কল্পনাই সিদ্ধান্ত ল'লে যে তেওঁ জীৱনৰপৰা নপলায় । তেওঁ কিবা এটা কৰিব । গাৱঁত খেতিত কাম কৰাৰ বাহিৰে বিকল্প নছিল আৰু তেওঁ সেই কাম কৰিব খোজা নাছিল সেয়েহে তেওঁ মাকক ক'লে যে তেওঁ মুম্বাইলৈ যাবলৈ বিচাৰে । কিন্তু এবাৰ আত্মহত্যাৰ চেষ্টা চলোৱা কল্পনাক মুম্বাইলৈ যাবলৈ দিবলৈ মাৰ ইচ্ছুক নাছিল । কিন্তু কল্পনাই যেতিয়া তেওঁক ক'লে যে মুম্বাইলৈ যাবলৈ নিদিলে তেওঁ ৰেলৰ আগত পৰি আত্মহত্যা কৰিব তেতিয়া মাক মান্তি হ'ল ।

"মোৰ খুডা়ই মুম্বাইত পাপড় বিক্ৰীৰ কাম কৰিছিল । তেওঁৰ বাসস্থান বৰ ভাল নাছিল আৰু তেওঁৰ দৃষ্টিশক্তিও ক্ষীণ আছইল । সেইবাবে তেওঁ নিজৰ লগত মোক ৰাখিবলৈ ভয় কৰিছিল । কিন্তু মোৰ মায়ে তেওঁক কৈছিল যে মোৰ মানসিক অৱস্থা এতিয়া ভাল নহয় আৰু মোৰ মূৰত মুম্বাইত থকাৰ ভূত লম্ভিছে । যেতিয়া মোৰ মূৰৰপৰা মুম্বাইৰ ভূতটো আঁতৰিব তেতিয়া মায়ে আহি মোক নিজে লৈ যাব । মাৰ কথাত খুড়া মান্তি হ'ল মোক ঘৰত ৰাখিবলৈ," কল্পনাই কয় । খুডা়ক কল্পনাৰ নিৰাপত্তাক লৈ চিন্তিত আছিল আৰু সেয়ে তেওঁ কল্পনাৰ থাকৰ ব্যৱস্থা এটা পৰিচিত গুজৰাটী পৰিয়ালত কৰি দিলে । সেই পৰিয়ালটোত তিনিজনী ছোৱালী আছিল আৰু কল্পনাক চতুৰ্থজনী ছোৱালীৰ দৰে তেওঁলোকে মৰমত ৰাখিবলৈ ধৰিলে ।

কল্পনা চিলাইৰ কামত পাৰ্গত আছিল আৰু সেয়েহে তেওঁ গুজৰাটী পৰিয়ালটোৰ প্ৰতিবেশী হোচিয়াৰী ( গেঞ্জী, মোজ আদিৰ প্ৰস্তুতকাৰক) কোম্পানীৰ মালিক এজনক অনুৰোধ কৰিলে তেওঁৰ প্ৰতিষ্ঠানত কাম দিবলৈ । তেওঁ কল্পনাক নিজৰ প্ৰতিষ্ঠানলৈ লৈ গ'ল আৰু মেচিনত কাম কৰিবলৈ দিলে । প্ৰথমবাৰৰ কাৰণে ইমানবোৰ মানুহৰ মাজত মেচিনত কাম কৰিবলৈ পাই কল্পনাৰ আত্মবিশ্বাস হেৰাই গ'ল । তেওঁ চাকৰিটো নাপালে যদিও বৰকৈ অৱুৰোধ কৰাত তেওঁক সুতা কটাৰ কাম এটা দিয়া হ'ল । মাহে ষাঠি টকা দৰমহাৰ এই কামটো কৰি থকা অৱস্থাতে তেওঁৰ আত্মবিশ্বাস লাহে লাহে বাঢ়ি আহিল । আজৰি সময়ত তেওঁ চিলাই মেচিনৰ খুটি নাটিবোৰ শিকিবলৈ ধৰিলে আৰু এদিন মালিকক অনুৰোধ কৰিলে তেওঁক চিলাইৰ কাম দিবলৈ । মালিকে এই অনুৰোধ মানি ল'লে আৰু তেওঁক চিলাইৰ কাম দিয়া হ'ল । দৰমহা ৬০ টকাৰপৰা বাঢ়ি ২২৫ টকা হল । জীৱনত প্ৰথম বাৰৰ কাৰণে ১০০ টকীয়া নোট চুবলৈ পালে কল্পনাই । কল্পনা যিটো গুজৰাটী পৰিয়ালত থাকিছিল সেই পৰিয়ালটোক তেওঁ নিজৰ দৰমহাৰ টকা কেইটা দিবলৈ বিচৰাত পৰিয়ালটোৰ মূৰব্বীয়ে সেই ধন লবলৈ অস্বীকাৰ কৰিলে আৰু কল্পনাক সেই ধন জমা ৰাখিবলৈ উপদেশ দিলে ।

