সমাজ সচেতন এজন গ্ৰাম্য বিজ্ঞানী

সমাজ সচেতন এজন গ্ৰাম্য বিজ্ঞানী

Tuesday November 22, 2016,

2 min Read

ঝাৰখণ্ডৰ ধানবাদ জিলাৰ ছিন্দুৰপুৰৰ বাসিন্দা ৩৫ বছৰীয়া ৰুদ্ৰ নাৰায়ণ মূখাৰ্জী । তেওঁ গাৱঁত জনাজাত "গাৱঁলীয়া বিজ্ঞানী" নামেৰে । ২২ টাকৈ উদ্ভাৱনেৰে তেওঁ সমাজৰ প্ৰতি বিপুল অৰিহণা যোগাইছে ।

Image : (L) The Telegraph; (R) - The Weekend Leader

Image : (L) The Telegraph; (R) - The Weekend Leader


ৰুদ্ৰৰ পৰিয়ালত আছে তেওঁৰ পত্নী, সন্তান, পিতৃ-মাতৃ আৰু ককায়েক । অভিযন্তা পিতৃৰ দ্বাৰা অনুপ্ৰাণিত ৰুদ্ৰ শিশুকালৰপৰাই নতুন নতুন বস্তু বনোৱাত আগ্ৰহী আছিল । তেওঁ কয়, "মই কম খৰচী পদ্ধতিৰে বিভিন্ন কামৰ উপযোগী হোৱাকৈ এতিয়ালৈকে ২০-২২ টা যন্ত্ৰ নিৰ্মাণ কৰিছো । মানুহে আগতে নেদেখা অন্যান্য ৪০ টা বস্তুৰ ওপৰতো কাম কৰি আছো।" 

ৰুদ্ৰৰ আৱিষ্কাৰসমূহৰ ভিতৰত আছে এনে এবিধ হেলমেট যি দুৰ্ঘটনাগ্ৰস্ত আৰোহীৰ পৰিয়াললৈ বিপদ সংকেত প্ৰেৰণ কৰে । তেওঁ উদ্ভাৱন কৰা শিশুৰ ডায়েপাৰে প্ৰয়োজনৰ সময়ত মাতৃ-পিতৃলৈ সংকেত প্ৰেৰণ কৰে । সেইদৰে গাড়ী চুৰিৰ চেষ্টা সম্পৰ্কে মালিকক সংকেত দিয়া যন্ত্ৰও উদ্ভাৱন কৰিছে তেওঁ ।

তেওঁৰ উদ্ভাৱন সমূহ ৰাইজৰ মাজলৈ লৈ যাবলৈ ৰুদ্ৰই মেক ইন ইণ্ডিয়া, ধানবাদস্থিত চেণ্ট্ৰেল ইন্সটিটিউট অৱ মাইনিং এণ্ড ফিউৱেল ৰিচাৰ্ছ আৰু নেশ্যনেল ইন'ভেছন ফাউণ্ডেচনৰ বিষয়ববীয়াৰ কাষ চাপিছে । "তেওঁলোকে মোৰ পদ্ধতিটো বিচাৰে কিন্তু তাক নকল কৰাৰ পৰা ৰক্ষা কৰা অথবা অাৰ্থিক ক্ষতিৰূৰণ সম্পৰ্কে কোনো কথা নিদিয়ে । মোক পেটেন্টৰ দৰকাৰ কিন্তু এটা বস্তু পেটেন্ট কৰিবলৈ প্ৰায় ৮৬,০০০ টকাৰ দৰকাৰ । এয়া মোৰ বাবে অসম্ভৱ ।" তেওঁ কয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ভাৰতীয় কমাণ্ডোৰ মহিলা প্ৰশিক্ষক সীমা ৰাও

এজন ২০ টকীয়া ডাক্টৰৰ মৃত্যুত শোকস্তব্ধ কোইম্বটুৰ

এক লাখ টকাৰ পৰা ১০০ কোটি টকালৈঃঅলপীয়া মূলধনৰ ষ্টাৰ্টআপৰ চমকপ্ৰদ চফৰ

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম ভাৰতীয় প্ৰতিনিধি