বিমুদ্ৰীকৰণ: যিটো কথা সংবাদ মাধ্যমৰ চকুত নপৰিল

বিমুদ্ৰীকৰণ: যিটো কথা সংবাদ মাধ্যমৰ চকুত নপৰিল

Friday November 18, 2016,

3 min Read

চলিত বৰ্ষৰ ২৯ আগষ্টৰ দিনা ৰিজাৰ্ভ বেংকে আওপকীয়াকৈ ইঙ্গিত দিছিল বি-মুদ্ৰাকৰণ সন্দৰ্ভত । ২০১৫-১৬ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদনত এই ইঙ্গিত আছিল । হয়তো ভাৰতীয় সংবাদ মাধ্যমৰ অৰ্থনৈতিক সাংবাদিকসকলে, বিশেষকৈ বেংকিং ক্ষেত্ৰৰ সাংবাদিকসকলে এই প্ৰতিবেদন তন্ন তন্নকৈ পঢ়ি নোচোৱাৰ ফলত এই কথা তেওঁলোকৰ চকুত নপৰিল । 

image


প্ৰতিবেদনখনৰ মুদ্ৰা প্ৰৱন্ধন ( Currency Management) শিতানৰ প্ৰথম দফাটো আৰম্ভ হৈছে এইদৰে- "২০১৫-১৬ বৰ্ষৰ ভিতৰত বেংক নোট আৰু মুদ্ৰাৰ চাহিদা নগদবিহীন লেনদেনৰ জনপ্ৰিয়তা স্বত্ত্বেও যথেষ্ট বেছি আছিল । ভাৰতীয় ৰিজাৰ্ভ বেংকে কেন্দ্ৰীয় চৰকাৰৰ লগ হৈ অধিক সুৰক্ষা ব্যৱস্থা অন্তৰ্ভূক্ত কৰি নতুন চিৰিজৰ বেংক নোট প্ৰৱৰ্তন কৰাৰ পদক্ষেপ লৈছে। বেংক নোট থলুৱাভাৱে প্ৰস্তুত কৰাৰ এটা দীৰ্ঘম্যাদী ব্যৱস্থা প্ৰৱৰ্তনৰো ব্যৱস্থা লোৱা হৈছে ।"

image


এই প্ৰতিবেদন পঢ়ক https://www.rbi.org.in/Scripts/AnnualReportPublications.aspx?Id=1181

ইয়াত মোডীয়ে ঘোষণা কৰা বি-মুদ্ৰাকৰণ সম্পৰ্কে কোনো কথা লিখা নাই যদিও আমি কব পাৰোঁ নেকি যে যি সামান্য ইঙ্গিত ইয়াত আছিল সেই ইঙ্গিত ভাৰতীয় সংবাদ মাধ্যমে বুজিবলৈ সক্ষম নহ'ল ? ই নিৰ্ভৰ কৰিব আমি বিষয়টো কোন দিশৰপৰা চাওঁ ।

ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন সমুহৰ ভাষা কেতিয়াও পোনপটীয়া নহয় । আপুনি যদি ৰিজাৰ্ভ বেংকৰ বিষয়া এজনক "এতিয়া দিন নেকি" বুলি শোধে তেওঁ হয়তো "এয়া দিন নহয় বুলি কব নোৱাৰি" বুলি উত্তৰ দিব । এতিয়া সাংবাদিক হিচাপে আপোনাৰ কাম হব এই বাক্যটোৰ অৰ্থ উদ্ধাৰ কৰা । এনেকুৱা নহয় যে আৰ বি আইৰ বিষয়াসকলে আনক সহায় কৰিবলৈ বেয়া পায় । মাত্ৰ তেওঁলোকৰ কথা বিকৃত কৰা নহওক বুলি তেওঁলোক অতিমাত্ৰা সচেতন । 

image


শেহতীয়া প্ৰতিবেদনৰ মুদ্ৰা প্ৰৱন্ধন শিতানৰ প্ৰথম দফাৰ প্ৰথম শাৰীটোতে নতুন নোটৰ কথা লিখা দেখি পঢ়োতা সজাগ হৈ যাব লাগিছিল । 

তেনেহলে কিয় এই কথাটো সকলোৰে অলক্ষিতে থাকি গ'ল ? কাৰণ এই শিতানবোৰ কোনেও নপঢ়ে কাৰণ এইবোৰ বিৰক্তিকৰ । আৰু যোৱা সপ্তাহৰ আগলৈকে এইবোৰ দিশত কেতিয়াও কাৰো আগ্ৰহ হোৱা নাছিল ।

আৰু কি কি আছে এই শিতানত ? 

ইয়াত উল্লেখ আছে যোৱা বিত্তীয় বৰ্ষৰ ৮.১ শতাংশৰ তুলনাত এই বছৰ বোংক নোটৰ পৰিমাণ আঠগুণ বৃদ্ধি হোৱাৰ কথা । ৫০০ আৰু ১০০০ টকীয় বেংকনোটে সৰ্বমুঠ প্ৰচলিত নোটৰ ৮৬.৪ শতাংশ আৰু ১০ টকীয়া আৰু ১০০ টকীয়া নোটে ৫৩ শতাংশ অধিকাৰ কৰি আছে । 

তাতোকৈ তাৎপৰ্যপূৰ্ণ হৈছে জালনোটৰ প্ৰসঙ্গত এই প্ৰতিবেদনত প্ৰকাশ পোৱা কথাখিনি । বছৰটোত ৬৩২,৯২৬ খন জাল নোট বেংকত ধৰা পৰিছিল আৰু ইয়াৰে ৯৫ শতাংশ ধৰা পৰিছিল বাণিজ্যিক বেংকত । এইবোৰ আছিল ১০০ টকীয়াৰ পৰা ১০০০ টকীয়ালৈ । 

আৰ বি আইৰ পৰিকল্পনাৰ বিষয়ে এই দফাটো পঢ়া দৰকাৰ- 

"বিশ্বৰ বিভিন্ন দেশৰ কেন্দ্ৰীয় বেংক সমূহে জালনোট ব্যৱসায়লৈ চকু ৰাখি বেংক নোট সমূহৰ সুৰক্ষা ব্যৱস্থা সমূহ সময়ে সময়ে নৱীকৰণ কৰি থাকে । ভাৰতত শেষবাৰৰ বাবে এই কাম কৰা হৈছিল ২০০৫ চনত এটা নতুন ছিৰিজৰ নোটেৰে । ইয়াত কেতবোৰ নতুন ব্যৱস্থা অন্তৰ্ভূক্ত কৰা হৈছিল । বৰ্তমান নতুন সুৰক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে আৰু আৰু নতুন আৰ্হিৰ নোট প্ৰৱৰ্তনৰ প্ৰস্তাৱ ৰখা হৈছে ।"

গতিকে আহাবছৰ আৰ বি আইৰ প্ৰতিবেদনখন ভালকৈ পঢ়াটো ভাল হ'ব !

মূল- ৰঘূ মোহন ( মেনেজিং এডিটৰ, য়'ৰ ষ্ট'ৰী )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নৰকৰপৰা ওলাই অহা কল্পনা সৰোজ আজি দেশৰ আগশাৰীৰ উদ্যোগী

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

ভাৰতীয় 'চায়ৱালী' উপমা অষ্ট্ৰেলিয়াৰ বিজনেছ ৱমেন অব দা ইয়েৰ

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম ভাৰতীয় প্ৰতিনিধি