এনে সময়তে কল্পনাৰ পৰিয়াল ভীষণ সমস্যাৰ সন্মূখীন হ'ল । কিবা কাৰণত তেওঁৰ পিতৃয়ে পুলিচৰ চাকৰিটো হেৰুৱালে আৰু ফলত চৰকাৰী আবাসো হেৰুৱালে । গোটেই পৰিয়ালটোৰ চলি থকা দিগদাৰ হৈ পৰিল । কল্পনাই সিদ্ধান্ত ল'লে তেওঁ তেওঁৰ পৰিয়ালটোক মুম্বাইলৈ লৈ আহিব । মুম্বাইত ঘৰ পোৱা সহজ নাছিল । তেওঁ কল্যাণ অঞ্চলত ৪০০ টকা জমা দি ৪০ টকাত এটা ভাড়াঘৰ ল'লে । গুজৰাটী পৰিয়ালটোৰপৰা বিদায় লৈ তেওঁ নতুন ঘৰলৈ গ'ল । গুজৰাটী পৰিয়ালটোৰ কথা সুঁৱৰি কল্পনাই কয়, "পৃথিৱীত ভাল মানুহ আজিও আছে ।"

নতুন ঘৰত কল্পনা আৰু তেওঁৰ পৰিয়াল দুখে সুখে থাকিবলৈ ল'লে । কেতিয়াবা দুবেলা দুমুঠি খাবলৈ সমস্যা হৈ গৈছিল কিন্তু তথাপি তেওঁলোক কোনোমতে চলি গৈ আছিল । কিন্তু এনে সময়তে এনে এটি ঘটনা ঘটিল যে তেওঁলোকৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ গ'ল । কল্পনাৰ ষোল্ল সোতৰ বছৰীয়া ভনীয়েক বেমাৰত পৰিল । অশেষ চেষ্টা কৰিও কল্পনাই তেওঁক বচাব নোৱাৰিলে । মৃত্য শয্যাত চটফটাই থকা ভনীয়েকে কল্পনাক "মই জীয়াই থাকিবলৈ বিচাৰোঁ । মোক বচোৱা ।" বুলি কৰা কাতৰ আনুৰোধ আজিও কল্পনাৰ কাণত বাজি থাকে । এই ঘটনাই কল্পনাৰ মনত এটা কথা সুমুৱাই দিলে যে আৰ্থিকভাৱে সবল হোৱা হলে তেওঁ নিজৰ ভনীয়েকক বচাব পাৰিলেহেতেন । ভৱিষ্যতে আকৌ কাৰোবাক তেনেকৈ হেৰুৱাবলগীয়া নহ'বৰ বাবে তেওঁ ব্যৱসায়ৰ যোগেদি আৰ্থিকভাৱে সবল হোৱাৰ সিদ্ধান্ত ল'লে ।

