ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম ভাৰতীয় প্ৰতিনিধি

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম ভাৰতীয় প্ৰতিনিধি

Sunday November 06, 2016,

2 min Read

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় আইন আয়োগৰ সদস্য হিচাপে নিৰ্বাচিত ৩৪ জন আইনজ্ঞৰ মাজত আছে এজন ভাৰতীয় । ৩৩ বছৰীয়া অনিৰুদ্ধ ৰাজপুতৰ এই নিৰ্বাচন গুৰুত্বপূৰ্ণ বিবেচিত হৈছে । ২০১৭ চনৰ জানুৱাৰীৰপৰা পাঁচ বছৰ কাৰ্যনিৰ্বাহ কৰিব এই সদস্য সকলে । পাঁচটা ভৌগোলিক মণ্ডলৰ পৰা নিৰ্বাচিত কৰা হৈছে এই সদস্য সকলক । এই মণ্ডল কেইটা হৈছে - আফ্ৰিকা, এছীয়া পেচিফিক, পূৱ ইউৰোপ, লেটিন আমেৰিকা আৰু কেৰিবিয়ান তথা পশ্চিম ইউৰোপ । উল্লেখযোগ্য যে ৰাজপুতে এছীয়া পেচিফিক অঞ্চলত সৰ্বাধিক ১৬০ টা ভোট লাভ কৰে । 

image


৭০ বছৰ পুৰণি এই সংস্থাটোলৈ নিৰ্বাচিত কনিষ্ঠতম সদস্যলকলৰ অন্যতম হৈছে ৰাজপুত । ৰাজপুতেই হৈছে এই আয়োগত সদস্যপদ লাভ কৰা প্ৰথম ভাৰতীয় । 

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আৰু বিদেশ মন্ত্ৰালয়ৰ সৈতে নিকট সম্পৰ্ক থকা এটা মহলৰ বাহিৰৰপৰা মনোনীত প্ৰথমজন অধিবক্তা । লণ্ডন স্কুল অৱ ইকনমিকছৰ প্ৰাক্তন ছাত্ৰ ৰাজপুত ভাৰতৰ আইন আয়োগে নিয়োগ কৰা এটা বিশেষ বিশেষজ্ঞ গোটৰ সদস্য আছিল । এই বিশেষজ্ঞ গোটে আদৰ্শ দ্বিপাক্ষিক বাণিজ্য চুক্তি ২০১৫ৰ ওপৰত অধ্যয়ন কৰিছিল । 

আন্তঃৰাষ্ট্ৰীয় আইনৰ এপৰত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে ৰাজপুতে । 

এছীয়া পেচিফিক গোটত ১৪৮ ভোটেৰে জাপানৰ শ্বিন্যা মুৰাছেই দ্বিতীয় স্থান লাভ কৰে । ১৪৬ টা ভোটেৰে জৰ্ডানৰ মেহমুদ হামুদ আৰু চীনৰ হুইকাং হুৱাঙে ৩য়, ১৩৬ টা ভোটেৰে কোৰিয়াৰ কি গাব পাৰ্কে ৪ৰ্থ, কাটাৰৰ আলি বিন ফেটাইছে ১২৮ টা ভোটেৰে ৫ম আৰু ভিয়েটনামৰ থাও গুয়েনে ১২০ টা ভোটেৰে ৬ষ্ঠ স্থান লাভ কৰে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কলাৰ স্নাতকসকলে কিয় ষ্টাৰ্ট-আপ আৰম্ভ কৰিব লাগে

চৰাইৰ সুবিধাৰ বাবেই ১৭ বছৰে ফটকা ফুটোৱা নাই তামিল নাডুৰ আঠখন গাঁৱৰ ৰাইজে

উদ্যোগীক সহায় কৰিবলৈ চাকৰি এৰিছিল নাগালেণ্ডৰ এই প্ৰাক্তন প্ৰৱক্তাজনে

সুধাকন্ঠৰ স্বজাতি প্ৰেম আৰু বিশ্ব প্ৰেমৰ সমন্বয়ৰ দৰ্শনে পোহৰ দেখুৱাব



    Share on
    close