এজন ২০ টকীয়া ডাক্টৰৰ মৃত্যুত শোকস্তব্ধ কোইম্বটুৰ

এজন ২০ টকীয়া ডাক্টৰৰ মৃত্যুত শোকস্তব্ধ কোইম্বটুৰ

Monday November 21, 2016,

2 min Read

কোইম্বটুৰৰ ড° ভি বালসুব্ৰহ্মণিয়মৰ মৃত্যুৰ পাছত দেখা গ'ল ব্যাপক জনসমূদ্ৰ । '২০ টকীয়া ডাক্টৰ' নামেৰে জনাজাত ড° ভি বালসুব্ৰহ্মণিয়মক শেষ শ্ৰদ্ধা জনাবলৈ সমবেত হল হাজাৰ হাজাৰ লোক । ৬৮ বছৰীয়া ড° ভি বালসুব্ৰহ্মণিয়ম বহু লোকৰ বাবে আছিল দেৱদূত স্বৰূপ । কাৰণ তেওঁ দীৰ্ঘদিন ধৰি কেৱল ২০ টকা মাছুল লৈ চিকিৎসা কৰি আহিছিল বহুজনৰে । 

Image : (L) - The News Minute; (R) - Covai Post

Image : (L) - The News Minute; (R) - Covai Post


নগৰৰ সিদ্ধাপুৰ অঞ্চলত এখন ক্লিনিক চলাইছিল ড° বালসুব্ৰহ্মণিয়মে । ই এছ আই চি নিগমৰপৰা অৱসৰ লোৱাৰ পাছত তেওঁ আৰম্ভ কৰিছিল এই ক্লিনিকখন । আৰম্ভণীতে তেওঁ মাত্ৰ দুটকা মাচুল লৈছিল । পাছলৈ তেওঁৰ মাচুল যেনিবা ২০ টকা হৈছিলগৈ । আনকি তেওঁ ৰোগীক বিনামূলীয়াকৈ বেজী আৰু দৰবো যোগান ধৰিছিল । 

দৈনিক ১৫০-২০০ ৰোগীৰ চিকিৎসা কৰা ড° বালসুব্ৰহ্মণিয়মে সাধাৰণ ৰোগৰ চিকিৎসা কৰাৰ লগতে ৰোগীক কম মাচুল লোৱা আন চিকিৎসকৰ ওচৰলৈও পঠাইছিল । কিছুদিন আগতে এটা সাক্ষাৎকাৰত তেওঁ কৈছিল, "মই নিজৰ পইছাৰে ক্লিনিকৰ ঘৰভাড়া আৰু অন্যান্য খৰচ বহন কৰোঁ । মোৰ কোনো সহকাৰী নাই বাবে ইয়াত কোনো অতিৰিক্ত খৰচো নাই ।"

তেওঁৰ মৃত্যুত হাজাৰ হাজাৰ লোকে তেওঁক শেষ শ্ৰদ্ধা জনায়, "তেওঁ এজন মহান ব্যক্তি আছিল । তেওঁৰ মৃত্যু আমাৰ বাবে এক ডাঙৰ ক্ষতি । তেওঁৰ নিচিনা আন এজন লোক নোলাব । আন একাংশ চিকিৎসকৰ দৰে তেওঁ ধন ঘটাৰ লক্ষ্যৰে কাম কৰা নাছিল।" অৰুণ নামৰ এজন ৰোগীয়ে কয় । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ভাৰতত ব্যৱসায় কৰিবলৈ হলে ভাৰতৰ গ্ৰাহকক বুজিব লাগিব: ভিমেক্সৰ সহ-প্ৰতিষ্ঠাপক দীপক খুৰাণা

য়'ৰ ষ্ট'ৰী #msparks 2016 ৰ দহটা উজ্জল নক্ষত্ৰ

ম'বাইল ভিত্তিক ষ্টাৰ্টআপৰ বাবে মেক মাই ট্ৰিপৰ দীপ কালৰাৰ পৰামৰ্শ

অনলাইনৰ লগতে অফলাইন ক্ষেত্ৰখনতো গুৰুত্ব দিয়ক