এইদৰে চিন্তা কৰি তেওঁ দিনে নিশাই ভাবিবলৈ ধৰিলে কি কৰা যায় । এনেতে ৰেডিঅ'ত তেওঁ এটা বিজ্ঞাপন শুনিলে । এই বিজ্ঞাপনটো আছিল ব্যৱসায়ৰ বাবে ঋণ দিয়াৰ চৰকাৰী এটা আচনিৰ । কিন্তু অৰ্ধশিক্ষিত এগৰাকী মহিলাৰ বাবে এই ঋণ লোৱাটো ইমান সহজ নাছিল । তথাপি অশেষ কষ্ট কৰি তেওঁ এই ঋণ পাবলৈ সক্ষম হ'ল । এই ঋণেৰে তেওঁ আচবাবৰ ব্যৱসায় কৰাৰ সিদ্ধান্ত ল'লে । প্ৰথমে তেওঁ ঋণৰ ধনেৰে চিলাই মেচিন কিনি কাপোৰৰ ব্যৱসায় কৰাৰ কথা ভাবিছিল যদিও পাছলৈ তেওঁ ভাবিলে যে কাপোৰৰ ব্যৱসায় কৰি দিনে খুব বেছি ৫০০ টকা উপাৰ্জন কৰাৰ বিপৰীতে আচবাবৰ ব্যৱসায় কৰিলে দিনে ১০০০ টকা পৰ্যন্ত উপাৰ্জন কৰাৰ সম্ভাৱনা আছে ।

ব্যৱসায় আৰম্ভ কৰাৰ পাছত তেওঁৰ মনলৈ এটা বৈপ্লৱিক চিন্তা আহিল । আগৰে পৰাই তেওঁ কেৱল নিজে লাভ লৈ ব্যৱসায় কৰাৰ কথা ভবা নাছিল । সুশিক্ষিত নিবনুৱা যুৱ সংগঠন নামেৰে এটা সংস্থা গঠন কৰি তেওঁ শিক্ষিত নিবনুৱাৰ বাবে কাম কৰাৰ সংকল্প ল'লে । বিভিন্ন কৰ্মশালা পাতি তেওঁ বেংক বিষয়া, চৰকাৰী বিষয়া আদিৰ সহায়ত শিক্ষিত নিবনুৱা সকলক ব্যৱসায় আৰম্ভ কৰাৰ বিষয়ে বিভিন্ন বিষয়ক বিশেষকৈ ঋণ সম্পৰ্কীয় তথ্যৰ যোগান ধৰিবলৈ আৰম্ভ কৰিলে । কল্পনাই কয়, মোক যি সময়ত ঋণ পাবৰ কাৰণে ডেৰ দুবছৰ লাগিছিল সেই সময়ত মোৰ এই কৰ্মশালা সমূহৰ সহায়ত যুৱক যুৱতীসকলে দুই তিনি মাহত ঋণ পাবলৈ ধৰিলে । ফলত তেওঁলোকৰ আৰ্থিক অৱস্থা টনকীয়াল হোৱাৰ লগতে যুৱ উশৃংখলতাও ৰোধ হোৱাত সহায়ক হ'ল ।

