এক লাখ টকাৰ পৰা ১০০ কোটি টকালৈঃঅলপীয়া মূলধনৰ ষ্টাৰ্টআপৰ চমকপ্ৰদ চফৰ

এক লাখ টকাৰ পৰা ১০০ কোটি টকালৈঃঅলপীয়া মূলধনৰ ষ্টাৰ্টআপৰ চমকপ্ৰদ চফৰ

Saturday February 06, 2016,

4 min Read

কম মূলধনেৰে আৰম্ভ কৰা ব্যৱসায়ৰ পথ কেতিয়াও মসৃণ নহয় কিন্তু সম্ভৱতঃ এয়াই আটাইতকৈ শুদ্ধ পথ।অৰ্থনীতিৰ ওপৰত একাণপটীয়াভাৱে নিবদ্ধ দৃষ্টিয়ে বহু শুদ্ধ ব্যৱসায়িক সিদ্ধান্ত লোৱাত সহায় কৰে।নিশ্চিতভাৱে ইয়াত বিকাশৰ হাৰ মন্থৰ, সৰু-সুৰা কিছুমান ঘটনা বাদ দি আমি প্ৰতিমাহে গড়ে ২০শতাংশ লাভ আদায় কৰিবলৈ সক্ষম হৈছিলো।কিন্তু এয়া আছিল বিশ্বাসযোগ্য আৰু প্ৰকৃত মূল্যভিত্তিক বিকাশ।

২০১১ চনত আমি সম্পূৰ্ণ এক লাখ টকাৰ ব্যক্তিগত পূঁজি কোম্পানীটোত বিনিয়োগ কৰিছিলো।আমি প্ৰথমে গহণাক লৈ ব্যৱসায় আৰম্ভ কৰো আৰু পৰৱৰ্তী সময়ত এই ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি পায়।এটা নিৰ্দিষ্ট ক্ষেত্ৰত বহুদিনলৈকে ব্যৱসায় কৰাৰ পিছত আমি ক্ৰমে শাৰী,চেলোৱাৰ আৰু আন পৰম্পৰাগত সাজ-পাৰত বাণিজ্যিক আওতালৈ আনো।একেখিনি গ্ৰাহকেই আমাৰ লক্ষ্য আছিল।বিক্ৰীৰ পৰা অহা লাভ পৰৱৰ্তী মাহৰ বিপণনত ব্যৱহাৰ কৰা হৈছিল।বিপণনৰ পৰা অহা আশাপ্ৰদ ফলাফল আৰু ধাৰাবাহিক প্ৰচেষ্টাই আমাৰ বিকাশত অৰিহণা যোগায় আৰু ৪বছৰলৈকে আমাৰ গতি মসৃন হৈ ৰয়।সম্প্ৰতি বিত্তীয় বৰ্ষৰ শেহলৈকে আমাৰ মুঠ আয়ে ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিব।

অনুপ নায়াৰ, সহ প্ৰতিষ্ঠাপক,Mirraw

অনুপ নায়াৰ, সহ প্ৰতিষ্ঠাপক,Mirraw


'আমি নাজানো আমি কিমান শুদ্ধ বা অশুদ্ধ কিন্তু আমি এনেদৰে সফল হৈছো।'
-অনুপ নায়াৰ, সহ-প্ৰতিষ্ঠাপক,মিৰাও

ব্যয় সংকোচন...

এয়া হৈছে আটাইতকৈ ডাঙৰ আৰু কঠিন কাম।আগৰ সময়ত ইয়াৰ অৰ্থ আছিল আপুনি সামৰি লোৱা বহু কাম যেনে সৰু ঠেক কোঠাত বহি দুটা বেলা নিজে কাম কৰা।নিজে চালুকীয়া অৱস্থাত থকাৰ বাবে অন্ততঃ আৰম্ভণীৰ বছৰটোত আমি কোনো কৰ্মচাৰীৰ দলক দৰমহা আদায় দি ৰাখিব নোৱাৰোঁ।টকাৰে কিনিব পৰা সকলো সেৱা বাদ দি বিনামূলীয়া সেৱা বিচাৰিবলগীয়া হয়, সন্ধান কৰিবলগীয়া হয় বিকল্প পথৰ।আমোদজনকভাৱে আপুনি সহজেই অনুধাৱন কৰিব পাৰে যে টকাৰে কিনিব পৰা অধিকাংশ সেৱাই প্ৰকৃততে অপ্ৰয়োজনীয় অথবা আপুনি ইয়াৰ স্থানত বিনামূলীয়া বিকল্প গ্ৰহণ কৰিব পাৰে।

