ভাৰতীয় কমাণ্ডোৰ মহিলা প্ৰশিক্ষক সীমা ৰাও

ভাৰতীয় কমাণ্ডোৰ মহিলা প্ৰশিক্ষক সীমা ৰাও

Tuesday November 22, 2016,

2 min Read

৪৭ বছৰীয়া সীমা ৰাও হৈছে দেশৰ প্ৰথম আৰু একমাত্ৰ মহিলা কমাণ্ডো প্ৰশিক্ষক । ছেভেন্থ ডিগ্ৰী ব্লেকবেল্টধাৰী সীমা হৈছে এছিয়াৰ জ্যেষ্ঠতম মহিলা ব্লেকবেল্টধাৰী আৰু তেওঁ যোৱা ২০ বছৰ ধৰি ভাৰতীয় সেনাক কমাণ্ডোক প্ৰশিক্ষণ দি আহিছে ।

Images : Facebook

Images : Facebook


সীমাৰ পিতৃ ৰমাকান্ত ছিনাৰী আছিল এজন স্বাধীনতা সংগ্ৰামী । তেওঁৰ স্বামী আছিল এজন সেনা বিষয়া । সীমাই কমাণ্ডো প্ৰশিক্ষণৰ লগতে বন্দুকচালনা, পাহাৰ বগোৱা আৰু অগ্নি নিৰ্বাপনৰ বিশেষ প্ৰশিক্ষণো দিয়ে । "মোৰ দেউতাই স্বাধীনতা সংগ্ৰামৰ কাহিনী সৰুতে শুনাইছিল । কেনেবাকৈ দেশপ্ৰমেম মোৰ মাজলৈও আহিল ।" সীমাই কয় ।

ব্ৰুচ লীয়ে উদ্ভাৱন কৰা বিশেষ সমৰ কলা জিত ক্ব'ন ড'ত নিপুণ পৃথিবীৰ মাত্ৰ দহ গৰাকী মহিলাৰ অন্যতম সীমা । মিক্সড মাৰ্চিয়েল আৰ্ট বা এম এম এৰ ওপৰত নিৰ্মিত হাথাপায়ী নামৰ ছবিখনতো অভিনয় কৰিছে তেওঁ । এই ছবিখনে ২০১৪ চনত দাদাচাহেব ফাল্কে চলচিত্ৰ মহোৎসৱ জুৰীৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ।

ডেয়াৰ ( Defence Against Rape and Eve Teasing ) নামৰ এক কাৰ্যসূচীৰ যোগেদি মহিলাসকলক আত্মৰক্ষাৰ প্ৰশিক্ষণ দিছে সীমাই । এই কাৰ্যসূচী মুম্বাইত বেছ জনপ্ৰিয় । "মই ভাবো এই কাযাসূচীয়ে মহিলাসকলক মানসিক আৰু শাৰীৰিকভাৱে সুৰক্ষিত কৰে । মহিলা সবলীকৰণৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ । যিকোনো ধৰণৰ হিংসাৰ বিৰুদ্ধে ই এক সবল পদক্ষেপ ।" সীমাই কয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এজন ২০ টকীয়া ডাক্টৰৰ মৃত্যুত শোকস্তব্ধ কোইম্বটুৰ

ভি চি আৰু ষ্টাৰ্টআপৰ সম্পৰ্কৰ ভেটি কি?

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

নৰকৰপৰা ওলাই অহা কল্পনা সৰোজ আজি দেশৰ আগশাৰীৰ উদ্যোগী