এই সংগঠনৰ নেতৃ হিচাপে কল্পনাৰ জনপ্ৰিয়তা আৰু খ্যাতি বাঢ়ি যাবলৈ ধৰিলে । লাহে লাহে তেওঁৰপৰা সহায় পোৱা লোকসকলৰ সংখ্যা বাঢ়ি যোৱাৰ লগতে তেওঁ সকলোৰে মাজত এগৰাকী সমাজকৰ্মী ৰূপে বিখ্যাত হৈ পৰিল । কল্পনা সকলোৰে 'কল্পনা তাই' অৰ্থাৎ কল্পনা বৰমা হৈ পৰিল । চৰকাৰী মহলতো তেওঁৰ কদৰ বাঢ়িবলৈ ধৰিলে । এনেতে এদিন তেওঁৰ ওচৰলৈ এজন মানুহ আহিল । তেওঁৰ এটুকুৰা মাটি চিলিং এক্টৰ বাবে বন্দী হৈ আছিল । মনুহজনে তেওঁক কলে যে তেওঁৰ টকাৰ খুব দৰকাৰ সেয়েহে সোণৰ দৰে এই মাটি টুকুৰা তেওঁ আঢ়ৈ লাখ টকাত বেচিব খোজে । এই মাটি টুকুৰা চিলিং এক্টৰ বাবে কোনেও কিনিব খোজা নাছিল । কল্পনাই এই মাটি টুকুৰাৰ বাবে মানুহজনক অাগতীয়াকৈ এক লাখ টকা কোনোমতে যোগাৰ কৰি দি দিলে আৰু বাকী ধনখিনি লাহে লাহে দিয়াটো ঠিক হ'ল । এই মাটিডোখৰ কিনি লৈ কল্পনাই বহু কষ্ট কৰি তাক চিলিং এক্টৰপৰা মুকলি কৰি ম্যাদী মাটিলৈ পৰিৱৰ্তিত কৰিলে । লগে লগে আঢ়ৈ লাখ টকীয়া মাটিৰ মূল্য পঞ্চাশ লাখ টকালৈ বাঢ়ি গ'ল ।

বহুমূলীয়া এটুকুৰা মাটিৰ গৰাকী হ'ল যদিও এই মাটিত নিৰ্মাণকাৰ্য কৰিবলৈ তেওঁৰ হাতত পৰ্যাপ্ত ধন নাছিল । সেয়েহে তেওঁ এজন বিল্ডাৰৰ সৈতে ৩৫-৬৫ ৰ এটা চুক্তি কৰিলে । সেই চুক্তি অনুসৰি লাভৰ ৩৫ন শতাংশ কল্পনাই লাভ কৰিব । এই চুক্তিৰপৰা কল্পনাৰ যথেষ্ট লাভ হ'ল আৰু সেইদিন ধৰি তেওঁ পাছলৈ ঘূৰি চাবলগীয়া হোৱা নাই ।

কিন্তু এই পথো মসৃণ নাছিল । মাটিৰ দাম বাঢ়ি যোৱাৰ লগে লগেই ইয়াৰ কল্পনাৰ মাটিৰ ওপৰত চকু পৰিল আণ্ডাৰৱৰ্ল্ডৰ । মাটি দখল কৰাৰ চেষ্টাৰ লগতে কল্পনাক হত্যা কৰিবলৈ ভেৰোণীয়া অপৰাধীও নিয়োগ কৰা হ'ল । আৰক্ষীয়ে এই অপৰাধীজনক কৰায়ত্ত কৰিলে যদিও নিজৰ সুৰক্ষাৰ বাবে কল্পনাই এটা ৰিভলভাৰ ৰাখিবলৈ ধৰিলে । কল্পনাই কয়, "মোৰ ৰিভলভাৰৰ গুলী শেষ নোহোৱালৈকে মোক কোনেও একো কৰিব নোৱাৰে ।"

এগৰাকী সফল বিল্ডাৰ হোৱাৰ পাছত কল্পনা লাহে লাহে আৰু আগুৱাবলৈ ধৰিলে । তেওঁ ১৯৯৯ চনত আহমেদনগৰত এটা চেনীকল ক্ৰয় কৰিলে আৰু নিজৰ কোম্পানীৰ সঞ্চালক হৈ পৰিল । 

কল্পনাৰ কাহিনীৰ এটা অন্যতম অধ্যায় তেতিয়া আৰম্ভ হ'ল যেতিয়া বন্ধ হৈ থকা কমানী টিউবছ নামৰ প্ৰতিষ্ঠানটোৰ শ্ৰমিকসকল তেওঁৰ ওচৰলৈ গ'ল বন্ধ হৈ থকা প্ৰতিষ্ঠানটো ক্ৰয় কৰি পুনৰুজ্জীৱিত কৰাৰ অনুৰোধ লৈ । ইতিমধ্যে এই কথা প্ৰচাৰ হৈ গৈছিল যে কল্পনাই যি বস্তুতে হাত দিয়ে সিয়েই সোণত পৰিণত হয় ।

