বৈধব্যৰ পাছত স্বামীগৃহই ত্যাগ কৰা নিধি এতিয়া সেনা বিষয়া

বৈধব্যৰ পাছত স্বামীগৃহই ত্যাগ কৰা নিধি এতিয়া সেনা বিষয়া

Friday November 25, 2016,

2 min Read

নিধি ডুবেৰ ২৫ বছৰ বয়সত তেওঁৰ স্বামী মুকেশ কুমাৰ ডুবেৰ মৃত্যু ঘটিছিল । সেনা জোৱান ডুবেৰ মৃত্যৰ সময়ত নিধি চাৰিমাহৰ অন্তঃসত্বা আছিল । কিন্তু মুকেশৰ মৃত্যুৰ দুদিন পিছতেই স্বামীগৃহৰ লোকে তেওঁক ঘৰৰপৰা উলিয়াই দিছিল । 

Image : Dainik Bhaskar

Image : Dainik Bhaskar


নিধি নিজৰ মাতৃগৃহলৈ গুছি গ'ল আৰু কেইবামাহজোৰা বিষাদগ্ৰস্ততাৰ পাছত তেওঁ সিদ্ধান্ত ললে যুঁজ দিয়াৰ । পুত্ৰ সুয়াশৰ জন্মই তেওঁক দিলে নতুন উৎসাহ । পুত্ৰক নিজ মাতৃৰ হাতত গতাই তেওঁ এম বি এ সম্পূৰ্ণ কৰিবলৈ ইন্দোৰলৈ গ'ল । ডেৰ বছৰ তেওঁ এটা কোম্পানীতো চাকৰি কৰিলে । 

স্বৰ্গগত স্বামীৰ ওপৰৱালাৰ উপদেশক্ৰমে তেওঁ চাৰ্ভিছেজ চিলেকছন বৰ্ডৰ পৰীক্ষাৰ বাবে প্ৰস্তুত হ'ল । ইয়াৰ বাবে কঠোৰ শাৰীৰিক পৰিশ্ৰমো কৰিলে তেওঁ । প্ৰতিদিনে পুৱা চাৰিবজাত উঠি পাঁচ কিলোমিটাৰ দৌৰাকে ধৰি অন্যান্য ব্যায়াম কৰিবলৈ ধৰিলে তেওঁ । দিনত তেওঁ সাগৰ অঞ্চলৰ সেনা বিদ্যালয়তো চাকৰি কৰিছিল । এই বিদ্যালয়তে সুয়াশো এজন ছাত্ৰ আছিল । নিশা তেওঁ পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ ধৰিলে । 

পাঁচবাৰ চেষ্টা কৰাৰ মূৰকত তেওঁ এছ এছ বি পৰীক্ষাত উত্তীৰ্ণ হ'ল । বৰ্তমান প্ৰশিক্ষণৰত নিধিৰ ইচ্ছা তেওঁৰ স্বামীৰ দৰেই তেওঁ সেনাবাহিনীত সেৱা আগবঢ়াই যাব ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এইগৰাকী কাশ্মীৰি মহিলাই ফুলৰ খেতিক দিছে এক নতুন ৰূপ

সন্তানৰ অসুখেই সফল উদ্যোগীত পৰিণত কৰিলে এগৰাকী মহিলাক

কল্যাণী খ’নাৰ তিনিটাকৈ দুৰ্ঘটনাই ক’ব জীৱনৰ জয়গানৰ কথা

কি কথাই নো গুগল মাউন্টেইন ভিউৰ এই দম্পতিক ভাৰতলৈ ওভটাই আনিলে