ভাৰতত ব্যৱসায় কৰিবলৈ হলে ভাৰতৰ গ্ৰাহকক বুজিব লাগিব: ভিমেক্সৰ সহ-প্ৰতিষ্ঠাপক দীপক খুৰাণা

ভাৰতত ব্যৱসায় কৰিবলৈ হলে ভাৰতৰ গ্ৰাহকক বুজিব লাগিব: ভিমেক্সৰ সহ-প্ৰতিষ্ঠাপক দীপক খুৰাণা

Saturday November 19, 2016,

2 min Read

ভাৰতত ম'বাইলৰ জগতখন সুকীয়া। ইয়াত এটা ম'বাইল এপক লাভজনকভাৱে বজাৰত এৰিবলৈ হলে কাৰ্যপ্ৰণালীও হ'ব লাগিব সুকীয়া। য়ৰ ষ্টৰীয়ে আয়োজন কৰা মবাইল স্পাৰ্কছ ২০১৬ত ভিমেক্সৰ সহ-প্ৰতিষ্ঠাপক তথা মূখ্য কাৰ্যবাহী বিষয়া দীপক খুৰানাই কয়, 

"এজন উদ্যমী হিচাপে মই বিভিন্ন উদ্যমী, ষ্টাৰ্টআপ প্ৰতিষ্ঠাতা আৰু অন্যান্য মানুহ লগ পাইছো আৰু যোৱা ছমাহত মই এটা কথা বুজিছো যে তেওঁলোকৰ বাবে বৃহত্তম প্ৰত্যাহ্বান হৈছে ভাৰতীয় গ্ৰাহকক বুজি পোৱাটো ।" 

মবাইল আৰু প্ৰযুক্তিৰ জগতখন ইমান দ্ৰুত গতিত সলনি হৈছে যে আজি যি আছে সি দুবছৰ পাছত নাইকীয়া হৈ যাব । দীপকে বিশ্বাস কৰে যে ভাৰতৰ গ্ৰাহকক বুজিবৰ কাৰণে ভাৰতক বুজাটো দৰকাৰ ।

image


তেওঁ ভাৰতক তিনিটা ভাগত ভাগ কৰে-

ভাৰত ৩- দেশৰ ৫৫ শতাংশ, ৬৫ কোটি মানুহ মানুহ, আয় ১৫০০ টকা প্ৰতি মাহ

ভাৰত ২- দেশৰ ৩০ শতাংশ, ৪৫ কোটি মানুহ, আয় ৮০০০ টকা প্ৰতি মাহ  

ভাৰত ১- দেশৰ ১৫ শতাংশ

ভাৰত এখন নিম্ন ARPU ( Average Revenue Per User) বজাৰ, মূলতঃ তৃতীয় শ্ৰেণীৰ ভাৰতখনৰ দৰে এখন বজাৰ । কিন্তু বেছিভাগ ডিজিটেল কোম্পানীয়ে প্ৰথম শ্ৰেণীৰ ভাৰতখনৰ সৰু বজাৰখনতহে মনোনিবেশ কৰে । দীপকে কয় ,

"যদি আপুনি এফ এম চি জিৰ বৃহৎ বজাৰখনলৈ চায় তেনেহলে দেখিব যে যেতিয়া তেওঁলোকে চেম্পুৰ সৰু পেকেট বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া তেওঁলোকৰ বিক্ৰী বহুগুণে বৃদ্ধি হৈ গ'ল । ম'বাইলৰ ক্ষেত্ৰটো 'চোটা ৰিচাৰ্জ' কিমান জনপ্ৰিয় হ'ল সেয়া সকলোৱে দেখিছে । তথাপিও আজিৰ বেছিভাগ ডিজিটেল কোম্পানী আৰু এপ নিৰ্মাণকাৰী প্ৰথম শ্ৰেণীৰ ভাৰতখনকলৈহে আগ্ৰহী । "

ভাৰতত ব্যৱহাৰ হোৱা ফ'নৰ কথা ব্যখ্যা কৰি তেওঁ কয় যে ৫৫ শতাংশ ভাৰতীয়ই ( ভাৰত ১) স্মাৰ্ট ফ'ন ব্যৱহাৰ কৰে । ২৩ শতাংশই ( ভাৰত ২) ১৫০০০ টকীয়া আৰু নামমাত্ৰই ( ভাৰত ১) ১৫০০০ তকৈ বেছি দামৰ ফ'ন ব্যৱহাৰ কৰে । কিন্তু বেচিভাগ এপ এই ক্ষুদ্ৰ শ্ৰেণীটোৰ বাবেহে বনোৱা হয় । 

দীপকে বিশ্বাস কৰে যে ভাৰতৰ ম'বাইল জগতখনৰ সম্ভাৱনা সমূহ মুকলি কৰাৰ অৰ্থ হ'ল মানসিকতা সলনি কৰা । আজি মাত্ৰ কেইটামান কোম্পানীয়েহে প্ৰথম শ্ৰেণীৰ ভাৰতখনৰ সিপাৰে চাবলৈ চেষ্টা কৰিছে । দীপকে কয়, 

"উদ্যমী আৰু এপ নিৰ্মাণকাৰীসকলে তৃতীয় শ্ৰেণীৰ ভাৰতখনৰ বিপুল সম্ভাৱনীয়তাৰ কথা বুজাটো দৰকাৰ । আৰু ইয়াৰ বাবে আমি এই শ্ৰেণীৰ গ্ৰাহকসকলক বুজিব লাগিব ।" 

( মবাইল স্পাৰ্কছৰ স্পনছৰসকল হৈছে- ছিকুইয়া কেপিটেল, ক্বোৱালকম ভেনচাৰছ, ভিমেক্স, শ্বপক্লুজ, মেপ মাই ইণ্ডিয়া, টাপজ' আৰু এপ ট্ৰেইনাৰ )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নৰকৰপৰা ওলাই অহা কল্পনা সৰোজ আজি দেশৰ আগশাৰীৰ উদ্যোগী

বি-মুদ্ৰাকৰণ: যিটো কথা সংবাদ মাধ্যমৰ চকুত নপৰিল

বাট পথ নথকা এখন গাৱঁত কিয় বাস কৰে আইআইটিৰ প্ৰাক্তন অধ্যাপক আলোক সাগৰ

ভাৰতৰ 'ব্ৰা কুইন' অৰ্পিতা গণেশে চলাইছে মানসিকতা সলনিৰ অভিযান