কমানী টিউবছ সাাধাৰণ কোম্পানী নাছিল । মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ সৈতে সুসম্পৰ্ক থকা প্ৰসিদ্ধ উদ্যোগপতি ৰামজী হংসৰাজ কমানীয়ে প্ৰতিস্থা কৰাএই কোম্পানীটে পাৰিবাৰিক মতভেদ, কৰ্মচাৰী আৰু মালিক পক্ষৰ সংঘাত আদি বিভিন্ন কাৰণত বন্ধ হৈ পৰি আছিল । কমানী গ্ৰুপৰ দুটা কোম্পানী ইতিমধ্যে দেউলীয়া হৈ গৈছিল । কমানী মেটেলছ কৰ্মচাৰী ইউনিয়নৰ অধীন আছিল আৰু কমানী ইঞ্জিনীয়াৰি লিমিটেডক আৰ পি জি গ্ৰুপে ক্ৰয় কৰি লৈছিল । কমানী ইঞ্জিনীয়াৰিং ১৯৪৫ চনত প্ৰতিস্থা হৈছিল মহাত্মা গান্ধীৰ কথামতে । এই কোম্পানী আছিল ঐতিহাসিক । এচিয়াত প্ৰথমবাৰ বাবে বিজুলী সৰবৰাহৰ সামগ্ৰী নিৰ্মাণ কৰিছিল এই কোম্পানীটোৱে । ভাৰতীয় ৰেলৰ বৈদ্যুতিকৰণ, ভাক্ৰা নাঙ্গলৰ দৰে বৃহৎ প্ৰকল্পৰ কাৰণে ইস্পাত প্ৰস্তুত কৰা আদি কামো কৰিছিল । ১৯৬০ চনত প্ৰতিষ্ঠা হৈছিল কমানী টিউবছ । সফলতাৰ শিখৰ আৰোহণ কৰিছিল এই কোম্পানীটোৱে । কিন্তু ১৯৬৬ চনত ৰামজী কমানীৰ মৃত্যুৰ পাছত সকলো খেলিমেলি হৈ গ'ল । পাৰিবাৰিক বিবাদৰ ফলত আটাইবোৰ কোম্পানী লোকচানৰ সন্মূখিন হ'ল । কমানী টিউবছৰ বিবাদ উচ্চতম ন্যায়ালয় পালেগৈ আৰু ন্যায়ালয়ে এই কোম্পানী চলোৱাৰ দায়িত্ব দিলে শ্ৰমিক ইউনিয়নক । এয়া ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ঘটা এটা ঘটনা য'ত এটা কোম্পানী চলোৱাৰ দায়িত্ব শ্ৰমিকসকলক দিয়া হৈছিল । অৱশ্যে শ্ৰমিক ইউনিয়ন এই কোম্পানীটো চলোৱাত বিফল হ'ল আৰু ভীষণ লোকচানৰ সন্মূখিন হৈ অৱশেষত বন্ধ হৈ গ'ল । ২০০৬ চনত কল্পনা সৰোজে কোম্পানীটো হাতলৈ অনাৰ লগে লগে দিন সলনি হ'ল । কল্পনাই কয়, "মই কোম্পানীটো লোৱাৰ সময়ত লাভৰ মূখ দেখিম বুলি ভবা নাছিলো । মোৰ লক্ষ্য আছিল শ্ৰমিকসকলৰ বাবে ভাতমুঠিৰ ব্যৱস্থা কৰিব পৰা হোৱাটো ।"

