স্কুলীয়া ছাত্ৰৰ বাবে নিজে পাছলি কটা এজন ৰজা
Sunday November 27, 2016,
1 min Read
ভূটানৰ ৰজা জিগমে ৱাংচুকে বাৰে বাৰে দেখুৱাই আহিছে যে উপদেশতকৈ আৰ্হি ভাল । তেওঁ হাতে কামে এই আদৰ্শ দেখুৱাই আহিছে । কিছুদিনৰ আগতে মংগেৰ অঞ্চলৰ এখন স্কুলত ছাত্ৰীৰ বাবে জিগমে ৱাংচুকে নিজে পাছলি কাটি থকাৰ এখন আলোকচিত্ৰ প্ৰকাশ পোৱাৰ পাছত যথেষ্ট চৰ্চিত হৈছিল । এই আলোকচিত্ৰখনে দেখুৱালে যে ড্ৰেগন ৰজা ক্ষমতাশালী হোৱাৰ লগতে অমায়িকো ।
উল্লেখযোগ্য যে অক্সফ'ৰ্ডত শিক্ষা লাভ কৰা জিগমে ৱাংচুক এজন বাস্কেটবল আৰু এলভিচ অনুগামী । ২০১১ চনত তেওঁ জেটছুন পেমাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । ৰাজকীয় দম্পতিৰ প্ৰথম সন্তান ৰাজকুমাৰ জিগমে নাঙ্গয়াল ৱাংচুকৰ জন্মৰ সময়ত হাজাৰ হাজাৰ লোকে ৰাজকুমাৰৰ জন্মদিন উদযাপন কৰিছিল ১০,৮০০০ গছপুলি ৰোপন কৰি । ভুটানৰ অধিকাংশ লোক বৌদ্ধ ধৰ্ম অনুগামী আৰু বৌদ্ধ ধৰ্মত গছ জীৱন, স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতীক । আনকি দেশৰ আইন মতেও দেশখনৰ ৬০ শতাংশ অঞ্চল সদায়েই বনাঞ্চলৰ দ্বাৰা আবৃত হৈ থাকিব লাগিব ।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
আপুনি ভাল পাব পৰা অন্যান্য কাহিনী
মানৱ সৰবৰাহৰ চিকাৰ হোৱা আনোয়াৰা আজি আন্তঃৰাষ্ট্ৰীয় শিশু অধিকাৰ কৰ্মী
এসময়ত শাক পাছলি বিক্ৰী কৰা নিতিন গডছেই ২৫ কোটি টকীয়া কোম্পানী স্থাপন কৰাৰ কাহিনী
একেলগে এভাৰেষ্ট আৰোহণ কৰা এক ভাৰতীয় দম্পতি
চৰকাৰৰপৰা সহায় নাপাই নিজেই বান্ধ সাজি লোৱা এজন কৃষক