এটা সময় আহে যেতিয়া আপুনি মূল্য আদায় দি সেৱা গ্ৰহণ কৰিবলগীয়া হয়। সেই পৰ্যায় তেতিয়া আহে যেতিয়া এক নিৰ্দিষ্টসংখ্যক গ্ৰাহক আমি লাভ কৰোঁ আৰু মান উন্নত কৰিবলৈ সেই সেৱা গ্ৰহণ কৰিবলগীয়া হয়।প্ৰকৃত আয়ৰ সৈতে তুলনা কৰি আমি যিকোনো সেৱাৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰিব পাৰোঁ।উদাহৰণস্বৰূপে ছমাহত যদি ৫০ জন মানুহক আমি কামত নিয়োগ কৰিবলগীয়া হয় তেতিয়াহে মূল্য আদায় দিয়া তথ্যৰ প্ৰয়োজন হয়। পূঁজিৰে পৰিচালিত যিকোনো প্ৰকল্পত যধে-মধে ক্ৰয় কৰাটো বেমাৰৰ দৰে।(“আমি উপলব্ধ সকলো তথ্যপাতি ক্ৰয় কৰা উচিত কাৰণ দ্ৰুত উৰ্ধগামী চিন্তাৰ প্ৰতিভা হ’বলৈ এয়া আৱশ্যাম্ভাৱী।” আদি চিন্তা)

সেয়েহে কোৱা হয় ষ্টাৰ্টআপত মানুহৰ বাবে বিনিয়োগ কৰাটো অতি প্ৰয়োজন।কিন্তু সমান্তৰালভাৱে আপুনি প্ৰতিজন কৰ্মচাৰীৰ বিপৰীতে বিনিয়োগ কৰিবলগীয়া ধনৰ প্ৰকৃত মূল্য অনুধাৱন কৰাটো জৰুৰী।

বজাৰত নিৰ্ধাৰিত লক্ষ্য,ব্ৰেণ্ডিঙৰ পৰা দূৰৈত থকা...

লাহে লাহে বৃদ্ধিৰ সৈতে আপোনাৰ আগত বিভিন্ন মূল্য নিৰ্ধাৰিত মাৰ্কেটিঙৰ বিকল্পই দেখা দিয়ে।আপুনি ছপা বিজ্ঞাপন, টিভি/ ৰেডিঅ’ত বিজ্ঞাপন, স্পনছৰশ্বিপ, প্ৰদৰ্শনী আদি বিভিন্ন উপায় গ্ৰহণ কৰিব পাৰে।মানুহে হয়তো আপোনাক এনেদৰেও বুজাই দিব যে এখন হৰ্ডিং দিলেই আপোনাৰ খ্যাতি 'আমাজন'ৰ দৰে ৰৈ বৈ যাব।ব্ৰেণ্ডিঙৰ যথেষ্ট প্ৰয়োজনীয়তা আছে কিন্তু আমাৰ বাবে এয়া কষ্টসাধ্য আছিল।সেইবাবে আমি ইয়াৰ পৰা নিলগত আছিলো।বিপণনৰ ক্ষেত্ৰত আমি প্ৰতিটো দিশ চালি-জাৰি চাইছিলো আৰু প্ৰথমাৱস্থাত ব্ৰেণ্ডিঙৰ ইমান প্ৰয়োজনীয়তা অহা নাছিল।আমি ব্যয় কৰা প্ৰতিটো টকাৰ হিচাপ লৈছিলো।সেইবাবে আমি আমাৰ মাৰ্কেটিং অভিযান স্তিমিত ৰাখিবলৈ বাধ্য হৈছিলো ।

অতিৰিক্ত ধনৰ অভাৱত আপুনি প্ৰতিটো সিদ্ধান্ত ভালদৰে ল’বলৈ বাধ্য হয়।আমি সৰু-সুৰা বহুতো পৰীক্ষণ চলাইছিলো আৰু সেইমতে আগবাঢ়ি গৈছিলো।ব্যৱসায়ত খোপনি সৱল হোৱাৰ পিছত এতিয়াহে আমি ব্ৰেণ্ডিঙত গুৰুত্ব প্ৰদান কৰিছো।

উৎপাদিত সামগ্ৰীত গুৰুত্ব

পিছৰ মাহৰ খৰচ টানিবলৈ যেতিয়া আপোনাৰ অতিৰিক্ত ধন নাথাকিব তেতিয়া উৎপাদিত সামগ্ৰীৰ মান বঢ়োৱাৰ বাদে আপোনাৰ হাতত আন কোনো বিকল্প নাথাকে।গ্ৰাহকৰ পচন্দ হোৱাকৈ নতুন দিশ উদ্ভাৱন কৰাৰ পৰা অনাৱিষ্কৃত বিভিন্ন ক্ষেত্ৰলৈ চকু দিব লাগিব।তথ্যৰ উপযুক্ত বিশ্লেষণ কৰি উপভোক্তাৰ আচৰণ অধ্যয়ন কৰিলেহে আপুনি সফল হ’ব পাৰিব।এই পৰিৱৰ্তন কেতিয়াবা ১০০ বাৰৰ প্ৰচেষ্টাৰ মুৰতহে আহে।