এই কোম্পানীটো লোৱাৰ কল্পনাৰ সিদ্ধান্তক সকলোৱে একমূখে বলিয়ালি আখ্য দিছিল । ঔদ্যোগিক আৰু বিত্তীয় পুনৰনিৰ্মাণ বৰ্ডে এই কোম্পানীটো বিক্ৰী কৰাৰ সিদ্ধান্ত লোৱা বুলি গম পাই শ্ৰমিকসকলে কল্পনা সৰোজক এই অনুৰোধ কৰিছিল । কল্পনাই এই কোম্পানী লোৱাৰ পিছত ইয়াৰ ইতিহাস আৰু ইয়াৰ সকলো সমস্যা সম্পৰ্কে তন্ন তন্নকৈ অধ্যয়ন কৰিলে আৰু বিত্তীয় পৰামৰ্শদাতা, অভিযন্তা, বিপণন বিশেষজ্ঞৰ আদিৰ এটা দহজনীয় গোট গঠন কৰিলে । এই গোটে তেওঁক জনালে যে ১১৬ কোটি টকাৰ এক ঋণৰ বোজা এই কোম্পানীৰ ওপৰত আছে আৰু ইয়াৰ বুজন অংশ সুত আৰু জৰিমনা । এই ঋণ মাফ কৰাৰ কতৃত্ব বেংক বিষয়াসকলৰো নাই । বহু ভাবি গুণি কল্পনা সৰোজে কেন্দ্ৰীয় বিত্তমন্ত্ৰীক যোগাযোগ কৰিলে । তেওঁ বিত্তমন্ত্ৰীক কলে যে যদিহে এই ঋণ মাফ কৰা হয় তেনেহলে তেওঁ বিনিয়োগকাৰীসকলৰ ধন ঘূৰাই দিবলৈ চেষ্টা চলাব পাৰিব । কিন্তু যদিহে ঋম অনাদায়ৰ ফলত কোম্পানীটো নিলাম হৈ গলে তাৰপৰা বিনিয়োগকাৰীসকলেও একো নাপাব শ্ৰমিকসকলেও একো নাপাব । বিত্তমন্ত্ৰীয়ে তেওঁৰ কথা মনি কেৱল সুত আৰু জৰিমনাই নহয় মূল ৰাশিৰ ২৫ শতাংশও মাফ কৰি দিলে । ইয়াৰ পাছত কল্পনাই দিনে নিশাই কষ্ট কিৰ কোম্পানীটোক লাভৰ মূখ দেখুৱালে । কৰ্মচাৰীৰ বকেয়া দৰমহা, তেওঁলোকৰ ভৱিষ্য নিধিৰ ধন সকলোবোৰ দিবলৈ সক্ষম হ'ল । বিভিন্ন ন্যায়ালয়ত থকা ১৪০ টা গোচৰৰো নিস্পত্তি এটা এটাকৈ হৈ গৈ থাকিল । একাংশ ইউনিয়ন নেতাই প্ৰক্ৰিয়াটো জটিল কৰিবলৈ চেষ্টা কৰিলে যদিও কল্পনাই হেলাৰঙে তেওঁলোকক প্ৰতিহত কৰিলে ।

কমানী টিউবছৰ পুনৰ্গঠন প্ৰক্ৰিয়াৰ তদাৰকী কৰি থকা আই ডি বি আই বেংকে ২০০৬ চনত কোম্পানীটোৰ বাবে নিবিদা আহ্বান কৰিলে আৰু এই নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি কল্পনা সৰোজে কোম্পানীটো কিনি ল'লে । ইয়াৰ পাছত নতুন উৎসাহেৰে কামত লাগি তেওঁ নিৰ্ধাৰিত ৭ বছৰৰ সলনি অতি কম সময়তে বেংকৰ ঋণ পৰিশোধ কৰিলে । কৰ্মচাৰীৰ বকেয়া ধন আদায় দিবলৈ দিয়া তিনি বছৰৰ সলনি কেইমাহমানতে সেই লক্ষ্যত উপনীত হ'ল ।

কল্পনাই কোম্পানীৰ নতুন কাৰখানা ঠাণেৰ ৱাডাত আৰম্ভ কৰিলে । কমানী টিউবছৰ হেৰোৱা সন্মান ঘূৰাি আনিবলৈ তেওঁ বদ্ধপৰিকৰ হ'ল । কল্পনাই স্বীকাৰ কৰে যে তেওঁৰ চমকপ্ৰদ সাফল্যৰ আঁৰত ভাগ্যৰ হাত আছে । "মোক মাটি বেচিবলৈ অহা মানুহজনক মই চিনি নাপাইছিলো । তেওঁৰ বিষয়ে একো নাজালিছিলো । হয়তো মই তেওঁৰ ওচৰলৈ নগ'লোহেতেন । কমানীৰ শ্ৰমিকবোৰো মোৰ ওচৰলৈ আহিছিল । এইদৰে সুবিধাবোৰ সকলোৰে ওচৰলৈ নিজে নিজে নাযায় । মই সেয়েহে নিজকে ভাগ্যৱান বিবেচনা কৰোঁ । কিন্তু কেৱল ভাগ্যৰ আশাত বহি থাকিলে লাভ নাই । মোলৈ চাওক । মোৰ কি আছিল । শিক্ষা-দীক্ষা একো নথাকাকৈ মই এইখিনিলৈ আহিব পাৰিলো কৰাণ মোৰ যদি কিবা এটা কৰাৰ ইচ্ছা নাথিকিলেহেতেন তেনেহলে সুবিধা পায়ো মই একো কৰিব নাৱৰিলো হেতেন। " কল্পনাই কয় ।

কল্পনা সৰোজে বাবাচাহেব আম্বেডকাৰক অত্যন্ত শ্ৰদ্ধা কৰে । তেওঁ কয়, "মই আজি যি হৈছো সেয়া বাবাচাহেবৰ বাবেই হৈছো। তেওঁ কৈছিল যে যদি অধিকাৰ কোনোবাই নিদিয়ে তেনেহলে তাক কাঢ়ি লোৱাৰ শক্তি থাকিব লাগে । মই কওঁ যদি তোমাৰ শক্তি নাই, তুমি ভয়াতুৰ তেনেহলে তোমাৰ জীৱন অৰ্থহীন । উঠা আৰু নিজৰ অধিকাৰৰ কাৰণে যুদ্ধ কৰা ।" কল্পনাৰ চেষ্টাৰ বলতে ভাৰত চৰকাৰে লণ্ডনত বাবাচহেব আম্বেদকাৰে যিটো ঘৰত থাকি পঢ়া-শুনা কৰিছিল সেই ঘৰটো ক্ৰয় কৰে । লণ্ডনলৈ গলে কল্পনা সদায় সেই ঘৰটোলৈ এবাৰ গৈছিল । এবাৰ তেওঁ গম পালে যে সেই ঘৰটো নিলাম হোৱাৰ উপক্ৰম হৈছে । তেওঁ লগে লগে ভাৰত চৰকাৰক সজাগ কৰিলে । চৰকাৰে এই ঘৰটো ক্ৰয় কৰাৰ সিদ্ধান্ত ল'লেও সেই সময়ত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ ফলত সেই কাম আধৰুৱা হৈ থাকিল । নতুন চৰকাৰ অহাৰ পাছত প্ৰধানমন্ত্ৰী মোডীক তেওঁ পুনৰ অনুৰোধ কৰিলে সেই কাম কৰিবলৈ আৰু চৰকাৰেও ততাতৈয়াকৈ এই ব্যৱস্থা ল'লে ।

প্ৰধানমন্ত্ৰী মোডীয়ে সেই অনুৰোধ ৰক্ষা কৰাই নহয় মাৰাঠৱাড়া বিদ্যাপীঠৰ নাম আম্বেডকাৰ বিদ্যাপীঠ কৰাৰ অনুৰোধো কেই মিনিটমানতে মানি লোৱাৰ কথা শ্ৰদ্ধাৰে কয় কল্পনাই । তেওঁৰ মতে তেওঁক এখন সভাত মোডীয়ে প্ৰশংসা কৰাটো তেওঁৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ ঘটনা ।