মূল লক্ষ্য হৈছে গ্ৰাহকৰ বাবে উচিত মানৰ সামগ্ৰী নিৰ্মাণ কৰা।আপোনাৰ ছাইটত যেতিয়া ৫০০০ দৰ্শনাৰ্থী আহে আৰু তাৰ পৰা আপুনি কেৱল ৫জন গ্ৰাহকহে লাভ কৰে তেতিয়া আপোনাৰ হাতত দুটা বিকল্প ৰয়।প্ৰথম আপুনি নিজৰ মাৰ্কেটিং শক্তিশালী কৰি ছাইটত ২০০০ জন দৰ্শনাৰ্থী অনাৰ ব্যৱস্থা কৰক যাতে আপোনাৰ গ্ৰাহক দহজনলৈ বৃদ্ধি পায়।দ্বিতীয়টো বিকল্প হৈছে ১০০০জন দৰ্শনাৰ্থীয়ে কি বিচাৰে যাতে আপোনাৰ গ্ৰাহকৰ সংখ্যা বঢ়াব পাৰে।দ্বিতীয় বিকল্পটোত অধিক সময়ৰ প্ৰয়োজন কিন্তু এয়া মিতব্যয়ী আৰু এই ব্যৱস্থা দীৰ্ঘস্থায়ী।

একে চিন্তাৰ সংগী...

মাৰ্কেটিঙৰ সেৱা আগবঢ়োৱা বিভিন্ন পেছাদাৰী এজেন্সীক আমি লগ ধৰিছিলো কিন্তু ইয়াৰ এটাইও আমাক সম্পূৰ্ণৰূপে সন্তুষ্ট কৰিব পৰা নাছিল।বিগ বাজেটৰ এই এজেন্সীসমূহক বজাৰে একপ্ৰকাৰ নষ্ট কৰি তুলিছিল।

আমাৰ টীম আছিল মিতব্যয়িতাৰ প্ৰতি কঠোৰভাৱে দৃষ্টি নিৱদ্ধ, সংৰচিত চিন্তাৰ ওপৰত বিশ্বাসী।যিকোনো কামৰে প্ৰধান চৰ্ত হৈছে উপযুক্ত ব্যক্তি নিৰ্বাচন।আমি বাচি উলিওৱা প্ৰতিজন ব্যক্তিয়ে সহজ আৰু ব্যয়বহুল উপায়ৰ বিপৰীতে সৰল আৰু সস্তীয়া বিকল্পৰ বিষয়ে চিন্তা কৰে।

ইয়াৰ পৰা আমি পূঁজিয়ে অনা বিকাশক বিশ্বাস নকৰাটো সূচায় নেকি? একবাৰে নহয়।যিকোনো ব্যৱসায় দ্ৰুত গতিত আগুৱাই নিবলৈ পূঁজিৰ প্ৰয়োজন।কোটি টকাৰ ব্যৱসায়িক সাম্ৰাজ্য গঢ়াৰ আমাৰ যি সপোন সেয়া পূঁজিৰ অবিহনে সম্ভৱ নহয়।কিন্তু পূঁজি গ্ৰহণ কৰাৰ পূৰ্বে আপুনি সদায় প্ৰশ্ন কৰা উচিত ইয়াৰ প্ৰয়োজনীয়তা কি? অলপীয়া মূলধনেৰে ব্যৱসায় আৰম্ভ কৰাৰ বাবে আমি আমাৰ পূঁজি কোন দিশে নিব লাগে আৰু আন আন আনুসংগিক দিশসমূহ সেয়া ভালদৰে বুজি উঠিছো।প্ৰথম এটা ব্যৱসায় গঢ়ক, প্ৰকৃত গ্ৰাহক গোটাওক আৰু নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰক।যদি প্ৰতিমাহে ২০-৩০ শতাংশ বৃদ্ধিৰ গতি আপুনি ৰাখিবলৈ সক্ষম হয় তেনেহ’লে আপুনি সফলতাৰ মুখ দেখিবই।স্ব-বহনক্ষম বিকাশেই হৈছে ব্যৱসায়ৰ প্ৰাণশক্তি।

এয়া মই দুটা কাৰণত লিখিছো-

১)পূঁজিৰ অবিহনে কোনেও ই-কমাৰ্চ ষ্টাৰ্টআপ আৰম্ভ কৰিব নোৱাৰে, ই-কমাৰ্চ ষ্টাৰ্টআপৰ ক্ষেত্ৰত প্ৰচলিত এই স্বতঃসিদ্ধ ধাৰণা ভংগ কৰিবলৈ।

২)ন-উদ্যমীসকলক প্ৰত্যাহ্বান গ্ৰহণ কৰি গ্ৰাহকক প্ৰথমে জানিবলৈ অনুপ্ৰেৰণা যোগাবলৈ।

মূল-অনুপ নায়াৰ

অনুবাদ-তুলিকা দেৱী


এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অসমীয়া জলপানক বিশ্বসভালৈ নিয়াৰ সপোন - 'ভোগালী জলপান'

চল্লিশ টকা মূলধনেৰে আৰম্ভ কৰা 'অসম প্ৰাকৃতিক উদ্যোগ' আজি এক আগশাৰীৰ ব্ৰেণ্ড

৯৯ বছৰীয়া এগৰাকী যুৱতী: গুৱাহাটীৰ অৰুণা মুখাৰ্জী

সহায়: ফেচবুকৰ মাধ্যমেৰেই গঢ়ি উঠা এক সমাজসেৱী গোট