কিন্তু কল্পনাৰ আটাইতকৈ ডাঙৰ দুখটো হল যে দেশত দলিত আৰু অন্যান্য পিছপৰা জাতিৰ অৱস্থাৰ কোনো উন্নতি নহ'ল । তেওঁ কয় যে এই ক্ষেত্ৰত কিছু সলনি হৈছে যদিও এতিয়াও বহু পৰিৱৰ্তন আহিবলৈ বাকী আছে । এইবাবেই কল্পনাই পৃথিৱী জোৰা সাফল্যৰ পাছতো মহিলা, দলিত, দৰিদ্ৰ আৰু শিশুসকলৰ বাবে কাম কৰিবলৈ এৰা নাই ।

কল্পনা সৰোজ আজি বিভিন্ন ধৰণৰ ব্যৱসায়ৰ সৈতে জড়িত । তেওঁ নিৰ্মাণ, আন্তঃগাঁঠনি, টিউবছ, খনন আদি খণ্ডৰ লগতে ছৱি নিৰ্মাণ, পৰ্যটন, কৃষি আৰু হস্পিটেলিটিৰ ক্ষেত্ৰখনতো খোপনি পুতিছে । লগতে বিমান পৰিবহণৰ ক্ষেত্ৰতো তেওঁ আগবঢ়াৰ সিদ্ধান্ত লৈছে । বিভিন্ন সন্মানৰ লগতে ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰেও তেওঁক বিভুষিত কৰিছে । দেশৰ আগশাৰীৰ উদ্যোগপতিসকলৰ তালিকাত নাম থকা কল্পনা সৰোজৰ কাহিনী নিৰাশ মনক উৎসাহ যোগোৱাৰ এক উৎস ।

কল্পনাৰ ঘনিষ্ঠ মহলৰ মতে তেওঁ মুম্বাইতে এজন আচবাব ব্যৱসায়ীৰ সৈতে দ্বিতীয় বিবাহ কৰিছিল । তেওঁলোকৰ দুটি সন্তানো আছিল কিন্তু ১৯৮৯ চনত তেওঁৰ পতিৰ মৃত্যু হয় । কল্পনাৰ ঘনিষ্ঠসকলৰ মতে কল্পনাই এই বিবাহৰ বিষয়ে কথা পাতিবলৈ ভাল নাপায় ।

কল্পনা সৰোজৰ সকলো কাম-কাজত তেওঁৰ জীয়ৰিয়ে সহায় কৰে । তেওঁ ব্ৰিটেইনৰপৰা হোটেল মেনেজমেন্ট পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে । কল্পনাৰ পুত্ৰ এজন পাইলট । কল্পনাৰ জোঁৱাকেও তেওঁৰ ব্যৱসায়ত সহায় কৰে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

এজন কুখ্যাত ড্ৰাগ মাফিয়াৰ জীৱনৰপৰা দুটামান শিক্ষা

বাট পথ নথকা এখন গাৱঁত কিয় বাস কৰে আইআইটিৰ প্ৰাক্তন অধ্যাপক আলোক সাগৰে

হাইস্কুল শিক্ষাও সমাপ্ত নকৰা উনৈশ বছৰীয়া এজন সফল উদ্যোগী

 

Dr Arvind Yadav is Managing Editor (Indian Languages) in YourStory. He is a prolific writer and television editor. He is an avid traveler and also a crusader for freedom of press. In last 19 years he has travelled across India and covered important political and social activities. From 1999 to 2014 he has covered all assembly and Parliamentary elections in South India. Apart from double Masters Degree he did his doctorate in Modern Hindi criticism. He is also armed with PG Diploma in Media Laws and Psychological Counseling . Dr Yadav has work experience from AajTak/Headlines Today, IBN 7 to TV9 news network. He was instrumental in establishing India’s first end to end HD news channel – Sakshi TV.

Related Stories